হংকঙত ৰানৱেৰ পৰা পিছলি সাগৰত পৰিল বিমান

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা। এইবাৰ ৰাণৱেৰ পৰা পিছলি সাগৰত পৰিল এখন বিমান। সোমবাৰে পুৱতি নিশা হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।ডুবাইৰ পৰা আহি থকা অৱস্থাত হংকঙত অৱতৰণ কৰাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা অনুসৰি এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখন এখন কাৰ্গো বিমান আছিল।  ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত বয়িং ৭৪৭ কাৰ্গো বিমানখনৰ এটা অংশ বিমানবন্দৰৰ কাষতে সাগৰত ডুব যোৱা দেখা গৈছে। জৰুৰীকালীন দুৱাৰখন খোলা আছিল, বিমানখনৰ পিছৰ আৰু সন্মুখৰ অংশ ভাঙি পৃথক হৈ পৰিছিল। সোমবাৰে স্থানীয় সময় অনুসৰি পুৱতি নিশা ৩:৫০ বজাত (দেওবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৫০ বজাত) সংঘটিত হয় এই দুৰ্ঘটনা। হংকঙৰ অসামৰিক বিমান পৰিবহণ বিভাগে জনোৱা মতে, অৱতৰণ কৰাৰ পিছত বিমানখন উত্তৰ ৰাণৱেৰ পৰা পিছলি সাগৰত পৰি যায়।