হংকঙক পৰাস্ত কৰি প্ৰথমবাৰলৈ স্কোৱাছ বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে স্কোৱাছ বিশ্বকাপৰ খিতাপ জয় কৰিলে ভাৰতে। হংকঙৰ বিৰুদ্ধে খেলা ফাইনেলত জ্যোৎস্না চিনাপ্পা, অভয় সিং আৰু অনাহত সিঙে ভাৰতক ঐতিহাসিক জয়ৰ নেতৃত্ব দিয়ে। ভাৰতে ৩-০ত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে স্কোৱাছ বিশ্বকাপ খিতাপ দখল কৰে। চেন্নাইত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলি ভাৰতীয় দলটোৱে উজ্জ্বল প্রদর্শন আগবঢ়াই প্রতিযোগিতাৰ ফেভাৰিট দলটোক পোনপটীয়া ছেটত পৰাস্ত কৰে। খিতাপৰ দৌৰৰ জৰিয়তে ভাৰতে ২০২৩ চনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক অতিক্ৰম কৰিছিল। অনুভৱী খেলুৱৈ জ্যোৎস্না চিনাপ্পাই উদ্বোধনী মেচত উজ্জ্বল আৰু সু-সজ্জিত প্ৰদৰ্শনেৰে ভাৰতৰ অভিযান আৰম্ভ কৰে। বিশ্বৰ ৭৯নং স্থানত থকা জ্যোৎস্নাই ৪২নম্বৰ স্থানত থকা কা য়ি লীক পৰাস্ত কৰে। তেওঁ প্রতিদ্বন্দ্বী কায়িলীক ২৩ মিনিটত ৭-৩, ২-৭, ৭-৫, ৭-১ ত পৰাস্ত কৰে। প্ৰথমখন মেচত জ্যোৎস্নাই জয়লাভ কৰাৰ পিছতে অভয় সিঙে এলেক্স লাউক ৭-১, ৭-৪, ৭-৪ ত পৰাস্ত কৰে আৰু অনাহত সিঙে টমেটো হোক ৭-২, ৭-২, ৭-৫ ত পৰাস্ত কৰে। অভয়ে বৰ্তমানৰ এছিয়ান চেম্পিয়ন এলেক্স লাউক পোনপটীয়া গেমত পৰাস্ত কৰি উজ্জ্বল প্ৰদৰ্শন কৰিছিল আৰু ভাৰতে ২-০ত অগ্রগতি লাভ কৰে। পৰৱৰ্তী মেচত অনাহত সিঙে মাত্র ১৬ মিনিটত এছিয়ান চেম্পিয়ন টমেটো হোক পৰাস্ত কৰি ভাৰতে ৩-০ত জয়লাভ কৰি খিতাপ দখল কৰে।
