সৰ্বশিক্ষা অভিযানৰ অধীনত ৰাজ্যৰ শিক্ষক আৰু শিক্ষানুষ্ঠানসমূহক নিয়মীয়াকৈ নিৰীক্ষণত ৰাখিবৰ বাবে তিনিটা এপ শুভাৰম্ভ

সৰ্বশিক্ষা অভিযানৰ অধীনত ৰাজ্যৰ শিক্ষক আৰু শিক্ষানুষ্ঠানসমূহক নিয়মীয়াকৈ নিৰীক্ষণত ৰাখিবৰ বাবে তিনিটা এপ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্ৰায় ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষক আৰু ৪৬ হাজাৰ শিক্ষানুষ্ঠান নিৰীক্ষণত ৰখাৰ বাবে অসম চৰকাৰে আন এক ডিজিটেল পদক্ষেপ গ্ৰহণ কৰিছে৷ শিক্ষক আৰু শিক্ষানুষ্ঠানৰ তথ্য নিয়মীয়াকৈ আহৰণ কৰিবৰ বাবে তিনিটা নতুন অনলাইন এপৰ শুভাৰম্ভ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষকতাৰ বৃত্তিত থাকি অন্য কাম কৰি থকা শিক্ষকলৈ সময় থাকোতেই নিজকে সংশোধন কৰিবলৈ সকীয়াই দিয়ে৷ উল্লেখযোগ্য যে সৰ্বশিক্ষা অভিযানৰ অধীনত ৰাজ্যৰ শিক্ষক আৰু শিক্ষানুষ্ঠানসমূহক নিয়মীয়াকৈ নিৰীক্ষণত ৰাখিবৰ বাবে তিনিটা এপ শুভাৰম্ভ কৰা হয়৷ টিচাৰ পাৰফৰ্মেন্স এপ্ৰাইজেল, স্কুল ইন্সপেকশ্যন আৰু স্কুল ইনফ্ৰাষ্টাকছাৰ ছাৰ্ভে নামৰ এই এপ তিনিটা শুভ উদ্বোধন কৰাৰ পাছত শিক্ষা মন্ত্ৰীজনে এক সংবাদমেলযোগে সদৰী কৰে যে ৰাজ্যত মুঠ ৩৫৩১৮ জন ঠিকাভিত্তিক শিক্ষক আছে৷ ইয়াৰে ২৬০৬৪জন সৰ্বশিক্ষাৰ অধীনত টে’ট শিক্ষক আৰু বাকী ৯২৫৪জন ষ্টেটপুল শিক্ষক৷ এই শিক্ষকসকলৰ প্ৰতি বছৰে মূল্যায়ন কৰা হয়৷ চৰকাৰী শিক্ষকসকলক কৰাৰ দৰে এই শিক্ষকসকলৰ মূল্যায়নেৰে তেওঁলোকৰ চাকৰিৰ সময়সীমা বৃদ্ধিৰ বিষয়টো জড়িত হৈ আছে৷ টিচাৰ পাৰফৰ্মেন্স এপ্ৰাইজেল নামৰ এপটোত এতিয়াৰ পৰা ঠিকাভিত্তিত শিক্ষকে প্ৰতি বছৰে স্ব-মূল্যায়ন কৰি এই এপত আপল’ড কৰিব লাগিব৷ তাৰ পাছত তেওঁৰ মূল্যায়ন প্ৰদান শিক্ষকৰ পৰা আৰম্ভ কৰি খণ্ড, জিলা, ৰাজ্যিক ভিত্তিক পুনৰীক্ষণ কৰা হ’ব৷ এই প্ৰক্ৰিয়াত প্ৰতিজন শিক্ষকৰ মূল্যায়নৰ নম্বৰ ১৫০ নম্বৰ হ’ব বুলি মন্ত্ৰীজনে সদৰী কৰে৷ আনহাতে বিদ্যালয় পৰিদৰ্শন প্ৰক্ৰিয়া কেৱল বিদ্যালয় পৰিদৰ্শকৰ পক্ষে এতিয়া সম্ভৱ হৈ থকা নাই৷ সেয়ে চৰকাৰে মন্ত্ৰীৰপৰা আৰম্ভ কৰি ক্লাষ্টাৰ পৰ্যায়লৈকে সকলোকে এতিয়া বিদ্যালয় পৰিদৰ্শন কৰাৰ বাবে দায়িত্ব দিয়া হৈছে৷ কিন্তু এই লোকসকলে বিদ্যালয় পৰিদৰ্শন কৰি কি পালে, কি নাপালে সেয়া কাকো জনাব পৰাৰ ব্যৱস্থা হোৱা নাছিল৷ সেয়ে এতিয়াৰ পৰা তেনে লোকে যিকোনো বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছত স্কুল ইন্সপেকশ্যন এপত প্ৰতিবেদন আপল’ড কৰিব পাৰিব৷ এনে কৰাৰ ফলত প্ৰতিখন বিদ্যালয়ৰ যোগাত্মক আৰু ঋণাত্মক দিশবোৰ শিক্ষা বিভাগ আৰু চৰকাৰৰ দৃষ্টিগোচৰ নিয়মীয়াকৈ হৈ থাকিব আৰু অভাৱ-অভিযোগ বা সমস্যাবোৰ সমাধানৰ বাবে এই প্ৰক্ৰিয়াই সহায় কৰিব বুলি মন্ত্ৰীজনে সদৰী কৰে৷ বহু বিদ্যালয়ে অনুকৰণীয় কাম কৰি থাকে যদিও সেয়া অন্যই গমেই নাপায়৷ এতিয়াৰ পৰা এই কামবোৰো এপৰ জৰিয়তে সকলোৱে পাব আৰু তেওঁলোকক দেখি আনেও অনুকৰণ কৰিব পাৰিব৷ একেদৰে এতিয়া বিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশ পৰীক্ষা কৰিবৰ বাবে প্ৰতি বছৰে গুণোৎসৱ পতা হয়৷ কিন্তু এই প্ৰক্ৰিয়া বছৰত মাত্ৰ এবাৰহে কৰা হয় বাবে মাজৰ সময়ছোৱাৰ বহু অভাৱৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱাকৈ থাকি যায় বুলি সদৰী কৰি মন্ত্ৰী পেগুৱে কয় যে নতুনকৈ আৰম্ভ কৰা তৃতীয়টো এপ স্কুল ইনফ্ৰাষ্টাকছাৰ ছাৰ্ভেত এতিয়াৰ পৰা নিয়মীয়াকৈ আন্তঃগাঁথনি সম্পৰ্কীয় পৰীক্ষা আৰু অভাৱবোৰৰ আৱেদন আপল’ড কৰিব পৰা হ’ব৷ প্ৰণিধানযোগ্য যে নতুনকৈ আৰম্ভ কৰা এপ তিনিটাৰ জৰিয়তে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ঠিকাভিত্তিক শিক্ষকসকলক চৰকাৰে সঠিক নিৰীক্ষণত ৰখাৰ সুবিধা হ’ব বুলি শিক্ষা মন্ত্ৰীজনে সদৰী কৰে৷ আনহাতে চৰকাৰে পূৰ্বে শিক্ষকসকলক অন্য বৃত্তিৰ সৈতে জড়িত হৈ নাথাকি কেৱল ভালদৰে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাত ব্ৰতী হোৱাৰ বাবে আহ্বান জনোৱাৰ পাছতো বহু শিক্ষকে চৰকাৰৰ আহবান আওকাণ কৰা দেখা পোৱা গৈছে বুলি সদৰী কৰি মন্ত্ৰীজনে এতিয়াৰ পৰা এই এপৰ তথ্যত সকলো কথা স্পষ্টকৈ চৰকাৰৰ দৃষ্টিগোচৰ হ’ব বুলি কয়৷ সেয়ে তেওঁ তেনে শিক্ষকক এতিয়াও সংশোধনৰ সময় আছে বুলি কৈ নিজকে সংশোধন কৰিবলৈ সকীয়াই দিয়ে৷