সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ড° অংকিতা দত্তৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতনৰ বলি হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ পক্ষত থিয় হৈছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷অংকিতা দত্তৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷এই সন্দৰ্ভত তেওঁ কয় যে,অভিযোগ তেওঁলোকৰ ভিতৰচ’ৰাত আছে।আমাক ওজৰ-আপত্তি নিদিয়ালৈ আমি সোমাব নোৱাৰোঁ।কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অসমীয়া জীয়ৰী এগৰাকীৰ সন্মান ৰক্ষা কৰিব।যেতিয়া মোৰ ওচৰত আহিব তেতিয়া মই চাম।উল্লেখযোগ্য যে অংকিতাই বিচাৰিলে সহায় কৰাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
