সৰ্বভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি প্ৰমোদ ভূঞাৰ মৃত্যু

 সৰ্বভাৰতীয় গণনাট্য সংঘৰ উপ-সভাপতি প্ৰমোদ ভূঞাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সমাজকৰ্মী,সৰ্বভাৰতীয় গণনাট্য সংঘৰ উপ সভাপতি প্ৰমোদ ভূঞাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ৷তেওঁ সহজ সৰল,অমায়িক স্বভাৱৰ ব্যক্তি আছিল৷ভূঞাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷তেওঁ বিগত ২৫ জানুৱাৰীৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল। অসম ৰাজ্যিক গৃহ নিৰ্মান পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল প্ৰমোদ ভূঞা । আনকি সৰ্বভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ উপ-সভাপতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য, হেঙেৰাবাৰী জ্যেষ্ঠ নাগৰিক মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। হেঙেৰাবাৰী হাউচিং কলনিৰ আবাসী ভূঞাই মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ, দুই কন্যা, এজন নাতি ল’ৰাকে আদি কৰি অনেক গুণমুগ্ধক এৰি যায়।