সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশৰ সভাপতি ৰমেন বৰঠাকুৰৰ নেতৃত্বত তৃণমূল কংগ্ৰেছত যোগদান গুৱাহাটীৰ কংগ্ৰেছ কৰ্মীৰ

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশৰ সভাপতি ৰমেন বৰঠাকুৰৰ নেতৃত্বত তৃণমূল কংগ্ৰেছত যোগদান গুৱাহাটীৰ কংগ্ৰেছ কৰ্মীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জয়ানগৰস্থিত সৰ্বভাৰতীয় তৃণমূল কংগ্রেছ, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ নেতৃত্বত এক যোগদান কার্য্যসূচী অনুষ্ঠিত হয়। উক্ত কার্য্যসূচীত কংগ্ৰেছ কৰ্মী তথা গুৱাহাটীৰ স্থানীয় ব্যক্তি শ্ৰী ৰবি দত্ত আৰু মৃগৰাজ দাসে তৃণমূল কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্য্যসূচীৰ সমান্তৰালকৈ আজি তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও জিলা সভাপতি তথা দলীয় নেতৃবৃন্দৰ সৈতে আগন্তুক সময়ত তৃণমূল কংগ্ৰেছৰ সাংগঠিনক কাৰ্য্যক্ৰমনিকাৰ সন্দর্ভতো এক আলোচনাত মিলিত হয় সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ। সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত তেখেতে প্রকাশ কৰে যে, ‘তৃণমূল কংগ্ৰেছৰ অসমত ভেটি দৃঢ়, অনাগত সময়ত আমি ইয়াক আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত কাম কৰি যাম। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দই দুলু আহমেদৰ নেতৃত্বত এক সাংগঠনিক কমিটি গঠন কৰিছে আৰু সেই কমিটিয়ে প্রথম পৰ্যায়ত নামনি অসমৰ কেইবাখনো জিলাত বিশাল কর্মীসভা আৰু যোগদান কাৰ্য্যসূচী ৰূপায়ন কৰিছে। আগন্তুক বিধানসভা নির্বাচন তথা পঞ্চায়ত আৰু বিটিএডি নির্বাচনতো আমি এশ শতাংশ আসনতেই প্রতিদ্বন্দিতা আগবঢ়াম। অনাগত কিছুদিনৰ ভিতৰতেই আমি আমাৰ দলৰ কাৰ্য্যক্ৰমনিকা তথা নির্দেশনা সমূহ প্রত্যেক জিলালৈ প্ৰেৰণ কৰিম। আমাৰ সম্পূর্ণ বিশ্বাস যে, আগন্তুক দিনৰ তৃণমূল কংগ্ৰেছৰ বিজেপিৰ বিকল্প শক্তি হিচাপে ৰাইজৰ কাষত থিয় দিব। “