সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখত ভাগ লোৱা শিল্পীসকললৈ প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদানৰ দৰঙৰ অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিষাণৰ অংশগ্ৰহণ

সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখত ভাগ লোৱা শিল্পীসকললৈ প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদানৰ দৰঙৰ অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিষাণৰ অংশগ্ৰহণ

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন বাকৰিতে আয়োজিত সৰ্ববৃহৎ বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পীসকললৈ প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । জিলা তথ্য আৰু জনসংযোগ বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি এই অনুষ্ঠানত সৰ্ববৃহৎ বিহু নৃত্যত অংশগ্ৰহণ কৰা দৰং জিলাৰ ২০১ গৰাকী বিহুৱা আৰু বিহুৱতীক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান কৰা হয় । আজিৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে তেওঁৰ ভাষণত কয় যে এই অভূতপূৰ্ব সৰ্ববৃহৎ বিহু নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ বিহুক বিশ্ব মঞ্চত প্ৰতিষ্ঠা কৰা বাবে বিহুৱা-বিহুৱতীসকলে আগবঢ়োৱা অৰিহণাৰ কথা ইতিহাসত সোণোৱালী আখৰৰে লিখা থাকিব। অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাতীয় সংস্কৃতিক বিশ্ব মঞ্চত প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা সংকল্পক সাকাৰ ৰূপ দিয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে বিহুৱা-বিহুৱতীসকললৈ ধন্যবাদ জ্ঞাপন কৰে । বৰ্তমান চৰকাৰে স্বাধীনতাৰ পঁয়সত্তৰ বছৰৰ পিছত অসমৰ গৌৰৱ বিহুক এইদৰে জগত সভাত তুলি ধৰাৰ বাবে কৰা প্ৰয়াসৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকী সকলোৰে ধন্যবাদৰ পাত্ৰ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত হাজাৰ-হাজাৰ বিহুৱা- বিহুৱতীৰ বিহু নৃত্য প্ৰদৰ্শনে প্ৰতিগৰাকী দৰ্শকক আবেগিক কৰি তুলিছিল বুলি মন্তব্য কৰি মন্ত্ৰী সঞ্জয় কিষাণে কয় যে জাতীয় সংস্কৃতিৰয়ে সমাজৰ ঐক্য-সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদ ৰাজিৰ সংৰক্ষণ, চৰ্চ্চা আৰু বিকাশৰ বাবে কাম কৰাটো আমাৰ সকলোৰে পবিত্ৰ কৰ্তব্য । গীণিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত বিহুৰ নাম উজলোৱা বিহুৱা-বিহুৱতীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলত নৱপ্ৰজন্মৰ মাজত বিহুনৃত্যৰ চৰ্চ্চা তথা প্ৰসাৰৰ বাবে কাম কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে ।এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে অসমৰ বিহু ভাৰতৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য তথা সম্পদৰ অমূল্য অংশ । এখন বাকৰিতে আয়োজিত সৰ্ববৃহৎ বিহু নৃত্য অনুষ্ঠানত উপস্থিত থাকি অসমবাসীক অনুপ্ৰাণিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি ৰাজ্যবাসী কৃতজ্ঞ বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে । এই অভিনৱ আৰু অভূতপূৰ্ব অনুষ্ঠানৰ জৰিয়তে বিহুক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ভূমিকাৰ কথা স্মৰণীয় হৈ ৰ’ব বুলি সাংসদ শইকীয়াই কয় । তেওঁ আজি লাভ কৰা মাননিৰ ধন যোগাত্মকভাৱে ব্যৱহাৰ কৰি নিজৰ লগতে অঞ্চলটোত আৰ্থিক উন্নয়নৰ বাবে অৰিহণা আগবঢ়াবলৈ বিহুৱা-বিহুৱতীসকলৰ প্ৰতি আহ্বান জনায় । সভাত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে দৰঙৰ বৰ্ণাঢ্য সাংস্কৃতিক সম্পদ, অঞ্চলটোত বিহুৰ বিৱৰ্তন আৰু এখন সমাজৰ সৰ্বাংগীন বিকাশত সংস্কৃতিৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ।অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে সৰুসজাইৰ ঐতিহাসিক বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে নৱ-প্ৰজন্মৰ মাজত বিহুনৃত্যৰ চৰ্চ্চা আৰু প্ৰসাৰৰ বাবে কাম কৰা উচিত বুলি বক্তব্যত প্ৰকাশ কৰে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা উপায়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে । উল্লেখযোগ্য যে অনুষ্ঠানৰ মুখ্য অতিথি সঞ্জয় কিষাণে বুটাম টিপি সৰ্ববৃহৎ বিহু নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰা দৰং জিলাৰ বিহুৱা-বিহুৱতীৰ একাউন্টত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ পদ্ধতিৰে ২৫ হাজাৰ টকাকৈ মাননি প্ৰদান কৰে । অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এনে কেইবাগৰাকী বিহুৱা-বিহুৱতীৰ হাতত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত প্ৰমাণ পত্ৰ আৰু কৌশল বিকাশ মন্ত্ৰ্যালয়ে আগবঢ়োৱা প্ৰমাণ পত্ৰ তুলি দিয়ে লগতে বাকীসকল বিহুৱা-বিহুৱতীকো মানপত্ৰ প্ৰদান কৰা হয় ।