সৰ্বনাশী বেঁকী
হে সৰ্বনাশী বেঁকী
তুমি কৰিলা ইকি!
ইপাৰ ভাঙি সিপাৰ গঢ়িলা
স্থায়ী বসতি অস্থায়ী কৰিলা
বৃহত্তৰ মইনবৰী নদীৰ গৰ্ভত
বিলীন কৰি দিলা।
মাটি ভেটি যিমান আছিল
তোমাৰ বুকুত সমূলে ভৰা
চৰ-চাপৰিত জীয়াই আছোঁ
তথাপিওঁ যেন আমি মৰা।
পকীঘৰ পকীবাৰী
সকলো খহাই নিলা
ঘৰবাৰী সকলো এৰি
আমাক যাযাবৰী কৰিলা।
যি চৰ-চাপৰিৰ মাটি দিলা
বালিয়ে আৱৰিলা
ফচল একো নাই
নহয় একো শালী
কেৱল বালিয়ে বালি।
নাই ৰাস্তা নাই ঘাট
নাই কোনো আলিবাট
খাল-বিল জান-জুৰি
চাৰিওফালে আছে আগুৰি।
হে প্ৰভু, তোমাৰ অপাৰ লীলা
অনুৰ্বৰ বালিচৰ বোৰত
অমৃত বৰ্ষণ কৰিলা
কৃষকৰ জীৱন নিৰ্বাহৰ
সুন্দৰ উপায় দিলা।