সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত আখৰা পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ 

সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত আখৰা পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত অসমৰ সাংস্কৃতিক ইতিহাসত এক সোণালী অধ্যায় ৰচনা কৰিবলৈ সাজু হোৱা বাগুৰুম্বা দহো-২০২৬ৰ চূড়ান্ত আখৰা প্ৰত্যক্ষ কৰে মুখ্যমন্ত্রী ড” হিমন্ত বিশ্ব শৰ্মাই ।  শিল্পীসকলৰ মাহজোৰা কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ শলাগ লৈ মুখ্যমন্ত্রীয়ে কয় যে মেগা বিহু আৰু ঝুমইৰৰ বিশ্বজোৰা সফলতাৰ পিছত এতিয়া বড়ো জনগোষ্ঠীৰ গৌৰৱোজ্জ্বল বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত উপস্থাপন কৰিবলৈ অসম সাজু হৈছে। আখৰাস্থলীত উপস্থিত হৈ মুখ্যমন্ত্রী ড° শর্মাই কয় যে কাইলে অনুষ্ঠিত হ’বলগীয়া এই বিশাল সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০,০০০ ৰো অধিক শিল্পীয়ে একেলগে বাগুৰুম্বা নৃত্য প্ৰদর্শন কৰি এক ইতিহাস ৰচনা কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৰিমামণ্ডিত উপস্থিতিত এই কাৰ্যসূচী উদযাপন কৰা হব।মুখ্যমন্ত্রী ড° শর্মাই কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্মুখত বাগুৰুম্বা নৃত্যত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীকে ২৫ হাজাৰ টকাকৈ সম্বৰ্ধনা জনোৱাৰ লগতে এই নৃত্যৰ প্ৰশিক্ষণ দিয়া প্রশিক্ষকসকলক ৫০ হাজাৰ টকাৰে সম্বৰ্ধনা জনোৱা হ’ব। মুখ্যমন্ত্রীয়ে কয় এই ৫ বছৰত আমি বিহু, ঝুমইৰ প্ৰদৰ্শনৰ পিছত কাইলৈ বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ’ব। অহাবাৰ দিল্লীত গৈ এই নৃত্য প্ৰদৰ্শন কৰা হ’ব। লাহে লাহে আমাৰো দৃঢ়তা বাঢ়ি গৈ আছে। গতিকে নতুন দিল্লীত গৈ এই নৃত্য প্রদর্শন কৰা হ’ব আৰু আমি আমাৰ জাতিৰ কৃষ্টি-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিম।মূল অনুষ্ঠানটোত এক আকর্ষণীয় লেজাৰ শ্ব’ও প্রদর্শন কৰা হ’ব। জনসাধাৰণে ঘৰত বহিয়েই এই ঐতিহাসিকক্ষণ উপভোগ কৰিব পৰাকৈ সমগ্ৰ কাৰ্যসূচী টেলিভিছাত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। শিল্পীসকলৰ এই সামূহিক প্রচেষ্টাই অসমৰ সংস্কৃতিক বিশ্বৰ বুকুত এক সুকীয়া পশ্চিয় দিব বুলি মুখ্যমন্ত্রীয়ে গৌৰৱ প্রকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে যিসকলে বাগুৰুম্বা নৃত্যত অংশ লৈছে, ৰাজ্য চৰকাৰে প্ৰতিগৰাকীকে এখন পার্ফর্মেঞ্চ চার্টিফিকেট আৰু স্কিল চার্টিফিকেটেৰে জিলা পর্যায়ত সম্বর্ধনা জনাব। উল্লেখ্য যে বাগুৰুম্বা এই নৃত্য প্ৰদৰ্শনৰ বাবে নেপালৰ পৰা ২৯গৰাকী, নাগালেণ্ডৰ পৰা ২৫গৰাকী, পশ্চিমবংগৰ পৰা ৫১গৰাকীকে ধৰি মুঠ ৯৬৬৭ শিল্পীয়ে অংশগ্রহণ কৰিছে। এই নৃত্যৰ প্রশিক্ষণ দিছে ২৫গৰাকী প্রশিক্ষকে আৰু ১২ গৰাকীকৈ কৰিঅ’গ্ৰাফাৰে সহযোগ কৰিছে।  এইচূড়ান্ত আখৰা পর্যবেক্ষণ কালত মুখ্যমন্ত্রীৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেবিনেট মন্ত্রী বিমল বড়া, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰৱা, চৰণ বড়ো আৰু ইউ জি ব্রহ্ম, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্রধান হৰমীত সিং প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।