সৰুসজাই ক্রীড়া প্রকল্পক ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’ নামেৰে নামকৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রসিদ্ধ ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত ৰাজ্যিক ক্রীড়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই ৰাজ্যিক ক্রীড়া দিৱসৰ অনুষ্ঠানতে সৰুসজাই ক্রীড়া প্রকল্পক ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’ নামেৰে নামকৰণ কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩৮ সংখ্যক ৰাষ্ট্ৰীয় খেলৰ পদক বিজয়ীক নিযুক্তি-পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটাও প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটা ঘোষণা কৰাৰ উপৰি ক্ৰীড়া পেন্সন আৰু খেলো ইণ্ডিয়া ২০২৫ৰ পদক বিজয়ীক আর্থিক পুৰস্কাৰ প্ৰদান কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই ১৭ বছৰ অনূর্ধ্বৰ সুব্রত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ বিজয়ী দলক সম্বৰ্ধনা জনায় আৰু খেল মহাৰণ বিষয়ক এখন গ্রন্থ উন্মোচন কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক ঐতিহাসিক দিন। মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যিক ক্রীড়া দিৱস উদযাপনৰ লগতে সৰুসজাই ক্রীড়া প্রকল্পক আজি কিংবদন্তি ক্রীড়াবিদ অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ‘অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প’ হিচাপে নামকৰণ কৰা হৈছে। অর্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰি কয় যে এইগৰাকী মহান ক্রীড়াবিদৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প নামেৰে নামকৰণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত অসমে ৩১টা পদক লাভ কৰি পুনৰবাৰ জিলিকি উঠাৰ প্ৰসংগ উল্লেখ কৰি ড০ শর্মাই কয় যে এই প্রতিযোগিতাত স্বর্ণ, ৰূপ আৰু ব্ৰঞ্জ জয়ীক ক্ৰমে ২৫ হাজাৰ, ১৫ হাজাৰ আৰু ২০ হাজাৰ টকাকৈ নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হৈছে। ৫৫ কেজিত ভাৰোত্তোলনত মুঠ ১৮৩ কেজি উত্তোলনেৰে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা আইছেংফা গগৈকো বিশেষভাৱে স্বীকৃতি প্রদান কৰা হৈছে। ইপিনে সুব্রত কাপ ফুটবলত চেম্পিয়ন হৈ ইতিহাস ৰচনা কৰা অসম দলটোৰ খেলুৱৈসকলক সভাতে সম্বর্ধনা জনোৱা হয়। মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ তৰফৰ পৰা দলটোৰ প্ৰতিগৰাকী খেলুৱৈক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। অনুষ্ঠানত অর্জুন ভোগেশ্বৰ বৰুৱা, ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ সমুদ্র গুপ্ত কাশ্যপ, এআইপিএফৰ সভাপতি কল্যাণ চৌবে, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ প্ৰমুখ্যে উচ্চপদস্থ বিষয়া আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।