সৰুসজাইত চিআৰপিএফ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ সৰুসজাই ক্রীড়া প্রকল্পত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)বাহিনীৰ ৮৭ সংখ্যক প্রতিষ্ঠা দিৱসৰ পেৰেড অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চি আৰ পি এফৰ বাৰ্ষিক পেৰেড অনুষ্ঠান দেশৰ বিভিন্ন প্রান্তত আয়োজন কৰাৰ বাবে ২০১৯ চনত কেন্দ্রীয় চৰকাৰে লোৱা সিদ্ধান্তৰ ভিত্তিতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে এইবাৰ অসমত এই অনুষ্ঠান গৌৰৱৰ বিষয়। দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চি আৰ পি এফ বাহিনী মিছাইলতকৈও ডাঙৰ শক্তি আখ্যা দি কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এই বাহিনীটোৰ কৰ্তব্য আৰু ত্যাগ অবিহনে দেশৰ একতা, সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষা সম্ভৱ নহয়। জম্মু-কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চল আৰু মাওবাদ অধ্যুষিত অঞ্চল এসময়ত বোমা, গুলী-বাৰুদ, বন্ধ, বিনাশৰ লীলাভূমি আছিল বুলি দোহাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে চি আৰ পি এফ বাহিনীৰ অৱদান সন্দৰ্ভত কয় যে দেশৰ সুৰক্ষা মজবুত কৰাৰ স্বাৰ্থতে এই বাহিনীৰ ২,২৭০ গৰাকী জোৱানে আত্মবলিদান দিলে। তাৰে ৭০০ জোবানে প্রাণ দিলে উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি স্থাপনৰ কামত, ৭৯গৰাকী জোৱানে প্রাণ দিলে অসমত। জম্মু-কাশ্মীৰত প্ৰাণ দিলে ৫৪০গৰাকী জোৱানে আৰু নক্সাল দমনৰ ক্ষেত্ৰত ৭৮০গৰাকী জোৱানে আত্মবলিদান দিলে। কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত দৃঢ়তাৰে কয় যে যেতিয়াই দেশৰ কোনোবা প্রান্তত হিংসা বা অশান্তিৰ পৰিস্থিতি হয় আৰু তাত চি আৰ পি এফ বাহিনী নিয়োজিত কৰাৰ পিচত নিশ্চিন্তে টোপনি যাব পাৰি যে, দেশৰ দুছমন পৰাজিত হোৱাটো নিশ্চিত। উল্লেখ্য যে মাওবাদ অধ্যুষিত দেশৰ ১২খন প্রদেশ অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণৰূপে মাওবাদমুক্ত হ’ব বুলি ঘোষণা কৰি কেন্দ্রীয় গৃহ মন্ত্রীয়ে কয় যে এইক্ষেত্ৰত চি আৰ পি এফ বাহিনীৰ ভূমিকা অনস্বীকার্য। প্রতিষ্ঠা দিৱসৰ এই অনুষ্ঠানৰ আৰম্ভণিতে কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীক ‘গার্ড অব অনাৰ’ প্ৰদান কৰে চি আৰ পি এফৰ জোৱানসকলে। ইয়াৰ পিচতে চি আৰ পি এফৰ কেইবাটাও বেটেলিয়নৰ জোৱানৰ অভিবাদন গ্রহণ কৰে গৃহ মন্ত্রী অমিত শ্বাহে। এই অনুষ্ঠানত চি আৰ পি এফে বিভিন্ন জটিল পৰিস্থিতিৰ মোকাবিলা কৰা, অপহৃতক উদ্ধাৰ কৰা, সন্ত্রাসবাদীৰ মোকাবিলা কৰা আদি বিভিন্ন ৰণ-কৌশল তথা সমৰকলা প্ৰদৰ্শন কৰে। ৮৭ সংখ্যক প্রতিষ্ঠা দিৱসৰ এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গৃহ মন্ত্ৰীগৰাকীয়ে ১৪ গৰাকী চি আৰ পি এফ জোৱানক সাহসিকতাৰ বাবে আৰক্ষীৰ পদক, ৫ গৰাকী জোৱানক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু ৫টা বেটেলিয়নক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে পদক প্রদান কৰে।
