সৰাফুলৰ পাপৰি – ৰুমী কলিতা দত্ত

Pc Sameera Hameed- WordPress.com

সৰাফুলৰ পাপৰি

ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ধমন,ডিব্ৰুগড়

এৰা… সতেজ ফুলহে নালাগে
সৰাফুলৰ পাপৰি এটাও নাপালোঁ,
নালাগে বাৰু তোমাৰ সেই সৰাফুল
দিয়া যদি দিবা
জীৱন ৰঙীণ কৰা এপাহ ফুল…
আদৰ নথকা ফুল নিদিবা কদাপিও
জীৱন থাকে মানে ময়ে বিলাম
চিৰ সেউজ বোল ।
নদীৰ পাৰতে গঢ়িম জীৱনৰ ঠিকনা
ফাগুন আহিলেই হ’ম উন্মনা
মদাৰৰ ফুল বুটলি লৈ
গাঁঠি থম এডাল স্মৃতিৰ মালা
ফাগুনে দিব আন এপাহ ফুল
কেতিয়াও নকৰে প্ৰতাৰণা,
পোৱা-নোপোৱাৰ হিচাপ বুটলি
সপোনৰ গোন্ধ লৈ কৰিম
উৰুখা পঁজাতেই অপেক্ষা  ।
অসম দেশত ফুলিব প্ৰকৃতি শুৱাই
সেই ফুল থাকিব প্ৰাণতে লুকাই
সুন্দৰৰ থাপনা পাতি থাকিব শিপাই।
জীৱনে হাঁহি হাঁহি পিন্ধিব সেউজী বৰণ
ফুলৰ পাহিত ঢালিব এটুপি পানী
পুৱাৰ পোহৰে আলসুৱা হৈ
আথেবেথে দিবহি পৃথিৱী ধুনীয়া কৰি।