সৰাপাতে পাতে পাতে ফাগুন নামে
ববিতা বৰঠাকুৰ,কুৰালগুৰি
ফাগুন তোমাক জনালোঁ নিমন্ত্ৰণ/তুমি আহিবা আৰু অনিবা অলেখ তোমাৰ ৰং/তাৰে ৰঙাবা মোৰ মন তোমাক জনালোঁ নিমন্ত্ৰণ” ফাগুনে এটি সেউজীয়া সপোন লৈ ধৰালৈ নামে,ধ্যান মগ্ন পৃথিবীৰ তুমি ধ্যান ভগ্ন কৰা ,স্বপ্ন মগ্ন পৃথিৱীক দিয়া ফাগুনৰ বতৰা । গীতিকাৰ অনুৰাধা দাসৰ কলমত, সুৰ-সঙ্গীত সলীল চৌধাৰী, সবিতা দাস চৌধুৰী কণ্ঠৰ এটি সুমধুৰ গীতেৰে ই যেন আমি ফাগুণক “স্বাগতম” জনাওঁ ।
প্ৰাচীন সুৰ এটি ফাগুন,উদংৰূপ ৰসত পৃথিৱীয়ে হাত বাউলি মাতে আকাশৰ কোমলতাক পলাশ,শিমলু,মদাৰৰ সেন্দুৰীয়া ৰং এটাই মনত দোল দিয়ে । সৰাপাতে চোতাল উপচে, এই সৰাপাতৰ বুকুত থাকে হাজাৰ হৰ্ষ-বিষাদৰ অভিজ্ঞতা । এদিন এই পাতবোৰেই চিৰসেউজীয়া হৈ গছৰ সৌন্দৰ্য বঢ়াইছিল । ন-কুঁহি পাতটিৰ বাবে আসন এৰি সৰাপাত আজি ঠিকনা বিহীন । সৰাপাতৰ মৰ্মৰণিত সাৰপায় কবিৰ কৰুণ ভাৱ, নাইবা বসন্তৰ কুঁহিপাতৰ স্বাগতম সঙ্গীত । সকলো হেৰুৱাই শূন্য হোৱাৰ ৰং ফাগুনৰ । ফাগুনৰ বনজুইয়ে দেহ-মন উতলা কৰে । সেইয়া অভিমানৰ সুৰ এটা কাণত বাজিছে,” অ ফাগুনৰে উতলা বা গুচি যা, গুচি যা…..”
ফাগুন অহাৰ লগে লগে আমি গীতৰ প্রেমত পৰো ।প্রেমিক গীতিকাৰে, ফাগুনক উদ্দেশ্য কৰি ক’লে,” মোৰ ফাগুন আছেহি ৰৈ/তোমাৰ কথাকে ক’বলৈ/আছেনে সময় তোমাৰ/সমীৰৰ খৱৰ শুনাৰ……” মৰম আকলুৱা প্রেমিক কবিৰ বাবে ফাগুন যেন এটি মিঠা শিহৰণ । মনবোৰ ৰিঙা হৈ পৰে এই বলিয়া ফাগুনত। আমাৰ মৰমৰ আৰু শ্ৰদ্ধাৰ কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা,”ফাগুনৰ গান’– “শুকান বতাহজাকে /পাতবোৰ উৰুৱাই নিয়ে। / ৰাংঢালি চৰাই বোৰে গছৰ ডালত পৰি নাচে,/ জুনুকাৰ জুন্ জুননিত/সাৰ পায় কুঁহিপাতে” কবিৰ মতে, ফাগুনে মায়া জানে,ৰাতিহ’লে শুকান ডালে ডালে জোন জ্বলি উঠে। এই ফাগুনতে হিয়া ভাঙি অমাতৰ মাত মাতে কৰুণ কেতেকীয়ে । কি বিচিত্ৰ এই ফাগুন । আলহী চৰাইয়ে ঘৰ বান্ধে ।বহু ৰঙীণ চৰাই খিল-খিল হাঁহিত ফাগুনৰ আকাশ বতাহ মাতাল হৈ পৰে ।
আমাৰ শ্ৰদ্ধাৰ কবি,গীতিকাৰৰ নৱকান্ত বৰুৱাৰ কলমত,” ৰঙা মদাৰৰ দুটি পাহি/সৰিল নে উৰি গল,/ সেমেকা শিলত গৈ/ ৰঙা জিঞা এটা হৈ/বহি ৰ’ল ” মদাৰৰ নিজস্বতাই কবিৰ মনত সৃষ্টিৰ সঁফুৰা বিলাই । কোনোবা এচাম চকু- চৰহাই গোন্ধ-ভাপ নোহোৱা মাদাৰ ফুলৰ লগত আমাৰ প্ৰিয়তম সুধাকণ্ঠ ভূপেনদাক ৰিজালে,সেয়েহে গীতেৰে গাই গল–” সঁচা সৰু মানুহ যদি ৰঙা মদাৰ হয়/ মদাৰৰে শিখা যদি হাতে হাতে লয় ।/ তেতিয়াহে সমাজ-আকাশ জ্যোতিৰে ভৰিব/ জ্যোতি লাগে এন্ধাৰকে নাশ কৰিবলৈ’ । ” প্ৰকৃতিৰ প্ৰতিটো উপহাৰত মাধুৰ্য আৰু সৌন্দৰ্যয় আছে । প্ৰকৃতিক বাদ দি মানৱ জীৱন অৰ্থহীন,ৰংহীন পথৰ পথিক হব লাগিব।
” পলাশৰ ৰং” কথাছবিত ভূপেনদা আৰু লতা মংগেশকাৰে সুমধুৰ গীতৰে পলাশৰ কথাকে ক’লে,” পলাশৰে ৰং কোনোনে সানিলে/ এই মিঠা সেউজ বননিত ।/ আৰু তোমাৰ কোমল চাৱনিত,/জীৱনৰে ৰং পলাশে সানিলে……” হয়, ভূপেনদাই ঠিকেই কৈছে, নীলা আকাশত আজি আউজি লৈ হালিছে জালিছে পলাশেৰে ফুল, এই পলাশ ফুল যেন ফুল নহয়,এয়া মৰমৰ জুই ।
গীতিকাৰ,সুৰকাৰ কাজল শৰ্মাৰ সুন্দৰ গীতে ফাগুনৰ কথাকে কলে,” সৰাপাতে পাতে পাতে ফাগুন নামে/পলাশৰে ৰং ৰাঙলী/ বতাহে কাণে কাণে ক’লে নহ’বা উদাস অভিমানী…” গীতিকাৰৰ সুৰতে আমিও কওঁ,” ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি,ভাল লাগে মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী…
“নাজানোঁ মন দোলে / ফাগুনৰে বা/ফুল ফুলে অ’ পলাশ শিমলু/কি ৰং ৰঙে উতলা….” নৱপ্ৰজন্মৰ মুখে মুখে জুবিনৰ সেই মিঠা মিঠা ফাগুনৰ গীতটিয়ে আনন্দ কঢ়িয়াই আনে । ফাগুনে যৌৱনৰ মাদকতা কঢ়িয়াই আনে,সেইদৰে সৰা শিমলুৰ ৰঙে,কমোৱা তুলাই ডেকা -গাভৰুৰ মন মতলীয়া কৰে,চঞ্চলা যৌৱনে ৰঙীন কৰে শিল্পী সমাজক নতুন সৃষ্টিৰ বাবে। ফাগুনৰ পছোৱাই শিহৰণ তোলে মন,মগজু আৰু হৃদয়ত, বসন্ত আহি পদূলিৰ মূৰত,বাৰে বাৰে জোকাই যায় এজাক সপোন যেন বৰষুণে, শুকান পথাৰত গোপনে লুকাই থকা বীজ সম্ভাৰে চকু মেলে প্ৰচুৰ সম্ভৱনা লৈ,ধূলিৰে উপচি থকা বাটটোৰ নতুন ৰূপত বাটৰুৱা স্বস্তিৰ নিশাহ এৰে । ফাগুন মাহৰ প্ৰথম বুধ বাৰে মিচিং সকলে” আলি আই লৃগাং” উৎসৱ আড়ৰম্বৰপূৰ্ণ ভাৱে আয়োজন কৰে, এই উৎসৱ কৃষিভিত্তিক উৎসৱ । আলি’ মানে মূল বা আলু,’ আয়ে’ ৰ অৰ্থ ফল বা গুটি,’লৃগাং’ অৰ্থ সিঁচা । এই উৎসৱত মিচিং ডেকা গাভৰুৱে লৃগাং বা গুমৰাগ নৃত্য কৰে । এই নৃত্যৰ লগত ঢোল,পেঁপা,গগনা,বৰকাঁহ, তাল আদি বাদ্য বজোৱা হয় । লোকবিশ্বাস মতে, এই নৃত্য গীতত বৰুণ দেৱতা সন্তুষ্ট হৈ গাজনি ঢেৰেকণিয়ে ধৰিত্ৰী লৈ বৰষুণ নমাই শস্য সম্ভৱা কৰি তোলে । ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে এই উৎসৱ উদ্ যাপন কৰা হয় যদিও ভিন্ন জাতি, ধৰ্ম,বৰ্ণ লোকে এই উৎসৱত অংশগ্ৰহণ কৰাত বৃহত্তৰ অসমীয়া সমাজত শান্তি,সম্প্ৰতিৰ ভাৱ অটুট ৰখাত সহায় কৰি আহিছে ।
এই ফাগুনতে হাঁহি,ধেমালি,আধ্যাত্মিক সুৰ আৰু ৰঙৰ উৎসৱ ফাকুৱা ।ৰঙা,নীলা,হালধীয়া,গুলপীয়া ৰংবোৰে মনত আনন্দৰ জোৱাৰ তোলে,ফাগুন মাহৰ পৱিত্ৰ পূৰ্ণিমাত এই “ফাকুৱা উৎসৱ/ দৌল যাত্ৰা উদ্ যাপন কৰা হয় । আয়তী সকলে সমবেত হৈ গাই,” সখী কি কৰিমে যাওঁ বৃন্দাবনে/যমুনাৰ তীৰে ফাগু খেলিম কৃষ্ণ সংগে/ ফাগু খেলে ফাগু খেলে চৈতান বনমালী/ দুই হাতে ফাগু লৈয়া খেলিছে মুৰাৰি ।।” এই সুন্দৰ উৎসৱে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজলৈ মৰম,চেনেহ ,সদ্ভাৱ,সম্প্ৰীতি, ভ্ৰাতৃত ভাৱ কঢ়িয়াই আনি এখন আৰ্দশ সমাজ গঢ়ি তোলাত সহায় কৰি আহিছে ।
দুৰ্ভাগ্যৰ বিষয় এই যে ধূলিৰ ধোঁৱাত যেন ফাগুনৰ আচল সৌন্দৰ্যয় আমি উপভোগ কৰিব পৰা নাই,চাৰিওফালে হত্যা, লুণ্ঠন,দুনীতি, কু -নীতিয়ে আমাৰ মানৱতাক গ্ৰাস কৰিব ধৰিছে । ঋতুৰ সৌন্দৰ্য বস্তুবাদৰ আগ্ৰাসন উচুপি উঠিছে । মদাৰ,পলাশ,শিমলুৰ দাম নাই বুলি বহুতে কাটি পেলাইছে । ওখ শিমলু দেখাটো যেন সৌভাগ্যৰ কথা হে হল । দাম নাথাকিলেও প্ৰকৃতিৰ প্ৰতিটো উপহাৰ অমূল্য সম্পদ। সাৰ পানী নোপোৱাকৈ বাৰীৰ চুকত ডাল ভৰি ফুলি আছে মদাৰ,পলাশ । শিমলুৰ ডালত পৰি না -না ৰঙৰ চৰাইয়ে গীত জুৰি বসন্তক আমন্ত্ৰণ কৰিছে । প্ৰকৃতিক বাদ দি কোনো সুখী হব নোৱাৰে । আমাৰ ককা- আইতাই আমাক এখন সুন্দৰ পৃথিৱীক চিনাকি কৰি দি সৰাপাতৰ দৰে গ’ল গৈ,এতিয়া আমাৰ কৰ্তব্য আৰু দায়িত্ব প্ৰকৃতিৰ সৌন্দৰ্য সুন্দৰ ৰূপত নৱপ্ৰজন্মৰ হাতত গুজি দিয়া । নিজক সংৰক্ষণ কৰা যে আমাৰ জন্মস্বত অধিকাৰ । আমি সকলোৱে গাঁওৰ বোকা মাটি,ধূলিত পৰি থকা মদাৰ,পলাশৰ গৰ্ভত লুকাই ৰখা সৃষ্টিৰ সৌন্দৰ্যৰ লগত একাত্ম হ’ব পাৰিলেহে বৰ্ণময় মন,বৰ্ণময় সময়ে সুন্দৰ ফাগুণক আমন্ত্ৰণ কৰিব ।ফাগুনৰ মায়বিনী ৰূপত সকলো যেন আপ্লুত হৈ পৰো। হয়,ফাগুন আহিছে, সেউজীয়া সম্ভৱনা লৈ ….।