সৰস্বতী পূজা বৰ্তমান কোন দিশে? – অবিনাশ বৰা

Pc Easy-Peasy.AI

সৰস্বতী পূজা বৰ্তমান কোন দিশে?

 অবিনাশ বৰা
শ্ৰেণী:- দ্বাদশ
চৰাই মাৰী ন-মাটি, গোলাঘাট

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী পূজা অসমৰ লগতে সমগ্ৰ ভাৰতত বহু যুগৰ পৰা গভীৰ ভক্তি, শ্ৰদ্ধা আৰু শালীনতাৰ সৈতে পালন কৰি অহা হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সমাজৰ বাবে এই পূজাৰ তাৎপৰ্য্য অতি গভীৰ। কিন্তু সময়ৰ লগে লগে এই পূজাৰ ৰূপ, উদ্দেশ্য আৰু মানসিকতাত কিছুমান পৰিৱর্তন অহা দেখা গৈছে । সেইবাবে আজি মনত প্ৰশ্ন উদয় হয় “সৰস্বতী পূজা বৰ্তমান কোন দিশে আগবাঢ়িছে?”

অতীতত সৰস্বতী পূজা মানে আছিল সহজতা, শুদ্ধতা আৰু শালীনতা। বিদ্যালয়-মহাবিদ্যালয়, নামঘৰ বা নিজৰ ঘৰৰ সৰু মণ্ডপত দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰাৰ্থনা কৰি বন্তি জ্বলাই শৰাই আগবঢ়াই বিনম্ৰভাৱে আশীৰ্বাদ বিচাৰিছিল। সেইদিনা বিদ্যালয়-মহাবিদ্যালয় সমূহত শৃংখলা আছিল, সকলো ছাত্ৰ-ছাত্ৰীয়ে বগা কাপোৰ বা পৰম্পৰাগত পোছাক পিন্ধিছিল। গান-বাজনা মানে আছিল ভক্তিগীত, শ্লোক পাঠ বা বীণা-তানপুৰাৰ সুৰ।

কিন্তু বৰ্তমান সময়ত বহু ঠাইত সৰস্বতী পূজাৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি যোৱা দেখা গৈছে। দেৱী পূজাৰ সলনি বহুক্ষেত্ৰত এই দিনটো ফেশ্বন শ্ব’, ফটোশ্বুট, ৰীল-ভিডিঅ’ বনোৱা, ডিজে সংস্কৃতিৰ দিন হিচাপে পৰিগণিত হৈছে। পূজাৰ মণ্ডপত ভক্তিৰ সলনি উচ্চ শব্দৰ আধুনিক সংগীত, অশালীন নৃত্য, প্ৰতিযোগিতামূলক সাজ-পোছাক পিন্ধা দেখা যায়। কিছু মহাবিদ্যালয়ত দেখা যায় সৰস্বতী পূজাৰ দিনা ফটো মাৰিবলৈ এটা ঠাই বনাই দিয়ে, কিন্তু এয়া সৰস্বতী পূজাৰ লগত কি সংগতি আছে কি প্ৰয়োজন এয়া নিৰ্মাণ কৰাৰ ? বহু ছাত্ৰ-ছাত্ৰীয়ে পূজালৈ আহে দেৱীৰ আশীৰ্বাদ ল’বলৈ নহয়, কোন কিমান বেছি ভাল দেখাইছে, কোনে কিমান ভাল কাপোৰ পিন্ধিছে সেইটো দেখুৱাবলৈ হে আহে । ইয়াৰ উপৰিও দেখা যায় সৰস্বতী পূজাৰ দিনা কিছু ছাত্ৰই বাইকৰ অত্যধিক স্পীড দি উচ্চ শব্দ উলিয়াই উদ্ভণ্ডালি কৰি পৰিৱেশ বিনষ্ট কৰা দেখা যায় ।

সৰস্বতী পূজা কেৱল এটা অনুষ্ঠান নহয়, ই আমাৰ সংস্কৃতি আৰু চিন্তাধাৰাৰ প্ৰতিফলন। আধুনিকতাৰ লগে লগে আগবঢ়াটো দোষ নহয়, কিন্তু ভক্তি আৰু শালীনতাৰ সীমা অতিক্ৰম কৰিলে আধুনিকতা অপসংস্কৃতি হৈ পৰে, আৰু অপসংস্কৃতিয়ে অনিষ্ট কৰে ।

আজিৰ ছাত্ৰ সমাজে বুজাৰ প্ৰয়োজন যে সাজ-পোছাকত শালীনতা থাকিব লাগে, উৎসৱত আনন্দৰ লগতে মৰ্যাদা বজাই ৰাখিব লাগে, দেৱী পূজাৰ মূল অৰ্থ হ’ল জ্ঞান আৰু নৈতিকতা, ফটো শ্বুট, ফেশ্বন, গান বাজনা বজোৱা, বাইকৰ উদ্ভণ্ডালি নহয় । সৰস্বতী পূজা বৰ্তমান এক সন্ধিক্ষণত থিয় হৈ আছে। যদি আমি বৰ্তমান সচেতন নহওঁ, তেন্তে এই পূজাই নিজৰ আত্মা হেৰুৱাব । আহক, আমি সকলো মিলি আধুনিকতাৰ লগে লগে সংস্কৃতি, শালীনতা আৰু ভক্তিকো সমান গুৰুত্ব দি সৰস্বতী পূজাৰ দিশলৈ পুনৰ উভতাই লৈ যাওঁ।