সৰস্বতী পূজাৰ দিনাই ১০৮ এম্বুলেঞ্চৰ খুন্দাত নিহত যুৱতী
ৰঙিলী বাৰ্ত্তাসেৱা- সৰস্বতী পূজাৰ দিনটোতে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । সৰস্বতী পূজাৰ আনন্দৰ মাজতে জীৱনদায়িনী ১০৮ এম্বুলেঞ্চৰ উদণ্ড চালকৰ বাবে কাহিলিপাৰাৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত সংঘটিত শোকাৱহ দুর্ঘটনাত এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। থিতাতে থিতাতে মৃত্যু হোৱা যুৱতীগৰাকী বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ ২৬ বছৰীয়া লুনা ভৰদ্বাজ ।আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ ২৪ বছৰীয়া এজন যুৱক । বৰ্তমান সংকটজনক অৱস্থাত GMCH ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে যুৱকজন। ভঙাগড়ৰ জিএমচিএইচৰ দিশৰ পৰা এ এছ-০১ বিজি ৬৩১৩ নম্বৰৰ ৰঙা স্কুটীৰে কাহিলিপাৰা অভিমুখে আহি আছিল। ইপিনে বিপৰীতে দিশৰ পৰা তীব্রবেগেৰে এ এছ ০১ এমচি ৯১৬৪ নম্বৰৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ এম্বুলেঞ্চখনো কাহিলিপাৰাৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ বিপৰীত দিশে থকা পাহাৰীয়া পথেৰে যাবলৈ আগবাঢ়িছিল। প্রত্যক্ষদর্শীয়ে সদৰী কৰা মতে দুয়োখন বাহনৰ মুখামুখি সংঘৰ্ষত যুৱক-যুৱতীয়ে উফৰি পৰে। মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হোৱা যুৱতীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰক্ষীৰ পৰা জানিব পৰা মতে জে বি আইন মহাবিদ্যালয়ৰ শিক্ষার্থী লুনা ভৰদ্বাজে দুদিন পাছতেই এক্সিছ বেংকৰ চাকৰিত যোগদানৰ কথা আছিল। আনহাতে ঘটনাটোত আঘাতপ্রাপ্ত যুৱকজনৰ ঘৰ গোলাঘাটৰ দেৰগাঁৱত যদিও জটিয়াত ভাৰাতীয়া হিচাপে আছিল। গুৰুতৰভাৱে আঘাতপ্রাপ্ত যুৱকজনক লগে লগেই আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে যুৱকজনৰ অৱস্থা যথেষ্ট সংকটজনক হৈ আছে। যুৱতীগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। ইপনে ভয়ানক দুর্ঘটনাটো সংঘটিত কৰিয়েই এম্বুলেঞ্চখনৰ চালকজনে পলায়ন কৰে।
