সৰস্বতী নয়ন মিলন ডাঞ্চ একাডেমী ,নাজিৰাৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

সৰস্বতী নয়ন মিলন ডাঞ্চ একাডেমী ,নাজিৰাৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰাৰ অন্যতম নৃত্য বিদ্যালয় সৰস্বতী নয়ন মিলন ডাঞ্চ একাডেমী ,নাজিৰাৰ ১১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে উলহ মালহেৰে উদযাপন কৰা হয়। পুৱা বন্তি প্ৰজ্বলনৰ পিছতেই ছাত্র-ছাত্ৰীসকলৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ আয়োজন হয়।ইয়াৰ পিছতেই সৰস্বতী নয়ন মিলন ডাঞ্চ একাডেমী ,নাজিৰাৰ সঞ্চালক তথা নৃত্যশিল্পী দীপেচ গগৈয়ে আঁতধৰা বঁটা বিতৰণী সভাত নাজিৰা আৰু শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ড০অজয়লাল বৰুৱা ,কণ্ঠশিল্পী ৰশ্মিতা লাহন, চিত্ৰশিল্পী ভাস্কৰজ্যোতি মহন্ত, চাইনী বৰগোঁহাই,সংবাদকৰ্মী সকল ক্ৰমে যদুমণি হাজৰিকা, অংশুমান দত্ত, ৰঞ্জিত সভাপণ্ডিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।উক্ত অনুষ্ঠানত জনপ্রিয় কণ্ঠশিল্পী ৰশ্মিতা লাহনে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সৰস্বতী নয়ন মিলন ডাঞ্চ একাডেমীখন ১১ বছৰে আগুৱাই নিয়াৰ ক্ষেত্রত সহায়-সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তিকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সঞ্চালক দীপেচ গগৈয়ে।