সৰস্বতী দেৱী নমস্তেসৈ নমঃ নমঃ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
আই ঐ, কাইলৈ সৰস্বতী পূজা
এতিয়ালৈ সাজু হোৱাই নাই;
কাইলৈ যে সাজি-কাচি
ধুনীয়া জনী হ’ব লাগিব ।
দু বছৰে খাটনি ধৰি,
পিতায়ে এযোৰ ধুনীয়া সাজ
দিবই নোৱাৰিলে;
দিবই বা কৰ পৰা ?
পিতাইৰ তো বিউটিৰ ডেডিৰ দৰে
মেজৰ তলেদি টকাৰ স্ৰোত নবয়??
আই ঐ, তহঁতৰ দিনেই ভাল আছিল
চকু মুদি সৱে স্তুতি গাইছিল —–
” সৰস্বতী দেৱী নমস্তেসৈ নমঃ নমঃ”
“হে দেৱী, বাগ্দেৱী,
আমি যাতে পঢ়ি -শুনি জ্ঞানী হ’ব পাৰো “
এতিয়া সৱে কয়–” হে দেৱী,বাগ্দেৱী–
-আমি যাতে ধুনীয়া জনী হ’ব পাৰো “
আই ঐ, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ ঢৌত উটি-ভাঁহি
আমি কাৰোবাৰ হাতৰ মুঠিত
পণ্য -সামগ্ৰী হোৱা নাইতো !!!