সৰলমনা জুবিনদা
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
“ চিলা চিলা চিলা মই”
আকাশত চিলাৰ দৰে উৰি ফুৰিবলৈ মন আছিল আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ ৷ কিন্তু সময়বোৰ থমকি ৰ’ল ৷ নভবা কিবা এটা হৰ্ঠাতে ঘটি গ’ল ৷ কিছুদিনৰ আগতে খানাপাৰাৰ “ৰঙিলী” অনুষ্ঠানত তেখেতে কৈছিল “ মোৰ বহুত কাম কৰিবলৈ বাকী আছে ৷” কিন্তু এয়া কি হৈ গ’ল নভবাকৈ ৷ “ ৰৈ ৰৈ বিনালে” অসমীয়া ছবিখন চাবলৈ তেখেতে সকলোকে আহ্বান জনাইছিল ৷ জুবিনদাই কেতিয়াও ভবা যে ইমান সোনকালে এনেকুৱা কিবা এটা ঘটিব ! অসমবাসীৰ বুকুত জ্বলি আছে এতিয়া একুৰা জুই ৷ সেই জুইকুৰা নুমুবালৈ কিমান সময় লাগিব কোনেও নাজানে ৷ এতিয়া সময়বোৰ স্থবিৰ হৈ পৰিছে ৷ সকলোৰে মনবোৰ যেন এতিয়া গধুৰ ৷
“ সাগৰতলিত শুবৰে মন”
সৰলমনা জুবিনদায়ে কৈছিল ——— “সাগৰৰ পানীত হেনো মানুহ নুডুবে ৷ সাগৰৰ পানীয়ে হেনো ওপৰলৈ ঠেলি পঠিয়াই ৷” কিন্তু সাগৰে নুবুজিলে জুবিনদাৰ হৃদয়ৰ গভীৰতাক ৷ সৰলমনা জুবিনদায়ে সকলোকে ভাল পাইছিল ৷ বিশ্বাস কৰিছিল সকলোকে ৷ সৰল অন্তৰৰ জুবিনদাক যিদৰে সাগৰে বিশ্বাসঘাতক কৰিলে ঠিক তেনেদৰে বিশ্বাসঘাতক কৰিলে তেওঁৰ আতাইতকৈ বিশ্বাসী মানুহে।
এটা অনুষ্ঠানত দাদায়ে কৈছিল ——
মই যিদিনা মৰিম সেইদিনা মায়াবিনী বাজিব ৷ সঁচাকৈয়ে সমগ্ৰ অসমবাসীয়ে মায়াবিনী গীতৰ মাজেৰে জুবিনদাৰ চিতাৰ আগত শেষ শ্ৰদ্ধা যাছিলে ৷ অসমবাসীৰ শিৰেশিৰে বৈ আছে জুবিনদাৰ গান ৷ তেখেতৰ দৰে এজন অভিভাৱকক হেৰুৱাই সকলোৱে যেন এক দুঃসময় পাৰ কৰিছে ৷ সময়বোৰ যেন স্তব্ধহৈ পৰিছে ৷ মানুহৰ মনবোৰ সহজ হবলৈ যে কিমানদিন লাগিব নাজানোঁ ৷
মই কাম কৰি ভাল পাওঁ ——— তেনেদৰে কোৱা একটিভ মানুহজন যেতিয়া পুষ্পসজ্জিত গাড়ীত শুই আহিছিল, সেই দৃশ্যটি আমি কোনোদিনেই আশা কৰা নাছিলোঁ ৷ঘন্টাৰ পিছত ঘন্টা ৰাষ্টাত ৰৈ সেই দৃশ্যটি দেখি মনে সহিব পৰা নাছিল ৷ বুকুখন বিষাই গৈছিল ৷
কায়িকভাৱে দাদা আমাৰ মাজত নাই যদিও তেওঁৰ ভালপোৱা কামবোৰৰ মাজেৰে , তেওঁৰ গীতৰ মাজেৰে তেওঁ মাজত সদায় আছে আৰু থাকিব ৷ জুবিনদায়ে কৈছিল —নাহৰৰ পুলি ৰুব লাগে , নাহৰ দাদাৰ বৰ প্ৰিয় ৷ কিয়নো প্ৰকৃতিক ভাল পাইছিল মানুহজনে ৷ মানুহ ভালপোৱা, প্ৰকৃতিক ভালপোৱা, জীৱ-জন্ত্তক ভালপোৱা সৰলমনা আমাৰ হাৰ্টথ্ৰব দাদা কায়িকভাৱে নোহোৱা হ’ল ৷ মনে নামানিলেও যে এয়াই সত্য ৷সত্যক মানিবই লাগিব ৷