সৰবৰহী মহিলা পদ্মনাথ গোহাঁইবৰুৱাৰ নাতিনী সবিতা বৰগোহাঁইৰ দেহাৱসান 

সৰবৰহী মহিলা পদ্মনাথ গোহাঁইবৰুৱাৰ নাতিনী সবিতা বৰগোহাঁইৰ দেহাৱসান 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰ নিবাসী অসমৰ এটি পুৰণি সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী সবিতা বৰগোঁহাইৰ কালি (২০-০৪-২০২৫) তাৰিখে পুৱা স্থানীয় এখন চিকিৎসালয়ত ৯৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।   স্কুলসমূহৰ উপপৰিদৰ্শক প্ৰয়াত মহেশ্বৰ বৰগোঁহাইৰ পত্নী বৰগোঁহাই অসমৰ স্বাধীনতা আন্দোলনৰ মুক্তিযুঁজাৰু তথা বৃটিছ আমোলৰ অসম লেজিছলেটিভ কাউঞ্চিলৰ এম এল চি (এতিয়াৰ দিনত এম এল এ) অসমগৌৰৱ প্ৰয়াত ৰোহিনীকান্ত হাতীবৰুৱাৰ একমাত্ৰ কন্যা তথা অসম সাহিত্যসভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্যকাণ্ডাৰী প্ৰয়াত পদ্মনাথ গোহাঞিবৰুৱাৰ নাতিনী আছিল । উল্লেখযোগ যে গোহাঁইবৰুৱা  নাতিনী ৰূপে তেখেতৰ ঘৰতে বাল্যকাল আৰু যৌৱনকাল অতিবাহিত কৰা সবিতা বৰগোঁহায়ে ককাকৰ সৈতে অতি ঘনিষ্ঠ ৰূপে থকা কালচোৱাত তেখেতৰ ৰচনাৱলীৰ পাণ্ডুলিপি সমূহ নিজৰ সুন্দৰ আখৰেৰে লিখি প্ৰস্তুত কৰি দিছিল। এগৰাকী অতি অমায়িক আৰু সৰবৰহী মহিলা ৰূপে জনাজাত সবিতা বৰগোহাঁই মৃত্যুৰ সময়ত তেওঁৰ পুত্ৰ ইণ্ডিয়ান অইল কৰপ’ৰেশ্যন লিমিটেড অসম অইল ডিভিজনৰ অৱসৰ প্ৰাপ্ত মহাপ্ৰৱন্ধক জীৱন্ত বৰগোঁহাই, তিনি গৰাকী কন্যা ক্ৰমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰাক্তন ঘোষিকা ডেইজী বৰগোঁহাই , অসম জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা অৱসৰপ্ৰাপ্ত আইভী গোঁহাই দাশগুপ্ত ,চিকিৎসক লাভলী গোঁহাই সান্ধু (ৰেডিঅলজিষ্ট) আৰু তিনিজন জোঁৱাইৰ লগতে নাতি আজো নাতি-নাতিনী সহ  পৰিয়ালৰ অনেক আত্মীয় ক ইহ সংসাৰত এৰি যায়।