স্মৃতি – প্ৰাণজিৎ মজুমদাৰ

স্মৃতি

প্ৰাণজিৎ মজুমদাৰ,
বনিয়াপাৰা

প্ৰত্যেক দিনে দেখোন নতুনৰ সৈতে চিনাকি হোৱা যায় কিন্তু আজিলৈ জানো কোনোবাই পুৰণিবোৰ পাহৰিব পাৰিছে? এই যে বিদ্যালয়ত থাকোঁতেই পঢ়ি অহা বিশেষ কবিতা .. “আমাৰ গাওঁ”, “পখিলা”, “লঘোণ”, “নিয়ৰ”…. পাহৰিছে জানো? শৈশৱতে পাৰ কৰি অহা দিনবোৰ পাহৰিব  পাৰিছে জানো? এই যে সৰুতেই  ক’ৰবাত পৰিছিল আৰু আঘাত পাইছিল সেই ঘটনা আজিও মনত নাই নে ? আপোনাৰ যে এজন খুব আপোন বন্ধু আছিল তেওঁ মনত নাই নে ? পাৰিছে জানো পাহৰিব ? এই যে এখন খুব আপোন মানুহৰ মুখ তেওঁ আপোনাৰ প্ৰিয়তকৈও প্ৰিয় তেওঁক পাহৰিব পাৰিছে নে? আজি কালি যে কিছুমান সৰু সৰু কথা , কিছুমান বিশেষ প্ৰিয় কাহিনী জোৰকৈ পাহৰিব চেষ্টা কৰা হয় , কিন্তু কিয়?   কিছুমান বিশেষ পৃষ্ঠা পাহৰাৰ বাবে কিয় চেষ্টা কৰোঁ ?কিছুমান কথা জোৰকৈ পাহৰিব লাগে হেনো!! মনত সাঁচি ৰাখিলে কষ্ট হয় হেনো!!  নতুনকৈ নতুনৰ সৃষ্টি নহয় হেনো!! সচাঁকৈ কেতিয়াবা কিছুমান কথা জোৰকৈ পাহৰিব চেষ্টা কৰাও যায় ।। পিছে….. সফল হোৱাহে নাযায়! থাকক দিয়কচোন বিশেষ হৈয়ে ৰৈ যাওক ,আমি তাক বিশেষ কৰিয়ে সজাই ৰাখোঁ দিয়ক। এনে কিছুমান জীৱনৰ পৃষ্ঠা থাকে আমি নজনাকৈয়ে বিশেষ হৈ ৰৈ যায়…. আমাক নতুন নালাগে দিয়ক আমি আমাৰ পুৰণিৰ সৈতেই নতুন সজাম!! একো নহয় দিয়ক ,আমি আমাৰ কষ্টবোৰেৰেই আমাক জীয়াই ৰাখিম। নালাগে দিয়ক, থাকক দিয়কচোন তেনেকৈয়ে , পিছলৈ সেই সময়খিনি হাঁহি হাঁহি অথবা কান্দি কান্দি সুৱঁৰিব পাৰিম !!