স্মৃতিৰ মণিকোঠাত
স্বাগতা বৰুৱা গোস্বামী
নিৰিবিলি আবেলি পৰত
পৰে জানো মোলৈ মনত….
পৰে পৰে মোৰ যে লুকিলৈ বহুত মনত পৰে বুলি দুধাৰি চকুলো নিগৰোৱা কথাবোৰ বৰ্তমান স্মৃতিৰ মণিকোঠাত।আজি কিছুদিনৰ পৰা স্মৃতিবোৰে বৰকৈ আমনি কৰি লৈ গৈছে অতীতলৈ।আমি যৌথ পৰিয়াল নাছিলো যদিও বৰদেউতাহঁত আৰু আমাৰ সকলোৰে ঘৰ লগালগি।জেঠাই পেহীহতঁৰ ঘৰবোৰো ওচৰতে।কেতিয়াবা ডাঙৰৰ লগত কিবা এটা ডাঙৰ কথা বতৰা হ’লেও আমি ল’ৰা-ছোৱালীকেইটা সৰুৰে পৰাই এক।ঘৰখনত সদায়েই উৎসৱমুখৰ পৰিবেশ এটাই বিৰাজ কৰি থাকেই।আমাৰ ঘৰত সাধাৰণ পানী শৰাধটোৱো ডাঙৰ অনুস্থানৰ নিচিনাই হয়গৈ।তাৰ উপৰিও অতিথিৰ লেখ জোখ নাই। অতিথি আহিলে আমি খুউৱ ভাল পাওঁ।আলহীক খুউৱ জোৰ কৰো থাকিবলৈ।কাৰণ আলহী আহিলে মাহঁতে আমাক পঢ়া ধৰিবলৈ বা পঢ়াত বহিবলৈ ক’বলৈ বৰকৈ সময় নাপায়।আৰু তাৰেই সুযোগ গ্ৰহণ কৰি আমি খেলো।আমাৰ বিচনাৰ বস্কটো আমি গাড়ী বনাওঁ।মোৰ বৰদেউতাৰ ল’ৰা অনুজে গাড়ী চলাই মোক আগৰ চিটত বহুৱাই আৰু পেহীৰ ছোৱালী পুল্কাক পিছৰ চিটত বহুৱাই।গাড়ী start দিয়া,দৰ্জা মৰাৰ যি খেৰ্ক,ধুম শব্দ কৰো ভাবিলেই এতিয়াও মুখৰ পৰা এটা সুন্দৰ হাহিঁ নিগৰি আহে।এবাৰ মোৰ মাৰ চকুৰ অসুখ হৈছিল বাবে চানগ্লাছ ব্যৱহাৰ কৰিছিল। ভাল হোৱাৰ পাছত সেইযোৰ মায়ে ৰুমতে থৈ দিছিল।এদিনাখনৰ কথা আমাৰ জেঠাইহঁতৰ ঘৰত ফিয়েট এখন আছিল।জেঠায়ে বৰমাক মানুহ এঘৰত খবৰ এটা কৰিবলৈ যাবলৈ লগ ধৰিল।গাড়ীত যাব বুলি শুনি মই আৰু অনুজো ওলালো।মই মনে মনে মাৰ চকুৰ অসুখত পিন্ধা চচমাযোৰ লৈ লৈছো।মোকে দেখি অনুজেও বৰমাৰ নাল ভঙা চচমাযোৰত যেনেতেনে এটা আলপিন লগাই পকেটতত ভৰাই লৈছে।তাৰপিছত গাড়ীত আন্ধাৰত চানগ্লাছ লগাই গালিখিনি ভ্ৰুক্ষেপ নকৰি দুয়ো গৈ আছো।কেনেকুৱা যে ভাল লগা আছিল সেই দিনবোৰ।আকৌ ডাঙৰ বৰমাৰ লগত চাইনিছ চেকাৰ,লুডু,কড়ি খেলা কথাবোৰো মনলৈ আহি থাকে।বৰমাই কাৰেণ্ট যোৱাৰ সুযোগতে গুটিবোৰ অদল বদল কৰা তাৰপিছত আমি বৰমাৰ লগত কাজিয়া কৰা কথাবোৰো অতীত হ’ল।কড়ী খেলি বিচনা চাদৰ ফলা,কাৰেণ্ট গ’লে অণ্টাকচিৰি খেলা কথাবোৰো এতিয়া অতীত।
মৰমৰ পেহীজনীয়ে মোক আৰু পুল্কাক ধুনীয়াকৈ সজাই পৰাই ফটো উঠোৱা কথাবোৰ মনত থাকোতেই স্মৃতিৰ মণিকোঠাত ঠাই ল’লে আৰু সেই অতীতেও কাহানিও উভটি নহাৰ শপত ল’লে।
সময়বোৰৰো যেন আজিকালি আহৰি নাইকিয়া হ’ল।মৃত্যু বোলা ভয়াবহ শব্দটোও যেন সহজ হৈ পৰিছে।চকুৰ আগত তিনিজন বুকুৰ কুটুমক একেটা বছৰতে লৈ গ’ল নিষ্ঠুৰ নিয়তিয়ে।মৰমৰ ভাইটোৱে আকৌ আহি আছো বুলি দিয়া প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হিচাপেই ৰৈ গ’ল আৰু মোৰ নিৰিবিলি আবেলি পৰত সকলোলৈকে বৰকৈ মনত পৰি থকা হ’ল।