স্মৃতিৰ পখিলা খেদি
ৰিমী হাজৰিকা, মাজুলী
ক’ত আছা তুমি মোৰ প্ৰাণৰ সখি,
চাই যোৱা হি চোন এবাৰ এই অভাগিনীক ।
ল’ৰালি লৈ উভতি গৈ বাৰে বাৰে উজুতি খাও,
আজিও ভাহি আহে মনত স্মৃতিৰ পখিলা খেদি।।
আঘোণৰ পথাৰত কত ৰং ধেমালি মনত পৰেনে তোমাৰ?
সেই ৰবাব টেঙাৰ বাকলিৰে টুপী সজাৰ দিন বোৰ
আজিও মনত পৰেনে ?
কত দিন হাঁহি ধেমালিৰ সুৰ,
আজিও আছে হৃদয় কাননত বাজি।
সোণোৱালী শৈশৱৰ স্মৃতি সমৃদ্ধ ,
আজিও বাজি আছে মিঠা মিঠা ৰাগী ।।
স্মৃতিৰ পখিলা হৈ উটি ভাহি ফুৰিছে,
বিচাৰি ফুৰিছো সেই সোণালী শৈশৱ।
মনত পেলাই অতীতৰ সেই সোণালী সময়ক
কৰিছোঁ হাহাকাৰ,
আজৰি হ’লেই অতীতক সুঁৱৰি ,
তুলি ধৰিবা এখনি চিঠিৰ আকাৰ।।
