স্মৃতিৰ দস্তাবেজত মৌনতাৰ চিয়াঁহী – নাচিমা য়াচমিন

Pc Pexels

স্মৃতিৰ দস্তাবেজত মৌনতাৰ চিয়াঁহী

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

নিয়মীয়াকৈ ক্লাছসমূহ কৰি নিহাৰিকাই  ভোকে -ভাগৰে বিদ্যালয়ৰ পৰা ওলাই আহিলে। তাই নিম্ন বুনিয়াদী বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী। কণ – কণ শিশুবিলাকৰ মৰমৰ নিহা বাইদেউ। দিনটো মৰমলগা শিশুবিলাকৰ লগত হাঁহি- ধেমালিৰে কটালেও তাইৰ মনৰ পুৰণি বিষাদৰ  কণিকাবোৰে সদায় আমনি কৰে। সেই ভয়ংকৰ ধুমুহাৰ প্ৰকোপ — তাইক আজিও কোবাই যায়। অভ্যাসখিনিক যদিওঁ সময়ত পাহৰিব পাৰি কিন্তু এই স্মৃতিবোৰক কেনেকৈ পাহৰি থকা যায়? আছে জানো এই সুবিশাল ধৰাৰ মাজত ইয়াৰ উপশমৰ ঔষধ? হয়,  মানুহে কয় — ব্যস্ততাই হেনো মানুহক আমনিদায়ক স্মৃতিৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰে। কিন্তু কথাটো কিমান দূৰ সত্য? যিমানেই ব্যস্ত নাথাকক কিয়, যথা সময়ত স্মৃতিৰ গধুৰ কিতাপখনৰ কিছু কিছু অংশ ওলাই আহেই।

শুভ্ৰ বাছখনৰ খিৰিকী কাষৰ চিটত বহি নিহাৰিকাই গাটো এৰি দিয়ে। “কাইলৈ দৰমহাখিনি সোমাব” — দেওবাৰে এবাৰ মাকৰ লগত ওলাই যাব তাই। মানুহজনী দিনটো ঘৰত থাকে। কলৈকো যোৱাৰ সময় নাপায়। আচলতে আজিকালি তেওঁ মন নকৰে আত্মীয় স্বজনৰ ঘৰলৈ যাব। প্ৰায় প্ৰত্যেকৰে একেই প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ তেওঁ আমনি পোৱা হৈ গৈছে। খঙত কেতিয়াবা নিহাৰিকাক কেইটামান কথা শুনাই দিয়ে। পিছমূহুৰ্ততে  চল – চলীয়া চকুদুটিৰ সৈতে আহি তাইক সাৱটি ধৰে। মাক – জীয়েক দুয়োৱে হুক – হুকাই কান্দি দিয়ে। ছোৱালীজনীৰ প্ৰতিটো কষ্টৰ নীৰৱ সাক্ষী একমাত্ৰ মাকজনী। কিদৰে তাই মাজনিশা টোপনিৰ পৰা চিঞৰি উঠিছিল, কিদৰে বাথৰূমত সোমাই হিয়া উজাৰি কান্দিছিল। কি ভাষাত সান্ত্বনা দিব তেওঁ? তেওঁ নিজেও চোন বহু বছৰ ধৰি  একেই যন্ত্ৰণাত ভুগিছে। হ’লেও কেতিয়াবা মনত ক্ষীণ আশা এটাই  আক্ৰমণ কৰে – যদি ছোৱালীজনীয়ে জীৱনটো নতুনকৈ আৰম্ভ কৰেই। তাইৰ জেদখিনিক দমন কৰি নতুন পথটিত ভৰি দিয়েই। কিন্তু মাকৰ আশাখিনি  সদায় আশাতেই  বিলীন হৈ পৰে।

অন্যদিনাৰ দৰে আজিও মাকজনী তাই অহালৈ বাট চাই পদূলিমুখত ৰৈ আছে।  বাছৰ পৰা নামি আহি মাকৰ মৰম লগা মুখনি  দেখাৰ লগে লগেই তাইৰ দিনটোৰ সমস্ত ভাগৰ- পিয়াহৰ আধাখিনি যেন নোহোৱা হৈ পৰে। কি আছে এই মুখনিত? যিকোনো কঠিন সময়ত তাইক সাহস দিয়ে, দৈনন্দিন জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। তাইৰ বাহিৰে মানুহজনীৰ আপোন বুলিবলৈ আন কোনো নাই। তাই চোন বহু বছৰ আগতেই মৰি গৈছিল, যিদিনাখন সি,,,,,,, তাইৰ মৰহি যোৱা জীৱনটো  একমাত্ৰ মাকৰ মুখৰ হাঁহিটিত নিতৌ অলপ অলপকৈ জী উঠে।

:” মুনু, তই হাত মুখ ধুই আহ , মই ভাত বাঢ়ি আনিছোঁ।”

হাঁহি এটি মাৰি তাই বাথৰূমলৈ সোমাই যায়।

সন্ধিয়া সময় — মাকে দুই কাপ চাহ বনাই আনিলে। তেওঁৰ মুখখন আজি যেন অন্য কথা ব্যক্ত কৰিছে। তাইৰ চকুৱে ঠিকেই পঢ়িব পাৰে।

:” মা, আজিও কোনোবাই কিবা কৈছে ন?”

:” তই চোন জানই, মোক কেলে সুধি আছ ? “

:” জানো, তোমাৰ মুখৰ পৰা শুনি ভাল লাগে।” — বুলি কৈ তাই হাঁহি হাঁহি উঠি গুচি যায়।

:”আৰু কিমান দিন মুনু , এনেকৈ আৰু কিমান দিন চলিব?  সকলোবোৰ পাহৰি এদিন হ’লেও নতুনকৈ জীৱনটো আৰম্ভ কৰিবই লাগিব। ঘটনাটোৰ বহুত বছৰ পাৰ হৈ গৈছে। “

:” পাহৰি যাম? কেনেকৈ মা? কেনেকৈ পাহৰিম মই? কেনেকৈ? তুমি মোক কিয় এই প্ৰশ্ন কৰি কষ্ট দিয়া মা? তোমাৰ ওচৰত যদি বোজা যেন হৈ পৰিছো তেন্তে কৈ দিয়া মই কৰবাত গুচি যাম। “

তাই কান্দি কান্দি ওলাই গুচি যায়।  এই এটা শব্দ “পাহৰি যা ” — নিহাৰিকাক বৰকৈ আঘাত কৰে। যেন অন্তৰৰ ঘাঁখিনিক কেঁচা কৰি ৰক্তাক্ত কৰি তোলে। তাই নিজৰ ৰূমত সোমাই ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে।

পাঁচ বছৰ আগৰ সেই অভিশপ্ত দিনটো চকুৰ আগত ভাঁহি আহে। এটা দুৰ্ঘটনাই তাইৰ জীৱনৰ পৰা সুখ- হাঁহি সকলো কাঢ়ি নিলে লগতে  আবিৰক।

কলেজৰ অন্তিমটো দিন  , farewell — তাই নীলা ৰঙৰ এযোৰ চাদৰ মেখেলা পিন্ধিছিল। তাইৰ কাপোৰৰ লগত মিলাই আবিৰেও নীলা ৰঙৰ ছাৰ্ট পিন্ধিছিল। আবিৰে কৈছিল – নীলা মোৰ প্ৰিয় ৰং কেতিয়াও নাছিল নিহা , কিন্তু তোমাৰ প্ৰিয় সকলো বস্তুৱেই মোৰ প্ৰিয় হৈ পৰিছে। “

অলপতে খং কৰি মুখ ফুলাই ৰখা আবিৰে তাইক বৰ মৰমেৰে আঁকোৱালি ৰাখিছিল।  এবাৰ তাইৰ জ্বৰ হৈছিল , দুদিনমান কলেজলৈ আহিব পৰা নাছিল । আবিৰে তাইৰ ঘৰ গৈ ওলাইছিল। মাকৰ সমুখতেই পাগলৰ দৰে কান্দিছিল। ল’ৰাই বোলে নাকান্দে, কিন্তু আবিৰক চাই তাইৰ এই ভুল ধাৰণাৰ ইতি পৰিছিল। তাইৰ মাকক আবিৰে নিজৰ মাতৃৰ দৰে মৰম সন্মান কৰিছিল। আবিৰৰ মা- দেউতাইয়ো  তাইক স -সন্মানে ঘৰৰ লখিমী কৰিবলৈ মান্তি হৈছিল।  কলেজ শেষ হোৱাৰ পাছত সিহঁত  আইনীভাৱে বিয়া কৰোৱাৰ পৰিকল্পনা কৰিছিল। সেইমতেই সকলো আয়োজন কৰা হৈছিল। অশেষ হেঁপাহৰে প্ৰিয় ৰঙৰ চাদৰ-  মেখেলাযোৰ পিন্ধি মুখত হাঁহিটি লৈ তাই আবিৰৰ লগত নতুন এক অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছিল। তিনিবছৰীয়া ভালপোৱাৰ সম্পৰ্কটি এধাপ পাৰ হোৱাৰ দিনা আটাইতকৈ বেছি সুখী হৈছিল আবিৰ। সকলো সুখী আছিল সিঁহতৰ এই সম্পৰ্কটিত। কিন্তু ভগৱানৰ ইচ্ছা ইয়াৰ সম্পূৰ্ণ বিপৰীত আছিল। আবিৰক কাঢ়ি নিলে অচিন দেশলৈ, নিহাৰিকাৰ জীৱনত দুখৰ নিজৰাটি বোৱাই দি।  বাইকখন পাৰ্ক কৰি অহাৰ সময়তেই স্পিডত অহা ট্ৰাক এখনে খুন্দিয়াই তাক তেজেৰে ৰাঙলী কৰি পেলাইছিল। চকুৰ সমুখত প্ৰিয়জনক হেৰুৱাৰ যন্ত্ৰণা কি হয় তাক জানো ভাষাৰে প্ৰকাশ কৰিব পাৰি? অন্তৰৰ ঘাঁখিনিৰ উপশম জানো সম্ভৱ? তাইৰ কোলাত সি শেষ নিশ্বাস ত্যাগ কৰিছিল ।

উশাহখিনি থকালৈকে  আবিৰে কেৱল কৰুণ দৃষ্টিত তাইৰ মুখলৈ চাই আছিল।  আবিৰৰ চকুলোৱে ব্যক্ত কৰি দিছিল কিমান বেছি কষ্ট পাইছে সি – শৰীৰৰ আঘাততকৈ প্ৰিয়জনক এৰি যোৱাৰ কষ্ট । আবিৰে এৰি যোৱাৰ পাছত কেইবা মাহ  তাই   মানসিক সন্তুলন হেৰুৱাই পেলাইছিল। তাইৰ মাক , আবিৰৰ মাক- দেউতাকে তাইক হাজাৰ বুজায়ো তাইক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰা নাছিল। তাই হৈ পৰিছিল এক জীৱন্ত মৰাশৰ দৰে।

যেতিয়া মানুহ এজন আমাৰ নিচেই কাষত থাকে, হয়তো আমি তেওঁক সিমানখিনি গুৰুত্ব নিদিওঁ যিমানখিনি তেওঁ প্ৰাপ্য। কিন্তু সেই মানুহজনেই যেতিয়া আমাৰ কাষৰ পৰা দুৰণিলৈ গুচি যায় তেতিয়াহে তেওঁৰ অনুপস্থিতি আমি বৰকৈ অনুভৱ কৰোঁ। তেওঁৰ বিৰক্তিকৰ কাণ্ডবিলাক মনত পেলাই চকুলো টুকো। কি লাভ এই শোক, এই চকুপানীৰ? যদি সময় থাকোঁতেই  গুৰুত্ব দিয়া নহয়।

আজি তাইৰ দুটা চকুৰ পতা বন্ধ নহয় বুলি নিশ্চিত। এনে বহু নিশা তাই উজাগৰে কটাইছে। আজিকালি এইয়া অভ্যাসত পৰিণত হৈছে। আবিৰৰ  স্মৃতিক বুকুৰ মাজত আঁকোৱালি লৈ তাই দিনবোৰ যেনে তেনে পাৰ কৰিছে। কিছুমান মানুহৰ প্ৰশ্নৰ তাইক সদায় জোঁকাৰি যায়। তেঁওলোকৰ কথা মানি তাই কিদৰে অন্য এজনক জীৱনসংগী ৰূপে গ্ৰহণ কৰিব? সেই অচিনাকী মানুহ এজনৰ নামত সেন্দুৰ পিন্ধিব? নোৱাৰে তাই, কেতিয়াও নোৱাৰে। আবিৰে তাইক কোৱা কথাষাৰ আজিও কাণত বাজি উঠে।

” ৰভা তলিত তুমি কইনা সাঁজি ৰৈ থাকিবা আৰু মই তোমাৰ দৰাজন সাজি যাম। তোমাৰ এই উকা শিৰত সেন্দুৰ পিন্ধাই মোৰ ঘৰলৈ লৈ আহিম চিৰদিনলৈ। “

কিন্তু প্ৰতিটো কথাকেই সপোন কৰি সি গুচি যায়। আবিৰ তাইৰ প্ৰথম আৰু শেষ ভালপোৱা। তাৰ বাহিৰে অন্য কোনেও তাইৰ মনত অলপো ঠাই নাপায়। মানুহজন এতিয়া তাইৰ কাষত নাই, তাতে কি হ’ল – তাৰ স্মৃতিবোৰ সদায় তাইৰ লগত থাকিব। সেইয়াই যথেষ্ট।

আলমাৰিৰ পৰা আবিৰৰ প্ৰিয় সাঁজযোৰ উলিয়াই তাই কইনাজনীৰ দৰে সাজিলে। লুকুৱাই ৰখা সেন্দুৰৰ টেমাটোৰ পৰা অলপ ৰঙা আনি তাইৰ উকা জীৱনটো ৰঙীণ কৰিলে।  আজি  আবিৰ তাইৰ কাষত নাই যদিও তাৰ নামৰ আবিৰখিনি সদায় প্ৰিয়, সদায় অমূল্য। নামানে তাই সমাজৰ ধৰা- বন্ধা নিয়ম সমূহ। বন্ধ কোঠালীৰ ভিতৰত তাই সম্পূৰ্ণ মুক্ত, য’ত আছে আবিৰ আৰু তাইৰ এখন কল্পনাৰ পৃথিৱী । যেতিয়া বিষাদবিলাকে তাইক অশান্তি দিয়ে আমনি কৰে, তেতিয়া তাই সোমাই পৰে এইখন কল্পনাৰ পৃথিৱীত। আবিৰৰ সৈতে  প্ৰেম- ভালপোৱাৰ আলাপ কৰে, হাঁহিৰে উপচি পৰে তাইৰ চকুলো। বহুতৰ মতে তাই হেনো মানসিকভাৱে অসুস্থ। কিন্তু তাই নামানে, তাই অসুস্থ নহয়। আবিৰৰ লগত কটোৱা সুখ – দুখৰ মূহুৰ্তবোৰক যদি মানুহে অন্য নাম দিয়ে তেন্তে তাইৰ এই বিষয়ত কোনো মতামত নাই। তাই মৌনতাৰে মানি লয় তেওঁলোকৰ অপবাদ । আবিৰ তাইৰ প্ৰেম নহয়, আবিৰ তাইৰ প্ৰথম আৰু শেষ ভালপোৱা।  উশাহখিনি সংগ দিয়ালৈকে আবিৰক তাইৰ জীৱনৰ পৰা কোনেও আঁতৰাই পঠিয়াব নোৱাৰে। আবিৰ তাইৰ শৰীৰৰ এটি অংগৰ দৰে। যিটো বিচ্ছেদ কৰা অসম্ভৱ।