স্মৃতিৰ গৰাহত কিতাপত বাকলি বা লেবেল লগোৱা দিন
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
এই যে ডিচেম্বৰ গৈ জানুৱাৰী ভৰি দিয়া মানেই মন উগুল-থুগুল হয় , নতুন বছৰত নতুন শ্রেণীত নামভৰ্ত্তি কৰাৰ স্মৃতিয়ে যেন সুকীয়া। সৰাপাতে কুঁহিপাতৰ আগমন ঘটোৱাৰ দৰে নৱবৰ্ষত নৱ দিনত নৱ সপোনে দোলা দিয়ে । মাক-দেউতাকৰ সৈতে গৈ নামভৰ্তি কৰোৱা দিনবোৰ কিমান যে মধুৰ আছিল , নহয়নে? আপোনালোকৰ বাৰু সেই দিনবোৰৰ মধুৰ ক্ষণে স্মৃতিৰ দলিচাত ধৰা দিয়েনে? উভতিবলৈ মন নাযায় নে সেউজীয়া ঘাঁহনিৰ কোমল দলিচাত নিয়ৰৰ টোপালবোৰ গচকিবলৈ? লৰালিৰ সেই ধেমালিলৈ উভতিবলৈ ? ইস্ ! কি মধুৰ যে দিনবোৰ পাৰ কৰিলোঁ! সাম্প্রতিক এইবোৰ স্মৃতিৰ গৰাহলৈ যাবলৈ উপক্রম হৈছে। প্রবল আধুনিকতাৰ ধামখুমীয়া আৰু পাশ্চাত্য শিক্ষাৰ ধ্যান ধাৰণাৰ বতাহে আমাৰ সেই স্বকীয় স্মৃতি- অনুভূতিবোৰ কাল ধুমুহাই উৰুৱাই নিছে।নামভৰ্তিৰ হোৱাৰ পিছতেই বিদ্যালয়ত কিতাপ বিতৰণ কৰে। উফ্ কি যে আনন্দ ! নতুন কিতাপৰ মনোহাৰী গোন্ধই অন্য এক সুখৰ ৰাজ্যলৈ লৈ গৈছিল ।ঘৰলৈ আহিয়ে দেউতাক খাটনি ধৰা, বাকলি বা কভাৰ, লেবেল আনি দিবলৈ। মায়ে গৰম পানীত আটা গুলি পুৰণি বাতৰি কাকতেৰে কিতাপ-বহিবোৰ বাকলি বা বকলা লগাই দিয়ে। দোকানৰ পৰা বাচি বাচি ডৰেমন, ছোটা ভীম, ক্রিকেটা খেলুৱৈৰ ছবি থকা লেবেলবোৰ কিনি অনা দিনবোৰ বৰকৈ মনত পৰে এতিয়া ! নাম লিখিব জানিলেও যেন লেভেলৰ ওপৰত আখৰ ধুনীয়া হোৱাৰ বাবে মাক-দেউতাক লিখি দিবলৈ খাটনি ধৰা মুহূৰ্তবোৰ কমোৱা তুলাৰ দৰে ভাহি থাকে চকুৰ আগত।সকলোবোৰ ঠিক-ঠাক কৰাৰ পিছত পোৱা-গধূলি যেন পঢ়াৰ জোৱাৰ, উঠে। দোকমোকালিতেই বস্তাটো ৰ’দত পাৰি পদ্যবোৰ মুখস্থ কৰাৰ দিনবোৰ, একে উশাহে যেন গোটেই কিতাপ পঢ়ি শেষ কৰি দিয়াৰ প্ৰবল ধাউতি থাকে, যিমান দিনলৈ নতুনত্বৰ গোন্ধই চৌপাশ আমোলমোলাই। পঢ়ি পঢ়ি কিতাপ লেতেৰা হৈ যোৱা আৰু চিঙি যোৱাৰ ফলত ছাৰৰ পিটন খোৱা দিনবোৰ সচাঁকৈয়ে স্মৃতি হৈ গ’ল । আজিৰ সেই চেনিৰ আগত বিদ্যাৰ দিন নাই, সেয়ে আজিৰ যুগত শিক্ষাৰ্থীৰ মাজত আত্ম-নিবেদনৰ অভাৱ, শিষ্টাচাৰৰ অভাৱ । কিন্তু এতিয়াও আমাৰ সেই স্বতঃস্ফূর্ত আনন্দৰ দিনবোৰলৈ চৰাইৰ দৰে উৰি যাবলৈ মন যায়। সেয়ে কেতিয়াবা চৰাইৰ প্ৰতি মোৰ বৰকৈ ঈৰ্ষাৰ উপজে কিন্তু “মুক্ত পক্ষীলৈ ঈৰ্ষা কৰা আমি সূতাৰ বান্ধোনত থকা চিলাৰ যন্ত্রণা বুজোনে?” গতিকে, আমি কব পাৰো যে, কালৰ সোঁতত সকলোবোৰ পৰিৱর্তন হৈ যায়। স্মৃতি, অনুভৱ, ধ্যান-ধাৰণা সকলো পাহৰনিৰ গর্ভত ৰাখি, নতুনক সহৃদয়ে আকোঁৱালি লোৱাৰ বাহিৰে যেন আমাৰ কোনো গত্যন্তৰ নাই। এই যে স্মৃতিৰ আখৰা শিল হৈ নোযোৱাৰ বাবে দুই এজনে উকা পৃষ্ঠাৰ বুকুত স্পন্দিত কলমৰ গতিত হেৰাই নোযোৱাৰ সুৰ তোলে ; সেয়াই যথেষ্ট। সময়ৰ তুলাচলীত স্মৃতিৰ কৌতুক নিলিখাকৈ এজন, দুজন থাকক, এই পৃথিৱীখনত হেৰুৱা বেদনাৰ বৰষুণজাকে সজীৱ কৰি ৰাখিবলৈ, অতীত অতীত যেন লগা দিনবোৰ ক্ষন্তেকৰ বাবে হাতত পাবলৈ জী থাকক ক্ৰন্দসী বিয়পি। তথাপিও যেন জানুৱাৰী মাহটো আহিলে, চকুৰ আগত থকা স্মৃতিবোৰ হেৰাই থাকে মন বাগিচা উকা হৈ পৰে !