স্মৃতিৰ কোলাত কলেজীয়া দিনবোৰ
এছ ইছলাম
পঃমইনবৰী বৰপেটা
পঃমইনবৰী বৰপেটা
কলেজীয়া জীৱনৰ অন্তত
ৰাওনা হ’লোঁ নিজ নিজ বাটত
ঘূৰি চোৱাৰ আহৰি নাই
পাৰ কৰিলোঁ মধুৰ সময়।
বন্ধুত্ব গঢ়িলোঁ বহুতৰ লগত
শিক্ষা জীৱনৰ ৰঙে-ৰসে উপচি পৰা
মধুৰ স্বপ্নৰ আৱেশেৰে ভৰা
জীৱনৰ বৈচিত্র্যময়
সময় উপভোগ কৰিলোঁ।
মুক্ত আকাশৰ তলত
মুক্ত মনে জীৱনৰ বাট
পোহৰাই তােলাৰ প্রচেষ্টাত
আগবঢ়ি যোৱাৰ সুন্দৰ পৰিৱেশ
পালোঁ কলেজীয়া জীৱনত।
স্মৃতিয়ে জীপাল হৈ উঠা
জীৱনৰ সুখ-দুখ হাঁহি-কান্দোন
খং-অভিমানৰ মাজেৰে
অতিক্রম হোৱা সময়বোৰ
বহু অভিজ্ঞতাৰে পূৰ্ণ হ’ল
বহুতো কথা নোকোৱা সাধু হ’ল
নক’বলগীয়া কথাও কোৱা হ’ল।
অবাঞ্চিতে গঢ়ি উঠা
পৰিয়ালটো সদায় স্মৰণীয়
ঘনিষ্ঠতা বাঢ়িল
বন্ধুত্বৰ এনাজৰীডাল
অজান্তেই চিঙি গ’ল
স্মৃতিৰ দলিচাত হাঁহি-ধেমালিবোৰ
থমকি ৰ’ল।
কিন্তু নিষ্ঠুৰ সময়
সকলো পৰিবৰ্তন কৰিলে
শিক্ষা মন্দিৰখন এৰিলোঁ
মৰমৰ বন্ধু-বান্ধৱীহঁতে পাহৰিলে
অলেখ স্মৃতি বুকুত সাঁচি থলোঁ।