স্মৃতিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয় – ড° বুলজিৎ বুঢ়াগোহাঁই

স্মৃতিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়

(মহাৰজত জয়ন্তী বর্ষ ২০২৪ উপলক্ষে)

ড° বুলজিৎ বুঢ়াগোহাঁই

অসমৰ পূব প্ৰান্তত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মাধ্যমিক শিক্ষাৰ বাট মুকলি কৰি ১৯৪৯ চনত স্থাপন হোৱা ঐতিহ্যমণ্ডিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন ছাত্র হিচাপে আজিও মই গৌৰৱ অনুভৱ কৰো। ১৯৯৩ বৰ্ষত মই এই বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলো । মোৰ শৈক্ষিক জীৱনত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নমস্য শিক্ষাগুৰুসকলৰ অৱদান চিৰস্মৰণীয়। তেখেতসকলৰ আশীর্বাদ আৰু আশাশুধীয়া যত্নৰ বলত উচ্চ মাধ্যমিক দেওনা পাৰ হোৱাৰ পিছত ধেমাজি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক, যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰো। ইয়াৰ অন্তত আই.আই.টি. গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰো। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা মধুৰ দিনবোৰ আজিও সজীৱ হৈ আছে। চলিত বৰ্ষত ঐতিহ্যমণ্ডিত বিদ্যালয়খনে গৌৰৱোজ্জ্বল ৭৫ টা বর্ষ সম্পূর্ণ কৰিছে।  এই উপলক্ষে বিদ্যালয় পৰিয়ালে পাঁচোটা ভিন ভিন পর্যায়ত বর্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদ্যাপন কৰিবলৈ আগবঢ়া বুলি জানি সুখী হৈছো ।  ৩১ অক্টোৱৰ ২০২৪ ত শুভাৰম্ভণী অনুষ্ঠান; ৫ আৰু ৬ নৱেম্বৰ ,২০২৪ ত ক্ৰীড়া উৎসৱ ;  ১৫ আৰু ১৬ নৱেম্বৰ ,২০২৪ ত সাহিত্য উৎসৱ ; ৫ ,৬ আৰু ৭ ডিচেম্বৰ ,২০২৪ত  সাংস্কৃতিক উৎসৱ আৰু ১৪,১৫ আৰু ১৬ ডিচেম্বৰ ,২০২৪ত   সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব।

      ১৯৯৩ বৰ্ষত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা আমাৰ সহপাঠীসকল হ’ল- অনুপ দত্ত,অমৃত শইকীয়া,প্রীতম হাজৰিকা,অনিল বৰা,দীপাঙ্কৰ গগৈ,গহীন গগৈ,যদুমণি বৰুৱা,মলয় সন্দিকৈ, মাধুর্য্য বুঢ়াগোহাঁই,মৃদুপৱন শইকীয়া,মুনীন্দ্র বাইলুং,নিত্যা বৰগোহাঁই,পবিত্র দেউৰী,পঙ্কজ চেতিয়া, পঙ্কজ গগৈ, ফটিক বৰগোহাঁই,ৰাজা দলে,সৌৰভ জ্যোতি গগৈ,সুশান্ত পাল,সুদীপ নাথ,শৈলেন বৰকাকতি, তৰুণ চন্দ্র দিহিঙ্গীয়া,অনিল শইকীয়া, অমিয় কুমাৰ শইকীয়া,অনুপ কার্দং,বীৰেণ বৰগোহাঁই,বিপুল চুতীয়া,বেদজ্যোতি শইকীয়া,বিজিত কুমাৰ বৰুৱা,ভাস্কৰ বুঢ়াগোহাঁই,বিনোদ কুমাৰ চুতীয়া,বসন্ত কুলি,ডিম্পুল বৰা,দিগন্ত মেধি,দীনমণি মুদৈ,দিবাকৰ মুদৈ,গুণীন্দ্র গগৈ,জগন্নাথ বৰা, জগত শইকীয়া, কৃষ্ণ কান্ত নেওগ,ললিত গোহাঁই, মহেন্দ্র চুতীয়া,মৃদুল শর্মা,মৃণাল মেধি,নিতু বৰগোহাঁই,প্রভাত গগৈ,পলাশ দত্ত,পূর্ণানন্দ গগৈ,ৰূপজ্যোতি বৰা,ৰুবুল গগৈ,ৰাজু বৰুৱা, ৰাতুল গগৈ,ৰাণা চেতিয়া,সত্যজিত বৰুৱা,আৰু ত্রৈলোক্য প্রকাশ দেউৰী । এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছো যে আমাৰ লগত পঞ্চম মানৰ পৰা অধ্যয়ন কৰা বহুকেইজন সহপাঠীয়ে  বিভিন্ন কাৰণত ১৯৯৩ বৰ্ষত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱত্তীর্ণ হোৱা নাছিল। তাৰ ভিতৰত আছে -চন্দন ভূঞা , উজ্জ্বল শইকীয়া আদি। আমাৰ সহপাঠীসকলে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্র যেনে – শিক্ষা জগত, চিকিৎসাৰ জগত,  ৰাজনৈতিক জগত, সাহিত্য চর্চা, সাংবাদিকতা, সঙ্গীত, নাটক, চিনেমা, টেলিভিচন জগত, ক্রীড়া জগত, বিজ্ঞান চর্চা, কৃষি , ব্যৱসায় আদিলৈ আগবঢ়োৱা অৰিহণাৰ  বাবে গৌৰৱ অনুভৱ কৰো। আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা সহপাঠী বিপ্লৱ শৰ্মা,  বিজিত কুমাৰ বৰুৱা, মৃদুপৱন শইকীয়া, বিনোদ কুমাৰ চুতীয়া, প্রশান্ত কোঁৱৰ আৰু ৰুবুল গগৈক শ্রদ্ধাঞ্জলি জনাইছো।

         সমাজহিতৈষী পানীন্দ্র নাথ গগৈ আৰু ফণীধৰ বৰগোহাঁইদেৱকে প্রমুখ্য কৰি বহুকেইজন দূৰদর্শী ব্যক্তিৰ সুদক্ষ নেতৃত্বত মধ্য ইংবাজী শিক্ষাৰ পাতনি মেলি ধেমাজি গোহাঁই গাঁৱত স্থাপিত ধেমাজি মধ্য ইংৰাজী বিদ্যালয়ৰ ভেটিতে এদিন আৰম্ভ হৈছিল ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান। বহুজনৰ শ্ৰম, ত্যাগ আৰু কৃষ্ণসাধনাৰ ফলত স্থাপিত বিদ্যালয়খনে এক দীর্ঘ পৰিক্ৰমা অতিক্রমী ১৯৮৫ চনত উচ্চতৰ মাধ্যমিক পর্যায়লৈ উন্নীত হয়। প্রতিষ্ঠাকালৰ পৰা জ্ঞানৰ আলোকেৰে শত সহস্রজনক জীবন-জীৱিকাৰ সন্ধান দিয়াৰ লগতে ধেমাজি অঞ্চলৰ বৌদ্ধিক সমৃদ্ধিৰ ক্ষেত্ৰতো বিদ্যালয়খনৰ অৱদান অপৰিসীম। বিদ্যালয়খনিৰ আলোক জ্যোতিৰে প্রোজ্জ্বল প্রাক্তন ছাত্র-ছাত্রীসকলেও ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ ধ্বজা উৰুৱাই দেশে-বিদেশে বিভিন্ন ক্ষেত্ৰত নেতৃত্ব বহন কৰি পৰিৱৰ্তনশীল সমাজ ব্যবস্থাক আগুৱাই নিছে। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তৰণৰ সৈতে জড়িত ব্যক্তিসকলক কৃতজ্ঞতাপূর্ণ সোঁৱৰণ, দেশে-বিদেশে কৰ্মৰত বিদ্যালয় পৰিয়ালৰ সকলো সদস্যৰ সৌহাদ্যপূর্ণ পুনঃমিলন, পাৰ হৈ যোৱা সময়ৰ নির্মোহ বিশ্লেষণৰ জৰিয়তে ভবিষ্যত কর্মপন্থা নির্ধাৰণ আদি উদ্দেশ্য আগত ৰাখি আয়োজন কৰা মহাৰজত জয়ন্তী এক সুন্দৰ পদক্ষেপ।

          শিক্ষাৰ্থীসকলৰ সুন্দৰ কেৰিয়াৰ গঢ়াত শিক্ষাগুৰুসকলৰ যথেষ্ট অবদান থাকে। আমি অধ্যয়ন কৰা সময়ত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  কৰ্মৰত  শিক্ষাগুৰুসকল হ’ল – মহেন্দ্ৰ নাথ শৰ্মা,তৰুণ চন্দ্ৰ কামান,নবীন চন্দ্ৰ চক্ৰৱৰ্তী,মহেশ্বৰ পাচনি,মিলন চিৰিং,ডিম্বেশ্বৰ বৰুৱা,নন্দ নাথ চাংমাই,জগত চন্দ্ৰ বৰগোহাঁই,চুচেন চন্দ্ৰ গগৈ,ভদ্ৰেশ্বৰ গগৈ,দীনেশ কুমাৰ গগৈ,পুষ্প কান্ত শৰ্মা , লিখন চন্দ্ৰ গগৈ,কণ্ঠি বৰগোহাঁই,তুলসী প্ৰসাদ বৰগোহাঁই,চন্দ্ৰ কান্ত কোঁৱৰ,ভোগেন চন্দ্ৰ কোঁৱৰ,ভবেন বৰা ,দুলাল দত্ত ,পূৰ্ণানন্দ বৰপাত্ৰগোহাঁই,মতিৰাম চুতীয়া ,উত্তম চন্দ্ৰ দাস, দিপেন দত্ত, কমল চন্দ্ৰ দত্ত, কুলদা গগৈ, মুক্তা দেৱী, তিলেন গগৈ , বসন্ত শইকীয়া, ভাৰতী গগৈ বৰুৱা ,পূষ্পা গগৈ,বিশ্বেশ্বৰ ভূঞা, দীপালি হাজৰিকা, হীৰেন সাউদ,আৰতি ফুকন, প্ৰগতি আচাৰ্য,  হেমচন্দ্ৰ ফুকন, ক্ষীৰদা বুঢ়াগোহাঁই,নিৰু শৰ্মা আদি ।  আমি অধ্যয়ন কৰা সময়ত কৰ্মৰত কেইজনমান কৰ্মচাৰী হ’ল -হেলেন চন্দ্ৰ বৰুৱা,সৰ্বেশ্বৰ ফুকন,দূতিৰাম শইকীয়া, দ্ৰোৰ্ণ কান্ত বৰুৱা,হৰেন্দ্ৰ নাথ হাজৰিকা আদি।

         ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথমে মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ নগেন চন্দ্ৰ গোহাঁই , প্ৰথমে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত লেটাৰ নম্বৰ সহ উৰ্ত্তীণ মণিৰাম আগৰৱালা , প্ৰথমে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ জীৱন চন্দ্ৰ পেগু , মেট্ৰিক পৰীক্ষাত প্ৰথম উৰ্ত্তীণ ছাত্ৰী ফণীলতা বৰগোহাঁই, উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথমে ষ্টাৰ নম্বৰ সহ উৰ্ত্তীণ দিব্য শৰ্মা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথমে প্ৰথম বিভাগত উৰ্ত্তীণ জিণ্টুমণি চমুৱা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথমে  লেটাৰ নম্বৰ  সহ  উৰ্ত্তীণ অনিল কুমাৰ পেগু। বিদ্যালয়ৰ আলোচনী ’শেৱালি’ৰ প্ৰথম সম্পাদক (যুটীয়া) উমেশ চন্দ্ৰ চেতিয়া আৰু মুক্তি নাথ গগৈ। মহাৰজত জয়ন্তী কাৰ্যসূচীসমূহ সুন্দৰ ভাৱে আয়োজন হওক তাৰে কামনা কৰিছো। জয়তু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়।