স্মাৰ্ট মিটাৰ স্থাপন বাতিলৰ দাবী

Pc The Sentinel Assam

স্মাৰ্ট মিটাৰ স্থাপন বাতিলৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  বিদ্যুৎ গ্ৰাহকসকলৰ ঘৰত স্থাপন কৰা প্ৰিপেইড স্মাৰ্ট মিটাৰ অতি সহজতেই হেকিং কৰা সম্ভৱ সম্পৰ্কীয় প্ৰকাশিত বাতৰিয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিৰ আহ্বায়কদ্বয় অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই এক প্ৰেছ বিবৃতিত কয়– অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনে প্ৰিপেইড স্মাৰ্ট মিটাৰক সম্পূৰ্ণৰূপে গ্ৰাহকস্বাৰ্থ বিৰোধী আৰু কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থবাহী আখ্যায়িত কৰি স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰাৰ দাবী বাৰে বাৰে জনাই আহিছে, এনেকি ৰাজ্যব্যাপী গ্ৰাহক আন্দোলনো গঢ়ি তুলিছে।স্মাৰ্ট মিটাৰ স্থাপনৰ পাছত গ্ৰাহকসকলৰ বিদ্যুতৰ বিল তিনি চাৰি গুন বৃদ্ধি হোৱাৰ যি অভিযোগ বাৰে বাৰে উত্থাপিত হৈছে সেই সম্পৰ্কে চৰকাৰৰ নীৰবতাই প্ৰকাৰান্তৰে জনসাধাৰণক লুন্ঠন কৰা কাৰ্যক সহায় কৰিছে।পূৰ্বৰ প্ৰচলিত ডিজিটেল মিটাৰসমূহ এশ শতাংশ সুষ্ঠভাবে কাৰ্যক্ষম হোৱা সত্ত্বেও হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপনৰ একমাত্ৰ উদ্দেশ্য হৈছে চৰকাৰী বিদ্যুৎ বিতৰণ ব্যৱস্থাত একাধিক ব্যক্তিগত কোম্পানীৰ প্ৰবেশৰ পথ সুগম কৰি তোলা।বিবৃতিটোত আৰু কোৱা হয় যে, কনজুমাৰ্চ এছচিয়েছনে আগৰ পৰাই এই আশংকা ব্যক্ত কৰি আহিছে যে, এই প্ৰিপেইড স্মাৰ্ট মিটাৰ ব্যৱস্থাই গ্ৰাহকসকলৰ বিদ্যুতৰ বিলৰ ক্ষেত্ৰত এক অৰাজকতাৰ সৃষ্টি কৰিব আৰু বহু গ্ৰাহকক সৰ্বস্বান্ত কৰিব।স্মাৰ্ট মিটাৰ হেকিং কৰা সম্ভৱ সম্পৰ্কীয় বাতৰিয়ে এছচিয়েছনৰ সেই আশংকাকেই প্ৰতিপন্ন কৰিছে।গতিকে, অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনে গ্ৰাহকস্বাৰ্থ বিৰোধী এই স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰাৰ কাৰণে আকৌ দৃঢ় দাবী জনায় আৰু লগতে ইয়াৰ বিৰুদ্ধে শক্তিশালী গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷