স্বৰ্গীয়া মালৈ এখন চিঠি – সুনম বিশ্বাস

Pc Parade

স্বৰ্গীয়া মালৈ এখন চিঠি

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

পূজনীয়া মা,

প্রথমতে তোমালৈ নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালোঁ। আশা কৰোঁ ঈশ্বৰে তোমাক বৈকুণ্ঠ লাভ কৰাইছে নিশ্চয় ! তোমাৰ স্মৃতিৰ আঁত ধৰি কোনোমতে জীয়াই আছোঁ মা। লগৰবোৰৰ ‘মাতৃ দিৱস’ৰ প্ৰস্তুতি শুনি বুকুখন উফন্দি উঠে মা । পিতৃ-মাতৃক শ্ৰদ্ধা- ভক্তি কৰিবলৈ নিদিৰ্ষ্ট এটা দিনৰ প্রয়োজন নহয় জানো , তথাপিও মা মনে নামানে …মোৰ বাবে  তোমালোকৰ নামত প্ৰতিটো দিনেই বিশেষ। সেয়েহে তোমালৈ ‘মাতৃ দিৱসৰ’ শুভেচ্ছা  নজনাই নোৱাৰিলোঁ মা । তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক মা এয়াই মোৰ ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা ।

যোৱাবাৰ আজিৰ দিনতটোতে তুমি মোৰ ৰুমত আছিলা । অত্যন্ত গৰমৰ বাবে তুমি কোঠালিৰ ফ্লোৰতে শুই আছিলা তেতিয়াই  তোমালৈ ‘ মাতৃ দিৱস’  ৰ শুভেচ্ছা জনাইছিলোঁ….! তুমি অসুস্থ আছিলা বাবে আবেগবিহ্বল হৈ মোৰ চকুযুৰি কলীয়া ডাৱৰে আৱৰি ধৰিছিল মা । সময় কিমান নিষ্ঠুৰ চোৱা না মা … ! নতুন বছৰটো আহি নৌপাওঁতেই  নিয়তিয়ে তোমাক কাঢ়ি নিলে ।  বহু দূৰলৈ মা …আজি তোমালৈ খুব মনত পৰিছে মা…! যতেই আছা ভালে থাকা মা।

জানা মা , এনেকুৱা এটা দিন নাযায় যে তোমালৈ মনত নপৰে। তোমাৰ হিয়াৰ আমঠু প্রতিটো ক্ষণ তোমাৰ স্মৃতিতে লীন যায়। আজি আঠটা মাহ পাৰ হৈ গ’ল মা, তোমাৰ এষাৰ মাত শুনিবলৈ নাপাওঁ। লগৰবোৰে যেতিয়া মা মা কৈ ফোনত কথা পাতি থাকে তেতিয়া জানা মোৰ বুকুখন বিষাই যায় ! মোৰো মন যায় মা তোমাক এবাৰ চিঞৰি মাতিবলৈ…! যেতিয়াই ফোনৰ ৰিং বাজী উঠে তেতিয়াই দৌৰি আহো জানোচা তোমাৰ কল আহে..কিন্তু নাহে মা । সেই যে ১৫ আগষ্টৰ দিনাখন মোলৈ তুমি ফোন কৰিছিলা  কেৱল দুই মিনিট কথা পাতিছিলোঁ ভবা নাছিলোঁ মা সেয়া যে আমাৰ অন্তিম কথোপকথন হ’ব বুলি..! কললিষ্টটো প্ৰায়ে ঘুৰাই পকাই চাই থাকো মা…. তোমাৰ নম্বৰটো ডায়েল কৰিও থমকি যাওঁ মা।

মা জানা , এতিয়া তোমাৰ ডাঙৰজনীৰ জেদবোৰ নাইকিয়া হৈ গৈছে । খং উঠিলে গোটেই ঘৰখন মূৰত তুলি লোৱা ছোৱালীজনীৰ খং মাটি হৈ গৈছে মা । তাই বুজিব পাৰিছে মা যে খং- জেদবোৰ মা – দেউতাৰ অবিহনে কোনেও সহ্য নকৰে । সেয়ে দুখৰ বোজা মূৰত লৈ একান্তেই থাকে । আৱেগৰ নৈখন যেতিয়া ভেটা দি ৰাখিব নোৱাৰে তেতিয়াই তোমাৰ ফটোখনৰ ওচৰত থিয় হৈ হুকহুকাই কান্দে… এফালৰ পৰা কৈ যায় যন্ত্ৰণাৰ জীয়া গল্পবোৰ… নহ’লে ডায়েৰীখন উলিয়াই লিখি যায় গধুৰ কৰা মনৰ কথাবোৰ তোমালৈ বুলি । তেতিয়া তোমাৰ অস্তিত্ব অনুভৱ কৰি কিছু হ’লেও তাই যেন সকাহ পায় মা !

জানানে মা , ভেজালৰ দুনীয়াত নিৰ্ভেজাল মানুহ খুব কম । এচাম লোক মনৰ পৃষ্ঠাবোৰ কেৱল ওপৰে ওপৰে লুটিয়াই বিচাৰৰ আসনত বহি যায়..এতিয়া ইয়াত আপোন বুলিবলৈ কেৱল ছাঁটোৱে আছে মা। সেয়ে বিশেষ প্রয়োজন নহ’লে কাৰো লগত কথা পাতিবলৈয়ো ভাল নলগা হৈছে। কথাৰ ছলেৰে মানুহবোৰে দুৰ্বলতাৰ অস্ৰোপচাৰ কৰি পেলাই। আজিকালি কাৰোবাক হত্যা কৰিবলৈ অস্ত্ৰৰ প্ৰয়োজন নহয় মা, লোকৰ জিভাখনেই যথেষ্ট ।

শাৰীৰিক বা মানসিকক অসুখবোৰ এতিয়া দৰৱে সাৰিব নোৱাৰা  হৈছে মা। ব্যস্ততা ভৰা জীৱনত আপোন বুলিবলৈ কোনো নাই মা, কিছুমান লোক কেৱল খবৰ লয় স্বাৰ্থ সিদ্ধিৰ বাবে ,প্ৰয়োজন হ’লেই মুখেৰে মৌ বৰষে ! বাকী সময়ত তথৈৱচ। নিঃস্বাৰ্থভাৱে মৰমৰ হাতখন মূৰত বুলাই দিবলৈ কেৱল তোমাৰ চান্দেই আছে মা । জানা মা আগতকৈ সি বহুত পৰিপক্ক হৈ উঠিছে। চকুৰ ভাষাবোৰ বুজিব পৰা হৈছে । প্ৰতিনিয়ত মমতাৰ নিজৰাখন বোৱাই দিয়ে মোলৈ বুলি। ঠিক তোমাৰ দৰেই আকোঁৱালি ৰাখিবলৈ প্ৰয়াস কৰে মা । মইহে পৃথিৱীৰ সমস্ত অভিমানবোৰ তাৰ ওপৰতেই দেখুৱাও অনিচ্ছাস্বত্বেও… !

অ’ মা জানা আজিকালি স্কুল বন্ধ হ’লে উশাহবোৰ বন্ধ হোৱাৰ উপক্ৰম হয় । তাতে আকৌ  গৰম বন্ধ আহি আছে। বন্ধৰ কথা শুনিলেই  বুকুখন কঁপি উঠে। এমাহ ঘৰত থকাটো মোৰ বাবে এতিয়া অগ্নিপৰীক্ষাৰ প্ৰত্যাহ্বানতকৈ কম নহয় মা । তুমিহীন ঘৰখন প্ৰাণ নথকা দেহালৈ পৰিণত হৈছে। নিৰ্জনতাই ছানি ধৰিছে ঘৰৰ চৌপাশ। গাঁৱৰ আকাশখনো এতিয়া উকা লাগে। পদপথত কেৱল তোমাৰ পদচিহ্ন বিচাৰি যাওঁ। ঘৰত তুমি ৰোৱা গছ-গছনিবোৰ অনাথ হৈ গৈছে মা  , আমাৰ দৰেই । ফলে-ফুলে জাতিস্কাৰ হৈছে। কিন্তু সেই ফল ভোগ কৰিবলৈ, তাৰ সৌন্দর্য উপভোগ কৰিবলৈ কোনো নাই। ইহঁতেও অধীৰ অপেক্ষাৰে ৰৈ থাকে মা তোমাৰ এটি স্পৰ্শৰ বাবে । তুমি ৰোৱা তামোল গছকেইজোপাৰ তামোলবোৰ পকী পকী তলতে পৰি থাকে,  বুটলা লোক নাই। গছজোপাৰ তললৈ গ’লে তোমালৈ মনত পৰে বাবে জানা মা ,দেউতাই পাণ -তামোল খোৱাই এৰি দিছে । তুমি যোৱাৰ পাছত দেউতাই বহুত অভ্যাস সলনি কৰি দিলে মা । আমাৰ মুখলৈ চাই কেৱল ভাত এমুঠি খাই জীয়াই আছে। দেউতাৰ মুখৰ হাঁহিবোৰ স্মৃতিৰ সাগৰখনতহে ঢৌ তোলে।

মা জানা , পেহী লাহে লাহে তুমি হৈ উঠিছে । আই. চি .ইউ ৰ বেডৰ পৰা যে পেহীৰ হাতত আমাৰ দায়িত্ব অৰ্পন কৰিছিলা । সেই অনুসৰি পেহীয়ে পৰাপক্ষত  দায়িত্ববোৰ পালন কৰিয়ে আছে ।  ঘৰৰ পৰা আহোতে ঠিক তোমাৰ দৰেই  ভাতমুঠি মুখলৈ তুলি দিয়ে । ট্ৰেইনখন দেখা পোৱালৈ চাইয়ে থাকে ঠিক তোমাৰ দৰে মা …। কিন্তু তথাপিও মা তোমাৰ কমিটোৱে কৰবাত নহয় কৰবাত বৰকৈ আঘাত কৰে। জগতৰ কোনো বস্তুৱেই তোমাৰ কমি পূৰ্ণ কৰিব নোৱাৰে।

আজিলৈ সামৰিছোঁমা , কাহি কাহি ডিঙি- বুকু বিষাই গৈছে । মনৰ লগতে শৰীৰৰ অসুখবোৰ আঁতৰাবলৈ ঔষধ কম পৰিছে মা। নাকটো মচি মচি ৰঙা পৰিছে মা , তলমূৱাকৈ আৰু থাকিব পৰা নাই। আগতে মোৰ অকণ চৰ্দি লাগিলেই তোমাৰ জীউ জাও জাও কৰা অৱস্থাবোৰ মনত পৰে মা , কাহ হ’লে ঘৰুৱাভাৱে কিমা যে যত্ন কৰিছিলা আম পাতত চূণ – মিঠাতেল গৰম কৰি, বুকুত মালিচ কৰি দিয়া , তুলসী পাতৰ ৰস মধুৰ লগত পান কৰোৱা দিনবোৰ মা…মনত পৰে মা নমত পৰে…। এতিয়া কাহ- চৰ্দি হ’লে মা তোমাৰ সেই শুশ্ৰূষাবোৰৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰোঁ। চকুৰ পানী নাকৰ পানী একাকাৰ হৈ গৈছে মা । টোপ টোপকৈ নিগৰি ডায়েৰীৰ পৃষ্ঠা তিয়াই পেলাইছে মা ।  নোৱাৰোঁ মা ভালে থাকিবলৈ তোমাৰ অবিহনে কেৱল লোকচক্ষুত ভালে থকাৰ নাটকটো কৰি যাওঁ। তোমাৰ ঠাই কোনে ও কেতিয়াও ল’ব নোৱাৰিব , তোমাৰ ৰিক্ত স্থান কেতিয়াও পূৰ্ণ নহ’ব মা কাৰণ “সীমাৰ মাঝে অসীম তুমি …”।

অহা জনমত যাতে ভগৱানে তোমাৰ গৰ্ভত জন্ম লাভ কৰাৰ সৌভাগ্য দিয়ে । তাৰে কামনাৰে আকৌ মাতৃ দিৱসৰ প্ৰণাম যাঁচি আজিলৈ সামৰিছোঁ মা । ভালে থাকিবা….।

ইতি
তোমাৰ ডাঙৰজনী
‘সুনু ‘