স্বেচ্ছাসেৱী অনুষ্ঠান ‘সহায় (হেপ্পী টু হেল্প)’ৰ বিশেষ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা– আৰ্তজনৰ কাষত থিয় দিয়াৰ সমান্তৰালকৈ প্ৰকৃতি সুৰক্ষা,পৰিবেশ সংৰক্ষণ আদিৰ ক্ষেত্ৰতো সজাগ সচেতনতাৰ সৃষ্টিৰে কাম কৰি অহা স্বেচ্ছাসেৱী অনুষ্ঠান “সহায় Happy To Help” ৰ উদ্যোগত উঠি অহা নতুন প্ৰজন্মক উৎসাহ দিয়াৰ উদ্দেশ্যে আজি নামনি মাজুলীৰ কৰদৈগুৰি গাঁৱত মাজুলীৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন প্ৰান্তৰৰ গণ্য মান্য ব্যক্তিৰ উপস্থিতিত জোনাকী জাতীয় বিদ্যালয়ৰ শিক্ষক দিগন্ত কুমাৰ শইকীয়াই আঁত ধৰা “পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষন মঞ্চ”ৰ সঞ্চালক, কবি সাহিত্যিক সমাজ কৰ্মী যতীন্দ্ৰনাথ মুদৈৰ সুন্দৰ, শক্তিশালী আৰু শৃংখলাবদ্ধ সঞ্চালনাৰে বিশেষ বঁটা প্ৰদান আৰু এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাখনৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত স্থানীয় ৰাইজৰ সহযোগত মাজুলী বন বিভাগৰ খণ্ড বিষয়া নৃপেন ভূঞা, বন পালক সীমান্ত ডেকা, চম্পক দাস আৰু প্ৰগতিশীল কৃষক পবন্ত শইকীয়াৰ জৰিয়তে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । কৰদৈগুৰি গাওঁ সভাৰ সভাপতি প্ৰশান্ত শইকীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা মুকলি সভাখন উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰশাসক ড০ ভাস্কৰ জ্যোতি বৰুৱাই । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট পৰিবেশ কৰ্মী ড০ ৰাজেন বৰা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষক, বিশিষ্ট কবি, সমাজ কৰ্মী ডিম্বেশ্বৰ ভূঞা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি তথা মাজুলী জিলা কবি সন্মিলনৰ সভাপতি, সমাজ কৰ্মী যুগল হাজৰিকা , কবি সাহিত্যিক তথা “মাজুলীত কবিতা”ৰ সম্পাদক জয়ন্ত হাজৰিকা, মাজুলী জিলা আবৃত্তি পৰিষদৰ সভাপতি তথা নামনি মাজুলী চিনিয়ৰ চেকেণ্ডেৰীৰ শিক্ষক কবি দিগন্ত শইকীয়া, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক বিশ্বজিত ভড়ালী , মাজুলী গড়মুৰ পীতাম্বৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক যদু কলিতা। অসমৰ অন্যতম জনপ্ৰিয় কবি, চিত্ৰ শিল্পী শ্যামন্ত পায়েং , সাংবাদিক বিকাশ শইকীয়া, দেৱজিৎ বৰা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত “বিমল চন্দ্ৰ বৰুৱা স্মাৰক বঁটা ২০২৪” লাভ কৰে উজনি মাজুলী মূদৈবিল -নৱৰতনপুৰ গাঁৱৰ মেধাবী ছাত্ৰ অভিজিৎ শইকীয়াই । ছাত্ৰ জনক বঁটা প্ৰদান কৰে স্বৰ্গীয় বিমল চন্দ্ৰ বৰুৱাৰ পত্নী , যোৰহাটৰ নিবাসী সমাজকৰ্মী ৰীতা বৰুৱাই । “বিপিন চন্দ্ৰ বৰঠাকুৰ স্মাৰক বঁটা ২০২৪” লাভ কৰে নামনি মাজুলীৰ ভালুকমৰা গাঁৱৰ মেধাৱী ছাত্ৰী চুমচুম মুদৈয়ে। বঁটাৰ দাতা নৰেন বৰঠাকুৰৰ হৈ বঁটাটি ছাত্ৰী গৰাকীক প্ৰদান কৰে অৰুণোদয় সমন্বয় সংঘৰ সভাপতি জয়ন্ত শইকীয়া, সম্পাদক দীপপবন বৰা আৰু ৰমেন ভূঞাই । অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা স্থানীয় ছাত্ৰ-ছাত্ৰীসকলকো বিশেষ আদৰণি জনোৱাৰ লগতে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত স্হান প্ৰাপ্ত সকলক মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়।