স্বাৰ্থপৰ মানুহ আৰু ধূলি-কণবোৰ সদায় বতাহৰ দিশতে গতি কৰে
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
মানুহ মাত্ৰেই স্বাৰ্থপৰ। কিন্তু মানৱীয় জাতিৰ এই স্বাৰ্থপৰ সমাজতে নিস্বাৰ্থভাবে কৰ্ম কৰি যোৱা মানুহৰ নানান উদাহৰণ বৰ্তমান সময়তো আমাৰ মাজত বহুতো বিৰাজমান হৈয়ে আছে। কাৰণ আমাৰ সৌভাগ্য বুলিয়ে কব লাগিব যে কলি যুগৰ ৪,৩২,০০০ বছৰৰ ভিতৰত আমি প্ৰায় কলি কালৰ প্ৰথম চৰণত অৰ্থাৎ ৫১২৬ অতিক্ৰম হওতে জন্ম গ্ৰহণ কৰিছোঁ। গতিকে কলি যুগৰ কলিকাৰ প্ৰভাৱ আমাৰ শৰীৰৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱাগৈ নাই। সেয়েহে নিস্বাৰ্থ ৰূপত কৰ্ম কৰি যোৱা মানুহবোৰ বৰ্তমান সময়তো আমাৰ দৃষ্টিগোচৰ হয়। কিন্তু এতিয়াৰ সময়ত নিস্বাৰ্থভাবে একো লাভালাভৰ কথা চিন্তা নকৰি সমাজৰ হকে কাম কৰি যোৱা মানুহৰ সংখ্যা আমাৰ আঙুলিৰ মূৰত গণি উলিয়াব পাৰি।গতিকে স্বৰ্থপৰ মানুহৰ এটাই প্ৰধান লক্ষণ হল যে তেওঁলোকে বতাহৰ দিশত গৈ ৰং সলনি কৰে। অৰ্থাৎ স্বাৰ্থপৰ মানুহ আৰু ধূলি-কণবোৰ সদায় বতাহৰ দিশতে গতি কৰে । স্বাৰ্থপৰ মানুহক যদি আমি সহজ ভাষাত বুজিবলৈ চেষ্টা কৰোঁ তেন্তে তেওঁলোক একো একোজন খাই পাত ফলা মানুহৰ শাৰীতে পৰে। আচলতে তেনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহে আপোনাৰ ভাল দিনবোৰত লগ দি নিজৰ স্বাৰ্থ আদায় কৰাৰ চেষ্টা কৰে। আৰু যেতিয়াই দেখিবলৈ পাব যে আপোনাৰ জীৱনলৈ বেয়া দিনবোৰে আহি জোকাৰি যাবলৈ ধৰিছে তেন্তে তেওঁলোক বতাহৰ পাকত নিজ গাৰ বৰণ সলাবলৈ ধৰে। পৰাপক্ষত লাগিলে আপুনি আপোনাৰ একেবাৰে ঘোৰ শত্ৰুক বিশ্বাসত লৈ আহিব পাৰে।কিন্তু হলেও এজন স্বাৰ্থপৰ মানুহক গোটেই জীৱনজোৰা অলপমানো বিশ্বাসৰ পাত্ৰ বুলি ধৰিব নোৱাৰে। এজন স্বাৰ্থপৰ মানুহৰ সংস্পৰ্শলৈ অহা মানে এজন আপোনাৰ ঘোৰ শত্ৰুতকৈ বেছি ভয়াবহ। আপোনাৰ ভাল দিনবোৰত কথাৰ জ্বাল বান্ধি মিঠা মিঠা কথাৰ জৰিয়তে মেৰিয়াই মেৰিয়াই আপোনাৰ পৰা ইমানেই তাৰ প্ৰয়োজনীয়তাতৈ অধিক বস্তুবোৰ আদায় কৰি নিবগৈ তাৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে। গতিকে স্বাৰ্থপৰ মানুহে সদায় কথাত ৰহণ সানি কথা কয় আৰু লগতে আপুনি কৰি যোৱা অপকৰ্ম,অনৈতিক কৰ্মবোৰতো সদায় সহভাগি হৈ আপোনাকে হয় ভৰ দি আপোনাৰ লগত ঠিয় হোৱা যেন দেখাই। কিন্তু এই সংসাৰত প্ৰকৃত অৰ্থত এজন নিস্বাৰ্থ মানুহৰ সন্ধান কৰা উলিওৱা যথেষ্ঠ কঠিন কাম। তথাপিও এই মানৱ জীৱনত মানুহবোৰৰ হিতৰ কথা চিন্তা কৰি ব্যক্তিগতভাবে ইমানকৈ নিজৰ স্বাৰ্থ পূৰণৰ প্ৰতি মনলৈ লালসাৰ ভাব উৎপন্ন নকৰাকৈ কৰ্ম কৰি যোৱা মানুহৰ সংখ্যা একেবাৰে কম যদিও এই সংসাৰত তেনেকুৱা ধৰণৰ মানুহ বৰ্তমান সময়তো নথকা নহয়। আচলতে আমি মানৱ জাতিয়ে সদায় মানুহৰ সংস্পৰ্শলৈ আহিবই লাগিব। এইটো একেবাৰে চিৰসত্য কথা।সেয়েহে আমি নিজে নিজেই চিনাক্ত কৰি উলিয়াব লাগিব যে মোৰ লগত ওতঃপ্ৰোতভাবে জড়িত হোৱা মানুহবোৰ কেনেকুৱা প্ৰকৃতিৰ মানুহ।