স্বাৰাজ্য – ইভা গন্ধীয়া ফুকন

PC - Shutterstock

স্বাৰাজ্য

ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড়

এটুকুৰা ভাগৰ আৰু আশানিৰোধক বড়ি গিলি শুই পৰিছিল ক্ষীণকায় মানুহজনী।মাতাল পতি-ফুট গধুলিতে মৰিলি যে, ভাতৰ পাতত দেখোন অকল দাইলৰ পানী। ঐ মৰতি দিনৰ দিনটো  কি কৰি থাক !মানুহটো আহি নাপাওঁতে মৰিব হ’ল।বাপেৰৰ ঘৰৰ পৰা শাক- পাচলি অলপ আনি দিব ক’ব নোৱাৰিলি। ৰাণীৰ দৰে পালেংত শুই আছ এতিয়া ।মানুহজনী দিনৰ দিনটো ঘৰৰ কাম-বন, কেঁচুৱাৰ যতন সকলো অকলে কৰিব লাগে । তাতে আকৌ পেৰালাইছিছ হৈ বিছনাত পৰি থকা শহুৰেকটো আছেই।সময়মতে খোৱাৰ যোগাৰ দিয়া, প্ৰসাৱ পায়খানা কৰিলে চাফা কৰা সকলোবোৰ দায়িত্ব মধুমতীৰ।তাই গিৰিকেলৈ ভাত কেইটা বাঢ়ি টেবুলত ঢাকি থৈ বিছনাত পৰিছিল হে গিৰিয়েক অহালৈ বাট চাই, কেতিয়ানো নিদ্ৰাদেৱীয়ে আঁকোৱালি ল’লেহি তাই গমকে পোৱা নাছিল।বাপেকৰ চিঞৰ-বাখৰত ডেৰ বছৰীয়া সন্তানে শোৱাৰ পৰা হাৰ পাই  কান্দিব ধৰিলে। সন্তানক চুপ কৰাবলৈ বুকুৰ মাজলৈ টানি আনি মুখত বুকুৰ পিয়াহ গুজি দিল।সন্তানটিয়ে মাকৰ বুকুৰ অমৃত পান কৰি কন্দা বন্ধ কৰি শুই পৰিল কিন্তু মধুমতী চকুমেলি জাগি উঠিল।ভাত ঘুমতি ভাগিল যেতিয়া টোপনি অহাটো তাইৰ বাবে সহজ নহ’ব। ইফালে গিৰিয়েকৰ আধা ফুটা আধা নুফুটা মাতেৰে গালি বৰ্ষণ। তাই যদি তাতে এটা মাত দিয়ে গিৰিয়েকৰ মাত আৰু ডাঙৰ হ’ব তেতিয়া  শয্যাশায়ী শহুৰেকৰ টোপনি ভাঙিব সেয়ে তাই সকলো কথা নীৰৱে শুনি বিছনাত পৰি থাকিল।পুৱা সোনকালে উঠি আকৌ ঘৰৰ বাহী বনকে ধৰি ভাত ৰন্ধা গিৰিয়েকৰ টিফিন ভৰাই দিয়া , কেঁচুৱাৰ খোৱাৰ যোগাৰ মুঠতে শুই উঠাৰ পৰা এক মিনিট জিৰণী ল’বলৈ তাইৰ সময় নাই । এই বিলাকৰ মাজতে তাইৰ নিজৰ কথা ভাবিবলৈ আজৰি নাপায়।গিৰিয়েকে পকা মিস্ত্ৰী কাম কৰে।সোনকালে ৭.৩০ মান বজাতে ঘৰৰ পৰা ওলাই যায়।তাৰ আগতে তাই সকলোখিনি যোগাৰ কৰিব লাগে।তাইও যে স্কুল কলেজলৈ গৈছিল লগৰীয়াৰ লগত হাঁহি মাতি কথা পাতিছিল সেইয়া এতিয়া অতীত।তাই ডিগ্ৰীধাৰী হৈয়ো চাকৰি এটা যোগাৰ কৰিব পৰা নাছিল।তাই আছিল ঘৰৰ ডাঙৰ ছোৱালী। তাইৰ তলত ভনীয়েক-ভায়েক।মনোমতীৰ দেউতাক ভাল খেতিয়ক আছিল।লাহি-শালি ধান খেতিৰ উপৰিও বতৰ অনুযায়ী শাক-পাচলিৰ খেতি কৰি সেইবোৰ বিক্ৰী কৰি ল’ৰা ছোৱালী পঢ়োৱাৰ উপৰিও ঘৰখন অভাৱ নোহোৱাকৈ চলাই নিছিল।দুবছৰৰ ব্যৱধানৰ ভনীয়েক – ভায়েক তাইৰ লগে লগে ডাঙৰ হৈ পঢ়া -শুনা কৰি গৈছিল।দিনক দিনে পঢ়াৰ খৰচ বৃদ্ধি পাব ধৰিলে সেয়ে মাক দেউতাকে তাইক পঢ়া সিমানতে সামৰি কিবা উপাৰ্জনৰ কামত ধৰিবলৈ ক’লে। তাইয়ো ভনীয়েক – ভায়েকৰ কথা চিন্তা কৰি পঢ়া সামৰি ঘৰতে সৰু সৰু ল’ৰা ছোৱালীক পঢ়াবলৈ ল’লে। দিনক দিনে তাইৰ পঢ়োৱাৰ প্ৰতি অৰ্কষিত হৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব ধৰিলে।তাইৰ ওচৰত পঢ়া এটা ল’ৰাক সদায় তাৰ  দদায়েকে অনা নিয়া কৰে।এইদৰে মধুমতীৰ লগত দদায়েক মানে মধুবনৰ লগত চীনা পৰিচয় হয়।দুয়োৰে উতলা যৌৱন, ভতিজাকৰ হাতত টিউচনৰ বাইদেউলৈ কফীবাইট দিয়াৰ চলেৰে প্ৰেমৰ চিঠি দিয়ে।যৌৱনৰ জোৱাৰত উটি দুয়ো প্ৰেমৰ সাগৰত উটি গ’ল।শেষ পৰিণতি গন্ধৰ্ব বিবাহ।বিয়াৰ পিছত তাই এখন জাতীয় বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে যোগদান কৰিছিল।ছয়মাহ মান ভালেৰে সকলো চলি গৈছিল । মধুবনেও নিজৰ চাৰ্টিফিকেটৰ ফাইল লৈ অফিচ-কাছাৰীৰ দুৱাৰে দুৱাৰে ঘুৰিব ধৰিলে।কিন্তু সেই সময়ত ধনৰ টোপোলা বা উৰ্দ্ধতন কৰ্তৃপক্ষৰ চীনা-পৰিচয় নহ’লে চাকৰি পোৱা সম্ভৱ নহয়।হঠাৎ এদিন মধুবনৰ দেউতাক বহি থাকোতে মাটিত ঢলি পৰিল।কেনেবাকৈ দাঙি মেলি হাস্পাতাল পোৱালেগৈ। হাস্পাতালত ডাক্তৰে জনালে দেউতাকৰ এটা চাইড পেৰেলাইছিছ হ’ল। বহুতো থেৰাপী চিকিৎসা আদি কৰাৰ পিছতো দেউতাক বিছনাৰ পৰা উঠিব মেলিব নোৱাৰা হৈ পৰিল।দেউতাকক চোৱা – চিতা কৰিবৰ বাবে  মধুমতীয়ে স্কুলৰ শিক্ষকতা বাদ দিব লগাত পৰিল। দেউতাকৰ পেঞ্চনৰ টকাকেইটা দেউতাকৰ দৰৱ আদিতে শেষ হয়।মধুবনে ঘৰখন চলাবৰ বাবে কিবা কৰাৰ মানসে বেংক আদিত ঋণ ল’বৰ বাবে আবেদন কৰিলে যদিও ঋণ এটা যোগাৰ কৰিব নোৱাৰিলে। ঋণ ল’বলৈ হলেও বেংকে বহু নথি প্ৰত্ৰ, এল আই চিৰ পলিচি, ম্যাদি মাটিৰ কাগজ আদি বিচাৰিলে  যিবোৰ মধুবনে যোগাৰ কৰিব নোৱাৰিলে।উপায় নাপায় সি পকা মিস্ত্ৰীৰ লগত যোগালি কাম কৰিবলৈ ল’লে। এইদৰে কৰি কৰি সি পকা মিস্ত্ৰী হ’লগৈ।মধুবন আৰু মধুমতীৰ মাজলৈ এটি পুত্ৰ সন্তান আহিল।এইদৰে দুয়ো সংসাৰৰ মায়াত বন্দী হৈ পৰিল । কামৰ ভাগৰ মাৰিবলৈ কেনেকৈনো কেতিয়া মধুবনে মদৰ ৰাগীত মচগুল হ’ল গমেই নাপালে।এতিয়া এৰিব নোৱাৰা অভ্যাসত পৰিণত হ’ল।মধুমতীয়ে কেনেকৈ কি হৈ গৈ আছে উৱাদিহে নোপোৱা হৈছে।তাই উচুপিব নজনা হৈছে নৈমিত্তিক ব্যস্ততা ভাঙি।তাই নিজৰ জন্ম ঘৰখনলৈ প্ৰায় পাহৰি থকাৰ দৰে হৈছে। ভায়েকে কেতিয়াবা আহি বাৰীৰ শাক-পাচলি, জহা বৰা চাউল আদি দি যায়হি ।তেজ মঙহৰ সম্পৰ্ক থকা সম্বন্ধীয় মানুহৰ কথা ভাবিবৰ সময় নাই তাইৰ।মাজনিশা তাইক তাইৰ গিৰিয়েক মধুবনে বুকুৰ মাজত সোমোৱাই মৰমৰ হাত বোলাই আঁকোৱালি লোৱাত তাই সকলো দুখ ভাগৰ পাহৰি গৈছে।সেই মধুৰ ক্ষণে তাইক গালি- গালাজ, টান মাত-কথা সহ্য কৰিও জীৱন জীবলৈ অনুপ্ৰাণিত কৰে।তাইক সপোন পৰীয়ে কাণে কাণে  ক’লেহি তুমি জাগি থাকা আৰু চোৱা তোমাৰ ভৱিষ্যত- মধুবন ৰজাৰ মুকুত পিন্ধি ৰাজ সিংহাসনত বহি আছে আৰু ৰজাৰ আগত ফল-মুলকে আদি কৰি বিভিন্ন সু-স্ৰাদু ব্যঞ্জন।মধুমতী কিংখাপৰ মেখেলা-চাদৰ পিন্ধি  সোণ ৰূপৰ হিৰা খচিত অলংকাৰে শোভিত হৈ ৰজাৰ কাষত বহিছে।লিগিৰী সকলে ময়ুৰ পাখিৰ বিচনীয়ে শীতল বা দি আছে।সমুখত প্ৰজাগণে ৰজা ৰাণীলৈ হাতযোৰ কৰি ভেবা লাগি চাই আছে।মাজে মাজে ৰজাই ৰাণীৰ এখন হাত ৰজাৰ হাতত লৈ ৰোমান্টিক চাৱনীৰে  চাই আছে।প্ৰজাগণে ৰজাৰ শাসনত সন্তুষ্ট হৈ ৰজালৈ কৰ-কাটল শস্যৰ টোপোলা আদি আগবঢ়াই সেৱা জনাইছে।ৰজাই এখন হাত দাঙি তথাস্ত বুলি আৰ্শীবাদ দিছে।তাৰ মাজতে ইচ্ছা দেৱী আহি ৰজা ৰাণীক সুধিলে আৰু কিবা ইচ্ছা আছেনে ? হঠাৎ মধুমতীৰ মনত পৰিল আজি দেখোন তাইৰ গৰ্ভনিৰোধক বড়ি খোৱাই নহ’ল ।