স্বাস্থ্য সজাগতা সভা আৰু আঠুৱা ঔষধিকৰণ শিৱিৰ সম্পন্ন গোলাঘাট মুদৈ গাঁৱত

স্বাস্থ্য সজাগতা সভা আৰু আঠুৱা ঔষধিকৰণ শিৱিৰ সম্পন্ন গোলাঘাট মুদৈ গাঁৱত

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলা স্বাস্থ্য বিভাগ, কমাৰ বন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বৰুৱা গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুদৈ গাঁৱত বৰ্তমান বাৰিষা সময়ত হ’বা পৰা বাহৰ্ক জনিত ৰোগৰ পৰা কিছু সকাহ পাবৰ বাবে আজি বৰুৱা গাঁৱৰ ক্ষুদ্ৰ প্ৰাথমিক স্থাস্থ্য কেন্দ্ৰৰ উদ্যোগত স্বাস্থ্য সজাগতা সভা,আঠুৱা ঔষধিকৰণ শিৱিৰ অনুষ্ঠিত হয়। উক্ত সভাত মেলেৰিয়া বিভাগৰ স্বাস্থ্যকৰ্মী বিজয় শইকীয়াই মেলেৰিয়া ৰোগৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি এই সন্দৰ্ভত উপস্থিত ৰাইজক উদ্দেশি বক্তব্য আগবঢ়াই সজাগ কৰি তোলে। শিৱিৰটোত ৬০টা পৰিয়ালে আঠুৱা ঔষধিকৰণ কৰাৰ পৰিৰ্বতে অঞ্চলটোৰ জ্বৰ হোৱা ব্যক্তিৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰে। উক্ত সভাত বৰুৱা গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰ পৰিদৰ্শক খগেন বৰা, বহুমুখী স্বাস্থ্য কৰ্মী উজ্বল শইকীয়া, বহুমুখী স্বাস্থ্য কৰ্মী সুখজিৎ দাস, আশা চুপাৰভাইজা ঘনকান্তি গগৈ, আশা কৰ্মী বুলি বৰা উপস্থিত থাকে।