স্বাস্থ্য শিবিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ২০/১/২০২৩ তাৰিখে গুৱাহাটী মেডিকেল কলেজৰ কমিউনিটি মেডিচিন বিভাগ আৰু মহিলা ডাক্তৰৰ সংস্থা সঞ্জীৱনী সংঘৰ উদ্যোগত ইন্দ্ৰপুৰ প্ৰাথমিক স্কুলত এটি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰত শিশুৰোগ, মেডিচিন,স্ত্ৰী ৰোগ ,কমিউনিটি মেডিচিন আৰু চকু বিভাগৰ বিশেষজ্ঞ চিকিৎসক সকলৰ উপস্থিতিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় । উক্ত শিবিৰত ১৫০ জনতকৈ ও অধিক ৰোগীক চিকিৎসা সেৱা আৰু ঔষধ প্ৰদান কৰা হয় । কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজা , সঞ্জীৱনী সংঘৰ সভানেত্ৰী ডাঃ পাৰুল দত্ত , সম্পাদিকা ডাঃ মেহজৱিন হাইদৰ হাজৰিকা আৰু ডাঃ চিন্ময়ী বৰঠাকুৰ ,ডঃ পাহাৰী গগৈ ,ডঃ অঞ্জনময়ী শইকীয়া আৰু লগতে কমিউনিটি মেডিচিন বিভাগৰ অন্যান্য চিকিৎসক তথা স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীও উপস্থিত থাকে। ইন্দ্ৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী চেতিয়া ফুকনৰ তত্বাৱধানত বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত স্বাস্থ্য শিবিৰটো সূচাৰুৰূপে সম্পাদন কৰা হয়।।