স্বাধীন ভাৰতৰ পূৰ্বৰ এখন পতাকা উদ্ধাৰ

Pc The Janambhumi

স্বাধীন ভাৰতৰ পূৰ্বৰ এখন পতাকা উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  পুৰণি বাকচত উদ্ধাৰ হ’ল ৯০ বছৰ পুৰণি জাতীয় পতাকা।চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱত ১৯৩১ চনৰ এখন জাতীয় পতাকা উদ্ধাৰ।স্বাধীন ভাৰতৰ পূৰ্বৰখন পতাকা উদ্ধাৰ হৈছে সোণাৰি সৰুপথাৰৰ নিবাসী নয়নমণী ৰাজখোৱাৰ বাসগৃহত।ঐতিহাসিক জাতীয় পতাকাখন উদ্ধাৰ হোৱাৰ পাছতে স্বাধীন ভাৰতৰ গৌৰৱ পতাকাখন দৰ্শন কৰিবলৈ স্থানীয় ৰাইজে হেতাওপৰা লগালে।নয়নমণী ৰাজখোৱাৰ ককাক পদ্মেশ্বৰ ৰাজখোৱা আছিল এজন স্বাধীনতা সংগ্ৰামী।নয়নমণিৰ কণমানি কন্যাই ঘৰত আইতাকক এখন জাতীয় পতাকা বিচৰাত ঘৰৰ পুৰণি এটা বাকচত উদ্ধাৰ হয় এই পুৰণি ঐতিহাসিক ৯০ বছৰ পুৰণি জাতীয় পতাকাখন।