স্বাধীন ভাৰতৰ নতুন প্রত্যাশা – কবিতা শর্মা

স্বাধীন ভাৰতৰ নতুন প্রত্যাশা

কবিতা শর্মা,
নতুন দিল্লী

১৫ আগষ্ট ১৯৪৭ … ভাৰতৰ ইতিহাসৰ পাতত স্বৰ্ণিল আখৰেৰে খোদিত এটি চিৰ স্মৰণীয় দিন। এই দিনটোতে ভাৰত বৰ্ষত এটা যুগৰ অন্ত হৈ এক নতুন যুগৰ সূচনা হৈছিল। এই দিনটোতে দেশবাসীয়ে ইংৰাজৰ প্ৰায় ২০০ বছৰীয়া পৰাধীনতাৰ শিকলি চিঙি স্বাধীনতাৰ ন সুৰুজ দেখিছিল। এই দিনটো ভাৰতীয় সকলৰ বাবে মাত্ৰ এটা তাৰিখ নহয় – এক আবেগ, এক উদ্দীপনা, গৌৰৱময় এক উজ্জ্বল মুহুৰ্ত …

কিন্তু এই স্বাধীনতা সহজতে পোৱা স্বাধীনতা নাছিল। ইয়াৰ কাৰণে লাখ লাখ ভাৰতীয়ই নিজৰ ঘৰ – পৰিয়াল, নিজৰ সুখ- আনন্দ সকলো জলাঞ্জলি দি, নিজৰ জীৱনকো আহুতি দিছিল। অনেকে আমৰণ কাৰাগাৰ খাটিছিল, অনেকে হাঁহি হাঁহি ফাচিকাঠত উলমিছিল। বন্দুকৰ গুলিত অনেকৰে বুকুৰ তেজেৰে দেশৰ মাটি ৰক্তাক্ত হৈ পৰিছিল। তথাপিও তেওঁলোেক নিজৰ লক্ষ্যৰ পৰা আঁতৰি অহা নাছিল । আজিৰ এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে স্বাধীনতা কেবল যুক্ত বতাহত উশাহ লোৱাকে নুবুজায়, বৰঞ্চ লাখ লাখ মানুহৰ স্বদেশৰ প্ৰতি বিশ্বাসযোগ্যতা, দায়িত্ববোধ আৰু সমৰ্পণৰ ভাৱনাকো বুজায়। আজি যদি আমি আমাৰ দেশত মুক্ত ভাবে উশাহ লব পাৰিছোঁ নিজৰ ইচ্ছা অনুযায়ী শিক্ষা লব পাৰিছোঁ, নিজৰ লক্ষ্যত উপনীত হব পাৰিছোঁ, সপোন দেখিব পাৰিছোঁ সেয়া একমাত্ৰ আমাৰ পূৰ্বজ সকলৰ আত্মত্যাগৰ বাবেহে। কাৰণ তেওঁলোকে আমাৰ সংঘৰ্ষ সহজ কৰি থৈ গৈছে। প্ৰকৃততে আমাৰ দেশৰ শাসন ভাৰ লোৱা ইংৰাজৰ জুৰতা ভাৰতবাসীৰ সাহসৰ সন্মুখত তিষ্ঠিব পৰা নাছিল। ইয়াৰ কাৰণ হ’ল ব্রিটিছ সকলে হাজাৰ প্ৰয়াস কৰিও ভাৰতীয় সকলক ভাগ ভাগ কৰিব পৰা নাছিল। ভাৰতীয় সকলৰ অটুত মনোবলৰ বাবেই তেওঁলোকৰ ‘divide and rule’ -নীতি সফল হব পৰা নাছিল । সকলো ভাৰতীয় একযুত হৈ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল আৰু স্বাধীনতা লাভকৰিছিল। কেইবাটাও প্ৰজন্মৰ সংঘৰ্ষৰ পাছত ভাৰতীয় স্বতন্ত্ৰতা বিধেয়কে ভাৰতৰ স্বাধীনতাত মোহৰ লগালে। ইয়াৰ দ্বাৰাই ভাৰতে প্ৰায় দুশ বছৰীয়া ইংৰাজ শাসনৰ পৰা মুক্ত হৈ এক স্বর্ণ যুগৰ সূচনা কৰিলে। স্বাধীনতা পোৱা হ’ল – কিন্তু দেশ বিভাজনৰ পীড়াৰ সৈতে। এই ক্ষেত্রত এই স্বাধীনতাৰ অৰ্থ বুজি পোৱাটো অত্যন্ত জৰুৰী যাতে কোনো জিন্না বা সাবাৰকাৰে ঘৃণাৰ নামত ভাৰত বৰ্ষক পুনৰবাৰ বিভাজিত কৰিব নোৱাৰে। এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে এই স্বাধীনতাৰ অৰ্থ হৈছে জনতাৰ চৰকাৰ। জনতাৰ নিজৰ শাসন আৰু জনতাৰ নিজৰ অধিকাৰ। এই স্বাধীনতাৰ অৰ্থ হৈছে বন্দীত্বৰ শিকলিৰ শ্বাসৰূদ্ধ অৱস্থাৰ পৰা মুক্তি। এই স্বাধীনতাৰ অৰ্থ হৈছে অত্যাচাৰৰ পৰা মুক্তি। এই স্বাধীনতাৰ অৰ্থ — নিজৰ অধিকাৰৰ বাবে বলিষ্ঠ  কন্ঠ। এই স্বাধীনতাৰ অৰ্থ – স্বৈৰাচাৰিতাৰ বিৰূদ্ধে মাত মতাৰ সাহস আৰু নিজৰ ওপৰত মজবুত আস্থা ৰখাৰ বিশ্বাস।

প্ৰজাতন্ত্ৰীয় শাসনৰ অন্তৰ্গত ভাৰতৰ প্ৰগতি নুই কৰিব নোৱাৰি। অন্তৰীক্ষ বিমান, পৰমানবিক শক্তি, যাতায়তৰ ব্যৱস্থা, সঞ্চাৰ, সুৰক্ষা, চিকিৎসা আদি বিষয়ত আজি আমি উন্নতিৰ শিখৰত অৱস্থিত হৈছোঁ। কিন্তু দাৰিদ্র্য, নিবনুৱা সমস্যা জাতিবাদ, ক্ষেত্রবাদ, ভ্ৰষ্টাচাৰ, সাম্প্রদায়িকতা, জনসংখ্যাবৃদ্ধি, অনুপযুক্ত শিক্ষা ব্যৱস্থা, চুৰি -ডকাইটি, ধর্ষণ, লুন্ঠন আদি অপৰাধৰ নিৰন্তৰ বৃদ্ধি, প্রদূষণ, নৈতিক, সামাজিক আৰু ৰাষ্ট্ৰীয় আদৰ্শৰ লোপ, নৈতিক পতন আদি আজি ভাৰতৰ প্রমুখ সমস্যা। আতঙ্কবাদ আৰু ক্ষেত্রবাদেও দেশক দ্বিখণ্ডিত কৰি দেশৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰিছে। জাতি – সাম্প্রদায়িকতাৰ নামত ঠায়ে-ঠায়ে হোৱা গোষ্ঠী সংঘৰ্ষ ৰ ফলত পৰিৱেশ অশান্ত হৈ পৰিছে। দাৰিদ্র্য আৰু বেৰোজগাৰীয়ে আজিৰ প্রজন্মক ইমান বিদ্রোহী কৰি তুলিছে যে ঘৃণিততকৈ ঘৃণিত কাম কৰিবলৈ তেওঁলোকে দ্বিধা বোধ নকৰে। ড্ৰাগছ আৰু বিভিন্ন মাদক দ্রব্য সেৱনে যুৱ চামক ধ্বংসৰ মুখলৈ লৈ গৈছে। বহুতে হত্যা, ধর্ষণ, চুৰি – ডকাইটি, আদিৰ দৰে নানানটা অপৰাধ মূলক কার্য সংঘটিত কৰিও আইনৰ সুৰুঙাৰে সাৰি গৈ মুকলি আকাশৰ তলত নিশ্চিন্তে ঘূৰি ফুৰিছে। ভৌতিক দৃষ্টিত আমাৰ উন্নতি হৈছে সচা, কিন্তু সামাজিক আৰু নৈতিক দৃষ্টিত ভাৰতীয় সকলৰ পতন হব ধৰিছে ৷৷ বহুত ভাৰতীয়ই স্বাৰ্থ আৰু অজ্ঞানতা বশতঃ প্রাপ্ত অধিকাৰৰ দুৰোপয়োগ কৰিছে। দেশৰ ক্ষমতা অযোগ্য, স্বাৰ্থপৰ, ভ্ৰষ্ট নেতাসকলৰ হাতলৈ যাব ধৰিছে। সৰ্বত্ৰ ভ্ৰষ্টাচাৰী নেতা সকলে নিজৰ হিতৰ  বাবে ৰাষ্ট্ৰহিত বলিদান দি দেশৰ উন্নতিৰ পথত বাধা হৈ পৰিছে।

দেশৰ এনেবোৰ পৰিস্থিতিৰ কথা ভাবিলে মনত বাৰে বাৰে এটা প্রশ্নই ভুমুকি মাৰে – আমি বাৰু আজি সচাকৈয়ে স্বাধীন হব পাৰিছোনে ? প্রকৃত অর্থত স্বাধীনতা কি? স্বাধীনতাৰ সংজ্ঞাই বা কি? কেবল মাত্র জাক-জমকতাৰে স্বাধীনতা দিবস পালন কৰিলে, পতাকা উত্তোলন কৰি বক্তৃতা দিলেই আমি স্বাধীন হৈ পৰো নেকি? ইংৰাজৰ বন্দীত্বৰ বন্ধন খুলি আমাৰ দেশ স্বাধীন হোৱাৰ ৭৯ তম বৰ্ষত খোজ পেলালে। এ. আই. যুগৰ আগমন হ’ল। সৰুতে সাধুকথাত শুনা আমাৰ জোনবাইৰ দেশত খোজ পেলালে ভাৰতীয়ই। তথাপিও আমি সচা অৰ্থত স্বাধীন হলোনে? দেশৰ বাবে প্ৰাণ আহুতি দিয়া আমাৰ বীৰ সকলে যি স্বাধীন ভাৰতৰ স্বপ্ন দেখিছিল প্রকৃততে আমি তেনে দেশ এখন গঢ়ি তুলিব পাৰিছোনে ? নির্ভয়া – অভয়াই কান্দে আজিও ।। আজিও শিক্ষিত নিবনুৱাই বেকাৰত্বৰ দিন যাপন কৰি শেষত ভুল পথে পৰিচালিত হয়। আজিও মানুহে হিংসা স্বাৰ্থৰ খাতিৰত নিজৰ সুখকেই প্রাধান্য দিয়ে, কিন্তু আনৰ দুখত অন্ধ হৈ পৰে। আমি পৰিৱৰ্তন বিচাৰো, আন্দোলন কৰোঁ, কিন্তু নিজৰ পৰিৱৰ্তন নিবিচাৰো কিয়? ইংৰাজ সকল গুচি গ’ল। কিন্তু মনৰ মাজত যেন থৈ গ’ল সেই একেই লোভ, হিংসা আৰু সাম্প্রদায়িকতাৰ নাগপাশ।

প্রকৃততে আমি আজিও স্বাধীন হব পৰা নাই। আমি সিদিনাহে স্বাধীন হম যিদিনা কৰ্তব্যৰ খাতিৰত ঘৰলৈ দেৰিকৈ উভতা নাৰী এগৰাকী ধর্ষিতা হোৱাৰ ভয় নাথাকিব। আমি সিদিনাহে স্বাধীন হম যিদিনা উচ্চ শিক্ষিত লৰাটোৱে চাকৰি নোপোৱাৰ অনুশোচনাত দগ্ধ হৈ আত্মহত্যা কৰিব লগীয়া নহব। আমি সিদিনাহে স্বাধীন হম যিদিনা কন্যা ভ্রুণৰ হত্যা বন্ধ হব। কন্যাৰ দেউতাকে পাত্ৰ পক্ষৰ ওচৰত শিৰ নত কৰিব নালাগিব।

এগৰাকী নাৰী এজন পুৰুষৰ ওচৰত মূৰ তুলি ঠিয় দিব পাৰিব। যিদিনা প্ৰতিজন দৰিদ্ৰৰ বাবে অন্ন-বস্ত্ৰ-বাসস্থানৰ কোনো অভাব নাথাকিব। পদ পথত কোনো শিশু অনাহাৰে নিশা যাপন কৰিব নালাগিব। যিদিনা এজন পুৰুষ বা নাৰী হিচাপে নহয় এজন মানুহ হিচাপে আন এজন মানুহৰ ওচৰত নিৰ্ভয়ে ঠিয় দিব পাৰিব। যিদিনা কোনো বোৱাৰী যৌতুকৰ বাবে মৃত্যুক আকোৱালি লব নালাগিব। যিদিনা অসহায় অৱস্থাত কোনো বৃদ্ধ পিতৃ-মাতৃয়ে পথত ভিক্ষা খুজিব লগীয়া অৱস্থা নহব। আমাৰ দেশৰ বাবে সেই ক্ষণটোৱেই হব প্ৰকৃত স্বাধীনতাৰ ক্ষণ!

এনেবোৰ অৱস্থাৰ পৰিৱৰ্তন বিচাৰিলে আমি প্রথমে উন্নত মানসিকতাৰ মাজেৰে নিজকে সলনি কৰিব লাগিব। সময় আহি পৰিছে নিজৰ দায়িত্ব নিজে লোৱাৰ। নিজৰ ক্ষমতা অনুযায়ী সমাজৰ উন্নতিৰ বাট প্রশস্ত কৰাৰ। দূৰ হওক সামাজিক ভেদাভেদ … প্রেম, ভালপোৱা, স্বাধীনতা উভতি আহক … মনত ৰাখিব লাগিব যে দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ দায়িত্ব আমাৰহে দেশৰ নহয়।

৭৯তম স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত আমি সকলোৱে পণ লওঁ আহক –

নিজকে সলাই দেশ গঢ়িম
সজাম স্বাধীনতাৰ সাজ
সমান ভাবে সন্মানিত হওক
দেশৰ প্ৰতিটো প্রাণ

এই কথা বিশ্বাস যোগ্য যে, দেশৰ মাটিৰ প্ৰতি টান প্ৰতিজন ভাৰতীয়ৰে আছে – চিৰদিন থাকিব। স্বদেশৰ মাটিৰ সুগন্ধি আৰু শীতল বতাহ জাকৰ কল্লোলে সকলোকে সন্মোহিত কৰে। দেশৰ মাটিত বাস কৰা প্ৰতিজন নাগৰিকৰ চিন্তা ধাৰণা বেলেগ হব পাৰে, কিন্তু স্বদেশৰ প্ৰতি প্ৰেমৰ অনুভূতি সকলোৰে একে। দেশপ্রেম সকলোৰে প্ৰাণতে আছে। দেশপ্ৰেমৰ প্ৰমাণ দিবলৈ এজন সৈনিক বা এজন ৰাজনৈতিক নেতা হোৱাৰ প্ৰয়োজন নাই। এজন নাগৰিকে যদি দেশৰ কোনো অহিত চিন্তা নকৰাকৈ, সমাজখনক অস্থিৰ কৰি নোতোলাকৈ, আন এজনৰ স্বাধীনতাৰ অধিকাৰ খৰ্ব নকৰাকৈ নিজৰ কৰ্তব্য পথত অগ্ৰসৰ হব পাৰিছে, সেয়াই দেশপ্রেম। আমাৰ সমাজখন সুন্দৰকৈ ৰাখিবলৈ আমাৰ সাধ্য অনুযায়ী কাম কৰাটোৱেই হ’ল— দেশপ্রেম। সমাজখন, দেশখন ধুনীয়াকৈ ৰাখিবলৈ আমি কৰা প্ৰতিটো প্ৰচেষ্টাৰ মাজতে লুকাই আছে দেশপ্রেম। প্রকৃতার্থত দেশপ্রেম হ’ল – ধৰ্ম, মানৱতা আৰু নিৰপেক্ষতাক প্রাধান্য দি আন্তৰিকতা আৰু ভক্তিৰে দেশৰ সেৱা কৰা।

আমাৰ দেশৰ সীমান্তৰক্ষী, বীৰ জৱান, খেতিয়ক সকল, আৰক্ষী, প্ৰশাসন আৰু প্ৰতিজন ব্যক্তি যি সকলে সম্পূর্ণ নিষ্ঠা সহকাৰে দেশৰ বাবে কাম কৰিছে, যিসকল বীৰে দেশৰ হৈ প্ৰাণ আহুতি দিছে সেই সকললৈ চেল্যুট জনাইছোঁ। আমাৰ দেশ মহান আছিল, মহান হয় আৰু মহান হৈয়েই ৰব …

সকলোলৈকে ৭৯তম স্বাধীনতা দিৱসৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ।