স্বাধীনতা সংগ্ৰামী-শিক্ষাব্ৰতী কুন্তেশ্বৰী দত্ত ৰাজ্যিক স্মাৰক বঁটা প্ৰদান ড° শিখামণি কোঁৱৰক

স্বাধীনতা সংগ্ৰামী-শিক্ষাব্ৰতী কুন্তেশ্বৰী দত্ত ৰাজ্যিক স্মাৰক বঁটা প্ৰদান ড° শিখামণি কোঁৱৰক

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ছয়মাইলস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ড° শিখামণি কোঁৱৰক যোৰহাটৰ চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষে স্বাধীনতা সংগ্ৰামী কুন্তেশ্বৰী দত্ত স্মাৰক বঁটা-২০২৩ প্ৰদান কৰে ৷ চিনামৰা মহাবিদ্যালয় মহিলা কোষে ৩০ আগষ্টত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই স্মাৰক বঁটা প্ৰদান কৰে ৷ অধ্যয়ন, চিন্তন, মনন, আত্মানুভূতিৰে গৱেষণিক প্ৰজ্ঞাৰ অধিকাৰীনী, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণামূলক আলোচনা চক্ৰত অংশ গ্ৰহণ , মননশীল গৱেষণালব্ধ গ্ৰন্থ প্ৰণেতা, বিশ্বৰ কেইবাখনো বিশ্ববিদ্যালয় পৰিভ্ৰমণ, আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ অসমৰ এগৰাকী বিদূষী মহিলাৰ স্হানত উপনীত হোৱা অধ্যক্ষা ড° শিখামণি কোঁৱৰক চিনামৰা মহাবিদ্যালয় মহিলা কোষে এই স্মাৰক বঁটা প্ৰদান কৰে ৷ কুন্তেশ্বৰী দত্ত আছিল দক্ষিণ যোৰহাটৰ এগৰাকী স্বাধীনতা সংগ্ৰামী তথা নাৰীৰ সামাজিক অধিকাৰ , নাৰী শিক্ষাৰ কাৰণে অগ্ৰনী ভূমিকা গ্ৰহণকাৰী নাৰী । তেওঁ ১৯৪২ চনত মাহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতত চলা অসহযোগ আন্দোলনৰ অসমৰ এগৰাকী সক্ৰিয় সংগ্ৰামী সদস্য আছিল ৷ স্বাধীনোত্তৰ কালত তেওঁ কৰঙা বৰুৱা গাঁৱৰ সেৱাশ্ৰম, কৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় , কৰঙা ডাকঘৰ প্ৰতিষ্ঠাত আগভাগ লৈছিল৷ বঁটা গ্ৰহণ কৰি অধ্যক্ষা ড° শিখামণি কোঁৱৰে তেওঁৰ ভাষণত স্বাধীনতা সংগ্ৰামী কুন্তেশ্বৰী দত্তৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ তেওঁ কয় ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে কুন্তেশ্বৰী দত্ত দেশপ্ৰেমী, আত্মদানী আৰু নাৰীশক্তিৰ প্ৰতীকৰূপে জিলিকি থাকিব৷ লগতে অধ্যক্ষাগৰাকীয়ে মন্তব্য কৰে যে বিদ্যায়তনিক জংগতখনত কুন্তেশ্বৰী দত্তৰ বিষয়ে অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ স্বাধীনতা সংগ্ৰামৰ কথা প্ৰচাৰিত হয় ৷