স্বাধীনতা সংগ্ৰামী নেতা – ছেলিমা বেগম

Pc Outlook India

স্বাধীনতা সংগ্ৰামী নেতা

 ছেলিমা বেগম ,নগাঁও

ভাৰতীয় এজন স্বাধীনতা সংগ্রামী নেতা ,
আমাৰ নায়ক সুভাষ চন্দ্র বসু।
আজিও আমাৰ মাজত অমৰ হৈ আছে
স্বাধীনতা আন্দোলনৰ গুলিৰ ভয়  নকৰি
বৃটিছৰ বন্দুকৰ গুলিৰ আগত থিয় হৈ
 সাহসিকতাৰে  ভাৰতক ৰক্ষা কৰিলে।
তেখেতৰ দেশভক্ত দেশবাসীৰ ওচৰত আজিওঁ
নৱপ্ৰজন্মৰ মাজত  চিৰস্মৰণীয় হৈ থাকিব।
জন্মগত অধিকাৰ স্বাধীনতাৰ কাৰণে ,
ভাৰতবাসী নেতাজিৰ ওচৰত কৃতজ্ঞতা।
তেখেতৰ সৎ প্ৰচেষ্টাৰ দ্বাৰা আজি আমি স্বাধীন
 মনে ভাৰতৰ মাটিত বাস কৰি থাকিব পাৰিছোঁ।
বৃটিছ সকলক খেদি
 ভাৰতক স্বাধীন কৰিলে ,তেখেতৰ উক্তি
 আছিল তোমালোকে মোক তেজ দিয়া
মই তোমালোকক স্বাধীনতা দিম”
ভাৰতীয় স্বাধীনতা আন্দোলনৰ সাহস,
ত্যাগ, বীৰত্ব, ও দেশ প্ৰেমৰ এক নতুন
 ইতিহাস তেখেতে আমাৰ মাজত দিলে তেখেতক
আমি ভাৰতবাসীয়ে ‍শ্ৰদ্ধাৰে স্মৰণ  কৰোঁ ।