স্বাধীনতা মানে – নিৰ্মিতা বৰগোহাঁই

স্বাধীনতা মানে

নিৰ্মিতা বৰগোহাঁই, গুৱাহাটী

স্বাধীনতা মানে
ভাষা সংস্কৃতি
ঐতিহ্য পৰম্পৰাক
জাতিৰ কৱচ স্বৰূপে
জীয়াই ৰখা
স্বাধীনতা মানে
জোনাকী বাটেৰে
আগুৱাই গৈ
নীৰৱতাৰ ফেঁহুজালিত
একাঁজলি ৰ’দ লোৱা
স্বাধীনতা মানে
পিতাইৰ সাহসত
আইৰ মৰমত
সেউজীয়া উশাহ লৈ
জী উঠা
স্বাধীনতা মানে
দেশ মোৰ
মাটি মোৰ
স্বদেশ মানেইটো
চিনাকি মোৰ।