স্বাধীনতা দিৱস – চন্দ্ৰ শেখৰ পৰাজুলী

PC - The Times of India

স্বাধীনতা দিৱস

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

ভাৰত বৰ্ষত প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিবস উৎযাপন কৰা হয় বুলি আমি সকলো ভাৰতীয় নাগৰিকে ভালকৈ জানো নহয়নে ? কিন্তু বৰ্তমান সময়ৰ লাখ টকীয়া প্ৰশ্নটো হ’ল আমি বৰ্তমান সময়ত সচাকৈয়ে সম্পূৰ্ণ ৰূপত এখন স্বাধীন ৰাষ্ট্ৰ নে? আমাৰ দেশ ভাৰতে বৰ্তমান সময়ত এখন স্বাধীন ৰাষ্ট্ৰ ৰূপত স্বীকৃতি পোৱা প্ৰায় ৭৬ বছৰ মান হৈছে। এই ৭৬ বছৰ ধৰি আমি নিজে কিমান আত্মনিৰ্ভৰশীল হৈছোঁ সেয়েহে হয়তো আমি সকলোৱে নিজে নিজে অনুমান কৰিবলৈ সক্ষম নহয়নে? ইয়াৰ লগে লগে আমাৰ দেশে কিমান উন্নতি সাধন কৰিবলৈ সক্ষম হৈছোঁ সেইবোৰ আমি আজি নিজ চকুৰে প্ৰত্যক্ষ কৰি গৈ আছোঁ। চাওঁক মই ইয়াতে যদি আমাৰ দেশৰ বিষয়ে আপোনালোকক ধনাত্মক দিশতকৈ যদি ঋণাত্মক দিনবোৰ যদি অবগত কৰিবলৈ ধৰো তেন্তে আপোনালোকে মোক ঋণাত্মক মানসিকতাৰে পৰিপুষ্ট মানুহৰ লগত তুলনা কৰিব। তথাপিও যি কিয়ে নহওঁক কিয় আমি সত্যক উজাগৰ কৰিবলৈ ভয় কৰিব নালাগে। আচলতে কিছুমান প্ৰকৃত সত্য নিজৰ মাজত দমন কৰাটো সম্ভৱপৰ হয় যদিও এনেধৰণৰ নানান বিষয়-বস্তু থাকে যাক আমি জগতৰ আগত ঢাকি ৰখাটো কেতিয়াও সম্ভৱপৰ নহয়।আজি আমি বৰ্তমান সময়ত চন্দ্ৰ য়ান-২ বা চন্দ্ৰ য়ান-৩ মহাকাশত এৰি মনে মনে হয়তো সকলো ভাৰতীয় লোকসকলে গৌৰৱান্বিত অনুভৱ কৰোঁ নহয়নে ? কিন্তু চাওঁক ১৬ জুলাই ১৯৬৯ চনত এপলো-১১ মহাকাশ যানত তিনিজন মহাকাশচাৰী জোনবাই দেশলৈ বুলি ৰাওনা হৈ আজিতকৈ প্ৰায় ৫৪ বছৰৰ আগতেই চন্দ্ৰত মানুহে ভৰি থৈ আহিবলৈ সক্ষম হৈছে। এতিয়া কথা হ’ল বৰ্তমানে ২০২৩ চনত ইন্টাৰনেট লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ইমান ক্ৰান্তিৰ সময়ত আমি কেৱল চন্দ্ৰলৈ এখন যন্ত্ৰ পঠিয়াই ইমানকৈ উৎফুল্লিত হোৱাৰ মই কাৰণ বিচাৰি পোৱা নাই। চাওঁক আগতে মানুহে বল প্ৰয়োগ জৰিয়তে নানান দেশসমূহৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। কিন্তু আজিকালি বল প্ৰয়োগ কৰাতকৈ বুদ্ধি প্ৰয়োগৰ দিন আহিছে।এসময়ত যিদৰে আমি আনৰ বল প্ৰয়োগৰ জৰিয়তে দমন হৈ আছিলোঁ ঠিক সেইদৰে এতিয়া আমি আকৌ পুনৰ এবাৰ ডিজিটেলী পশ্চিমীয়া দেশৰ তলতীয়া হৈ পৰিছো। আৰু এনে সমস্যা সমাধান বাবে আমাৰ মাজত প্ৰতিভাৰ অভাৱ আছে এনে নহয়। আচলতে আমাৰ মাজত থকা প্ৰতিভা সমূহৰ উচিত মূল্যাংকন কৰাৰ পৰাহে আমি বঞ্চিত হৈ আছোঁ। আমি এতিয়াও স্বাধীনতাৰ প্ৰায় ৭৬ বছৰৰ পিছতো নাৰী সমাজৰ ওপৰত উচিত ন্যায় আৰু নাৰী সমাজক বৰ্তমান সময়তো সুৰক্ষিত কৰি তুলিবলৈ সম্ভৱপৰ হৈ উঠা নাই। কিন্তু কিমান দুখৰ বিষয়ে অতীততে ভাৰতবৰ্ষক ভাৰত মাতা, নাৰীক অৰ্ধাঙ্গিনী আৰু গাইক আমি গৌ মাতা বুলি গন্য কৰা হৈছিল যদিও বৰ্তমান সময়ত নাৰী জাতিক বা স্ত্ৰী লিংগৰ সুৰক্ষ প্ৰদানৰ পৰা বঞ্চিত হৈ আছোঁ। সেয়েহে মোৰ মতে প্ৰকৃত স্বাধীনতা তেতিয়াহে আহিব যেতিয়া আমাৰ দেশে সফলতাৰ সৰ্বোচ্চ শিখৰত অতিক্ৰম কৰিবলৈ সক্ষম হ’ব। দেশৰ প্ৰতিজন মানুহৰ জীয়াই থকাৰ বাবে নুন্যতম সামগ্ৰী সংগ্ৰহ কৰিবলৈ বৰ বিষয়ে চিন্তা-চৰ্চা বা সংগ্ৰাম, সংঘৰ্ষ কৰাৰ পৰা বঞ্চিত হৈ বিকশিত দেশৰ কল্পনা কৰিবলৈ ধৰিব। কাৰণ ভোকাতুৰ ব্যক্তিয়ে পোনপ্ৰথমে অন্নৰ সন্ধানত লাগিব আৰু এজন ভৰপেট ব্যক্তিয়ে অন্যান্য দিশত মনোনিবেশ কৰা দেখা যায়।উপৰোক্ত আলোচনাৰ জৰিয়তে বেচিভাগ মানুহে গম পাইছে মই আচলতে কি কবলৈ বিচাৰিছোঁ। আৰু কিছুমান মানুহে মোক হয়তো ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তিৰ লগত তুলনা কৰিছে। আচলতে ময়ো ভাৰতবৰ্ষৰ বেচিভাগ সৰ্বসাধাৰণ নাগৰিক দৰে দুবেলা দুমুঠি অন্নৰ সন্ধানতে নিজকে আত্মনিয়োগ কৰি থাকিব লগা হৈছে। তথাপিও আমাৰ ভাৰত মহান বুলি হোংকাৰ দিয়া সকলক বাবে আমাৰ দেশৰ প্ৰকৃত সত্য আৰু কিছু আচল তথ্য অবগত কৰি দিবলৈ আন্তৰিকতাৰে মন গ’ল। আচলতে এসময়ত আমাৰ ভাৰত মহান ৰাষ্ট্ৰ আছিল কিন্তু বৰ্তমান সময়ত আমাৰ দেশৰ আগৰ পৰা মহান শব্দটো দিনক দিনে নাইকিয়া হৈ গৈ আছে। সেয়েহে আকৌ পুনৰ এবাৰ মহান শব্দটো ঘুৰাই পাবলৈ হ’লে সেইদৰে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাব লাগিব। তথাপিও মহান ভাৰতৰ কল্পনাৰ সৈতে অনাগত স্বাধীনতা দিৱসৰ সকলো দেশবাসীলৈ আন্তৰিক শুভকামনা আৰু শুভেচ্ছা জনালোঁ।