স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ত্ৰিৰঙ্গা যাত্ৰা 

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ত্ৰিৰঙ্গা যাত্ৰা 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চাই অসমৰ সকলো জিলাৰ সকলো মণ্ডলতে ত্ৰিৰঙ্গা যাত্ৰা অনুষ্ঠিত কৰে। যুৱ প্ৰজন্মৰ মাজত দেশপ্ৰেম আৰু সমাজত ঐক্য-সংহতিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে আজি বাহিৰ কৰা ত্ৰিৰঙ্গা যাত্ৰা সমুহত সকলো স্তৰৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য মৰিগাঁও জিলা যুৱ মৰ্চাৰ অন্তৰ্গত জাগীৰোড মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত ত্ৰিৰঙ্গা যাত্ৰাত অংশ লয় যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱা , সাধাৰণ সম্পাদক ত্ৰিদীৱজ্যোতি মৰাণে । নেলীৰ পৰা জাগীৰোডলৈ ওলোৱা ত্ৰিৰঙ্গা যাত্ৰাত পাঁচ শতাধিক বাইকে অংশগ্ৰহণ কৰে ।