স্বাধীনতা দিৱস – ইকবাল হুছেইন

PC - FirstCry Parenting

স্বাধীনতা দিৱস

ইকবাল হুছেইন

স্বাধীনতা দিৱস হৈছে ভাৰতীয় গণতন্ত্ৰৰ এটা জাতীয় দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত শুকুৰবাৰে, ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে। সেই ঘটনাৰ স্মৃতিত প্ৰতি বছৰে ভাৰতত ১৫ আগষ্ট স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। মূলতঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস, অসহযোগ আৰু আইন অমান্য আন্দোলন তথা বিভিন্ন চৰমপন্থী গুপ্ত ৰাজনৈতিক সমিতিৰ হিংসাত্মক আন্দোলনৰ নেতৃত্বত দীৰ্ঘদিনীয়া স্বাধীনতা সংগ্ৰামৰ অন্তত ভাৰতে স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ ঠিক আগতেই ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্য ধৰ্মীয় শাৰীত বিভাজন হৈছিল, যাৰ ফলত ভাৰত আৰু পাকিস্তান ৰাষ্ট্ৰৰ জন্ম হৈছিল। বিভাজনৰ সময়ত হোৱা সাম্প্ৰদায়িক দাঙ্গাৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হয়। বহু লোকৰ মৃত্যু হয় আৰু ১ কোটি ৫০ লাখৰো অধিক লোক গৃহহীন হৈ পৰে। ১৯৪৭ চনৰ ১৫ আগষ্টত জৱাহৰলাল নেহৰুৱে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি দিল্লীৰ লাহকিল্লাৰ লাহোৰী গেটৰ ওপৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত ত্ৰিৰংগা পতাকা উত্তোলন কৰি জাতিক সম্বোধি ভাষণ দিয়ে। উল্লেখ্য যে বিভিন্ন জাতি, ধৰ্মাৱলম্বী লোকৰ সন্মিলিত প্ৰচেষ্টা আৰু বলিদানৰ বিনিময়ত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষত আজি ধৰ্ম, জাত-পাতলৈ লেতেৰা ৰাজনীতি কৰা হৈছে। ধৰ্মীয় মেৰুবিভাজনৰ কুটিল ষড়যন্ত্র চলিছে। স্বাধীনতাৰ অভীষ্টক উপেক্ষা কৰি একাংশ বিভেদকামী শক্তিয়ে, তুচ্চ স্বাৰ্থ, সামান্য লালসা, ৰাজনৈতিক লাভালাভ আৰু সস্তীয়া জনপ্ৰিয়তাৰ বাবে ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা দেশজুৰি বিভাজন আনিবলৈ নিৰন্তৰ চেষ্টা কৰি গৈছে। এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত স্বাধীন ভাৰতবৰ্ষৰ একতা, শান্তি, উন্নতি, অগ্ৰগতি আৰু নাগৰিকৰ মৌলিক চাহিদা আদি পূৰণৰ পৰিৱৰ্তে যুগ যুগ ধৰি সমিলমিলৰে বসবাস কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ তথা ধৰ্মাৱলম্বী লোকৰ মাজত অবিশ্বাস, হিংসা, ঘৃণা, বিদ্বেষ তথা শত্ৰুতাৰ বিষবাষ্প বিয়পাই দিয়াৰ লগতে হিন্দু-মুছলমানৰ মাজত দূৰত্ব বৃদ্ধিত সাৰ-পানী যোগাই আছে, যিটো দেশ তথা জাতিৰ বাবে বিপদজনক। গতিকে দেশৰ প্ৰতিজন নাগৰিকেই ১৫ আগষ্টৰ দিনটোতে দেশৰ পৱিত্ৰ সংবিধানৰ লক্ষ্য, উদেশ্য তথা স্বাধীনতাৰ স্বাৰ্থকতাক বাস্তবায়িত কৰিবলৈ সংকল্প ল’ব লাগিব। শেষত প্ৰতিজন দেশবাসীলৈ পৱিত্ৰ স্বাধীনতা দিৱসৰ অনেক অনেক প্ৰীতি আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো, জয় হিন্দ।