স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত বেটি বচাও-বেটি পঢ়াও আঁচনিৰ অধীনত ৰক্তহীনতা পৰীক্ষাকৰণ কাৰ্যসূচী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ সহযোগত দিল্লী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত কিশোৰী সকলৰ মাজত এক ৰক্তহীনতা পৰীক্ষাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত সৰ্বমুঠ ৬৮ গৰাকী কিশোৰীক পৰীক্ষা কৰা হয় আৰু এই ৬৮ গৰাকী কিশোৰীৰ ভিতৰত ২০ গৰাকী কিশোৰীৰ হিম’গ্লবিনৰ পৰিমাণ পৰ্য্যাপ্ত পৰিমাণতকৈ কম পোৱা যায়। এই কিশোৰী সকলৰ মাজত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আইৰন ফ’লিক এচিড আৰু কেলচিয়াম টেবলেট বিতৰণ কৰা হয় লগতে স্বাস্থ্য বিভাগৰ পৰা অহা পৰামৰ্শ দাতাই কিশোৰী সকলৰ মাজত আইৰন আৰু কেলচিয়াম যুক্ত খাদ্যৰ লগতে স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।