স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ গাফিলতি

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাৰ নিৰাপত্তা ব্যৱস্থাত বৃহৎ গাফিলতি

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৫ আগষ্টত দেশে উদযাপন কৰিব স্বাধীনতা দিৱস। সেই উপলক্ষে দেশৰ সৰ্বস্তৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। পৰম্পৰাগতভাৱেই দেশৰ ৰাজধানী দিল্লীস্থিত লালকিল্লাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পিছে স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লালকিল্লাৰ নিৰাপত্তাৰ ব্যৱস্থাত এক বৃহৎ গাফিলতি পোহৰলৈ আহিছে। আহিছে। ইয়াৰ পিছতে লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবল আৰু হেড কনিষ্টবলকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰা হৈছে। দিল্লী আৰক্ষীয়ে জানিবলৈ মতে, শনিবাৰে স্পেচিয়েল চেলৰ এটা দলে এক বিশেষ অনুশীলন চলাইছিল। এই অনুশীলনীৰ অংশ হিচাপে তেওঁলোকে চিভিল ড্ৰেছত নকল বোমা লৈ লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰিছিল। সেই সময়ত লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে বোমাটো ধৰা পেলাব পৰা নাছিল। এনে কাৰণত তাৎক্ষণিক ব্যৱস্থা হিচাপে তেওঁলোকক নিলম্বিত কৰা হৈছে। স্পেচিয়েল চেলৰ দলটোৱে নকল বোমা লৈ লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে সেই স্থানত নিয়োজিত নিৰাপত্তা চক্ৰত বহু স্তৰত গাফিলতি প্ৰমাণিত হৈছিল। এই গাফিলতি অত্যন্ত গুৰুতৰ বুলি বিবেচনা কৰি কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে আৰু কৰ্তব্যত নিয়োজিত সাতজন আৰক্ষীক নিলম্বন কৰে। ইফালে, সোমবাৰেও অবৈধভাৱে লালকিল্লাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত ধৰা পৰিছিল পাঁচজন বাংলাদেশী। সকলোৰে বয়স প্ৰায় ২০-২৫ বছৰ আৰু দিল্লীত শ্ৰমিক হিচাপে কাম কৰে বুলি প্ৰকাশ পাইছে। তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে ভুৱা আধাৰ কাৰ্ড। আৰক্ষীয়ে বাংলাদেশী নাগৰিকক ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰিছে। এতিয়া ১৫ আগষ্টৰ পৰিপ্ৰেক্ষিতত লালকিল্লাত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক বৃদ্ধি কৰা হৈছে।