স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী মহানগৰীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। বিগত বৰ্ষৰ ১৫ আগষ্টত গুৱাহাটী মহানগৰীৰ ৮টাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিছত ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিগত বৰ্ষৰ দৰে এইবাৰো যাতে উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱসৰ দিনটোত কোনোধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। মহানগৰ আৰক্ষীৰ লগতে অর্ধসামৰিক বাহিনীয়ে মহানগৰীৰ বিভিন্ন স্থানৰ লগতে প্ৰৱেশ আৰু প্ৰস্থান পথত দিনে-নিশাই তালাচী অভিযান অব্যাহত ৰাখিছে। মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে নাকা চেকিং বহুৱাই দুচকীয়া-চাৰিচকীয়া বাহনৰ লগতে গুৱাহাটীৰ পৰা বিভিন্ন স্থানলৈ যোৱা বাছ আৰু বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ অহা বাছসমূহতো প্রতিদিনে তালাচী চলাইছে। মহানগৰ আৰক্ষী আয়ুক্তৰ নির্দেশমৰ্মে পূব আৰক্ষী জিলা, পশ্চিম আৰক্ষী জিলা আৰু মধ্য আৰক্ষী জিলাৰ অন্তৰ্গত আটাইকেইখন থানা এলেকাত নাকা চেকিঙৰ ব্যৱস্থা কৰি যান-বাহনসমূহত তন্ন-তন্নকৈ পৰীক্ষা কৰিছে। ইফালে, গুৱাহাটী ৰে’ল ষ্টেচন, কামাখ্যা ষ্টেচনত ৰে’ল আৰক্ষীয়ে স্নিফাৰ ডগ লৈ তালাচী চলোৱাৰ লগতে ষ্টেচনলৈ অহা লোকসকলৰ তালি-টোপোলা তন্ন-তন্নকৈ পৰীক্ষা কৰিছে। ইয়াৰ উপৰি আৰক্ষীয়ে মহানগৰীৰ স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰাখিছে। তদুপৰি নদী আৰক্ষীয়েও ব্রহ্মপুত্রত প্ৰতিদিনে টহলৰ ব্যৱস্থা কৰিছে, যাতে জলপথেৰে স্বাধীনতা দিৱসৰ পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰে। ৭৯ সংখ্যক স্বাধীনতা দিৱস শান্তিপূর্ণভাৱে উদযাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু অধসামৰিক বাহিনীয়ে নিশ্চিদ্র নিৰাপত্তা বেষ্টনী গঢ়ি তুলি গুৱাহাটী মহানগৰীক কটকটীয়া নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত কৰিছে।