স্বাধীনতা দিৱসত দেশাত্মবোধৰ ভাবনাৰে উজ্জীৱিত কলাক্ষেত্ৰ বৰ্ণময় পৰিৱেশত “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা” আৰম্ভ

স্বাধীনতা দিৱসত দেশাত্মবোধৰ ভাবনাৰে উজ্জীৱিত কলাক্ষেত্ৰ বৰ্ণময় পৰিৱেশত “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা” আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱসৰ দিনটোত আৰম্ভ হোৱা “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা”ক লৈ দেশাত্মবোধৰ ভাবনাৰে উজ্জীৱিত হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র চৌহদ। সাদিনীয়া এই নাট্য উৎসৱৰ আজিৰ দ্বিতীয় দিনা দুটাকৈ দৰ্শনীত মঞ্চস্থ কৰা হয় নাট্যকাৰ-পৰিচালক মৃণাল কুমাৰ বৰাৰ “গোভাৰজা ছত্রচিংঃ অপ্ৰতিৰোধ্য দেওৰজা” নামৰ নাটকখন। নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী “ৰংগমেলা”ই পৰিৱেশন কৰা নাটকখনে দর্শকসকলক আপ্লুত কৰে। নাটক আৰম্ভ হোৱাৰ প্ৰাকক্ষণত প্রেক্ষাগৃহ পৰিসৰত “পূৰ্বৰংগ” শীৰ্ষক কলাত্মক অনুষ্ঠানত কৃষ্ণাক্ষী কাশ্যপৰ পৰিচালনাৰে এক দেশপ্রেমমূলক কলাত্মক কাৰ্যসূচী পৰিৱেশন কৰা হয়।

আনহাতে, কালি নাটমেলাৰ উদ্বোধনীৰ দিনটোত শ্রী শ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মঞ্চস্থ কৰা হয় হিল্লোল কুমাৰ পাঠকৰ “গোপীনাথঃ যুগজয়ী স্বপ্নদ্রষ্টা” নামৰ নাটকখন। অবিনাশ শৰ্মাই পৰিচালনা কৰা আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে পৰিৱেশন কৰা মনোগ্রাহী নাটকখন দুটাকৈ দৰ্শনীত মঞ্চস্থ কৰা হয়। স্বাধীনতা সংগ্ৰামত বীৰত্বৰ পৰিচয় দিয়া তথা আত্মাহুতি দিয়া পূৰ্বোত্তৰৰ অবন্দিত বীৰ-বীৰাংগনাসকলৰ প্ৰতি শ্ৰদ্ধাৰ্য্যৰে আয়োজন কৰা নাটমেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰি কালি দ্বিতীয় দর্শনীত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে কলাক্ষেত্ৰ সমাজৰ এই সজ প্রয়াসৰ শলাগ লয়। নাট্যনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ মাজত আছিল মন্ত্রী জয়ন্তমল্ল বৰুৱা, সাংসদদ্বয় দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি, মেয়ৰ মৃগেন শৰণীয়া, গোপীনাথ বৰদলৈৰ সুযোগ্য পুত্র বলীন বৰদলৈ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, বিশিষ্ট নাট্য ব্যক্তিত্ব দুলাল ৰয় আদি। স্বাধীনতা সংগ্রামত গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকনৰ দৰে বৰেণ্য যোদ্ধাসকলৰ সবল নেতৃত্ব, গান্ধীজীৰ অসম আগমন, অসহযোগ তথা আইন অমান্য আন্দোলন আদি বিভিন্ন দিশ সামৰি সাৱলীলভাৱে উপস্থাপন কৰা নাটখনে পূর্ণ প্রেক্ষাগৃহৰ দৰ্শকক আপ্লুত কৰে। অসম আৰু অসমীয়াৰ দেশাত্মবোধ সজীৱ হৈ পৰে নাটখনৰ মাজত।

উল্লেখ্য যে নাট মঞ্চস্থ হোৱাৰ পূৰ্বে অত্যাধুনিক প্রযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰেক্ষাগৃহ পৰিসৰত আয়োজন কৰা “স্বৰাজ পৰিক্ৰমা” শীৰ্ষক প্রদর্শনী আৰু “পূৰ্বৰংগ” নামৰ কলাত্মক কাৰ্যসূচী মুকলি কৰে কলাক্ষেত্ৰ সমাজৰ সচিব সুদর্শন ঠাকুৰে। এই দুয়োটা কাৰ্যসূচী স্বৰাজ আন্দোলনৰ গৰিমাৰ আধাৰত যুগুত কৰা হৈছে। কালিৰ “পূৰ্বৰংগ” কাৰ্যসূচীত স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাক লৈ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী “থার্ড আই”-এ পৰিৱেশন কৰে বিজিত কুমাৰ দাস পৰিচালিত নৃত্য নাটিকা “তৰিলে দেশ মৰিলে স্বৰ্গ”। আনহাতে, “স্বৰাজ পৰিক্ৰমা” শীর্ষক প্রদর্শনীখনত বহু আপুৰুগীয়া ছবি আৰু দৃশ্য-শ্ৰব্য অনুষ্ঠান দৰ্শকৰ বাবে অন্যতম আকৰ্ষণত পৰিণত হয়। তদুপৰি নাটমেলা উপলক্ষে প্রকাশিত “ৰূপান্তৰ” নামৰ আটকধুনীয়া স্মৃতিগ্ৰন্থখনো সচিবগৰাকীৰ লগতে বিশিষ্ট ব্যক্তিসকলে উন্মোচন কৰে। কাৰ্যসূচীসমূহৰ আঁত ধৰে বিশিষ্ট সাংস্কৃতিক কর্মী নয়ন প্রসাদে। “পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা’ত কাইলৈ সন্ধিয়া ৫ আৰু ৭-৩০ বজাত পংকজজ্যোতি ভূঞাৰ “মাংৰী মেমঃ সেউজী অগ্নিকন্যা” নামৰ নাটকখন মঞ্চস্থ কৰা হ’ব। পবিত্র চেতিয়া পৰিচালিত নাটকখন পৰিৱেশন কৰিব দুলীয়াজানৰ “পথাৰ”-এ।