স্বাধীনতা তুমি কাৰ বাবে?- ইকবাল হুছেইন

স্বাধীনতা তুমি কাৰ বাবে?

স্বাধীনতা দিৱস হৈছে ভাৰতীয় গণতন্ত্রৰ এটা জাতীয় দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ ব্ৰিটিছ ৰাজ শক্তিৰ শাসনকর্তৃত্ব গ্লানিৰ পৰা মুক্ত হৈ স্বাধীনতা অর্জন কৰিছিল। এই ঘটনাটোকে চিৰ স্মৰণীয় কৰি ৰাখিবলৈ প্ৰতি বছৰেই ১৫ আগষ্ট তাৰিখটো ভাৰতে স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত প্রধানত অহিংস, অসহযোগ তথা আইন অমান্য আন্দোলন আৰু বিভিন্ন চৰমপন্থী গোপনীয় ৰীজনৈতিক সমিতিৰ সহিংস আন্দোলনৰ পথত পৰিচালিত এক দীর্ঘ স্বাধীনতা সংগ্রামৰ অন্তত ভাৰতে স্বাধীনতা অর্জন কৰে। স্বাধীনতাৰ ঠিক আগমুহুৰ্তত ব্ৰিটিছে ভাৰতীয় সাম্রাজ্য ধর্মৰ ভিত্তিত বিভাজিত কৰে, ফলত ভাৰত আৰু পাকিস্তান অধিৰীজ্যৰ জন্ম হয়। দেশ বিভাজনৰ সময়ত ভাৰতবৰ্ষত সাম্প্রদায়িক সংঘৰ্ষ হৈছিল, যাৰ পৰিনতিত দেশ তথা দহৰ প্ৰচুৰ পৰিমাণে ক্ষতিসাধন হৈছিল। বহু মানুহ মৃত্যুমুখত পৰিছিল আৰু ডেৰ কোটিৰো অধিক মানুহ গৃহহীন হৈছিল। ১৯৪৭ বৰ্ষৰ ১৫ আগষ্টত পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত দিল্লীস্থিত লাল কিল্লাৰ লাহোৰী গেটৰ ওপৰত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে। তেতিয়াৰে পৰা প্রতি বছৰেই স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্রধানমন্ত্রীয়ে লাল কিল্লাত ত্ৰিৰংগা পতাকা উত্তোলন কৰি জাতিৰ উদ্দেশ্যে ভাষণ দি আহিছে। প্ৰসংগত, এই স্বাধীনতা এনেই অহা নাই। দেশৰ প্ৰতিটো জাতি, জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ ঐক্যবদ্ধ আন্দোলনৰ ফলশ্ৰুতিত ভাৰতে স্বাধীনতা লাভ কৰিছে। নিজ মাতৃভূমিক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ দেশৰ সৰ্বস্তৰৰ জনগণে দখলদাৰী ইংৰাজৰ বিৰুদ্ধে মৰণ পণ সংগ্ৰাম কৰি ভাৰতবৰ্ষক স্বাধীন কৰিছিল। আজি সেই স্বাধীন ভাৰতবৰ্ষত এচাম অতি ধৰ্মান্ধৰ লোক ধৰ্ম, জাত-পাতলৈ ব্যস্ত। সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ভাৰতবৰ্ষত এতিয়া যেন প্ৰজাৰ উন্নতি আৰু সুৰক্ষাতকৈ হিংসা, ঘৃণা, বিভেদ, বিদ্বেষ বিয়পোৱাটোয়েই শ্ৰেয়। আজি প্ৰশ্ন ওপজিছে, স্বাধীনতা তুমি কাৰ বাবে? হে স্বাধীনতা তুমি কি বিভিন্ন জাতি, ধৰ্মাৱলম্বীৰ মাজত থকা যাউতিযুগীয়া সম্প্ৰীতিৰ এনাজৰীডাল চিঙি থানবান কৰিব বিচৰা? তুমি কি সৰ্ব ধৰ্ম সমন্বয়ৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি আবাল বৃদ্ধ বনিতাৰ প্ৰাণ কাঢ়ি নিব বিচাৰিছা? হে স্বাধীনতা তুমি ইমান নিষ্ঠুৰ নহবাঁ? তুমি সকলো ক্ষেত্ৰতে নিৰব দৰ্শক হৈ নৰবা। নহলে তোমাৰ এই স্বাধীনতা শব্দটো হ’ব অৰ্থহীন। যিকি নহওঁক, স্বাধীনতাকামী অগণন ভাৰতীয়ৰ ত্যাগ আৰু আত্মবলীদানৰ বিনিময়ত আজাদ হোৱা ভাৰতবৰ্ষৰ আজাদী কা অমৃত মহোৎসৱৰ কাৰ্য্যসূচী চলি আছে। তাৰে অংশ হিচাপে ১৩ আগষ্টৰ পৰা হৰ ঘৰ ত্ৰিৰংগা পতাকা উত্তোলন অভিযান আৰম্ভ হৈছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সৰ্বস্তৰৰ জনগণে স্বতঃস্ফূর্তভাৱে নিজৰ নিজৰ ঘৰত ত্ৰিৰংগা পতাকা উৰুৱাই ভাৰতীয় হোৱাৰ গৌৰৱ অনুভৱ কৰিছে। দেশ তথা ৰাজ্যৰ লগতে জাগীৰোড, পৰ্বত নগৰ’ স্থিত মাহফুজুল ক্বোৰআন মাদ্ৰাছায়েও ১৩ আগষ্টৰ পৰা স্বাধীনতাৰ শৌর্য-বীর্য তথা ৰাষ্ট্ৰৰ মান-স্বাভিমান জাতীয় পতাকা উত্তোলন কৰে। যাতে ত্যাগ, শান্তি আৰু প্ৰগতিৰ প্রতিক ত্ৰিবৰনীয়া জাতীয় পতাকাখনিয়ে আকাশত উৰি তাৰ পৰাই সাম্প্ৰদায়িক সম্প্ৰীতি অক্ষুন্ন থকাৰ আশীষ দিয়ক।

ইকবাল হুছেইন