স্বাধীনতা – জ্যোতি খাটনিয়াৰ

স্বাধীনতা

জ্যোতি খাটনিয়াৰ

স্বাধীনতাৰ ধাৰণাই ভাৰতীয় মননক তাহানিৰে পৰা স্পৰ্শ কৰি আহিছে। মানুহ প্ৰকৃতাৰ্থত স্বাধীন হয় নে নহয়, এই সম্পৰ্কে বহুতো ইংগিতধৰ্মী আলোচনা উপনিষদত সিঁচৰতি হৈ আছে। স্বাধীনতা অৰ্জনৰ সৈতে কেতবোৰ অৱস্থা বা চৰ্তৰ সম্পৰ্কৰ কথা উপনিষদে কেতিয়াবাই উল্লেখ কৰি গৈছে। মানুহ কৰ্মবন্ধনৰ অধীন আৰু কর্মবন্ধনৰ পৰা মুক্ত হ’লেহে মানৱ আত্মাই স্বাধীনতা অৰ্জন কৰিব পাৰে বুলি উপনিষদত কোৱা হৈছে। মহাত্মা গান্ধীৰ নেতৃত্বত দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত স্বাধীনতাৰ ধাৰণাটোৱে এক বিশেষ তাৎপৰ্য লাভ কৰিছে। ইয়াত প্ৰধানতঃ উপনিষদত গুৰুত্ব লাভ কৰা ‘নেতি নেতি’ নামৰ যুক্তিকেই প্ৰয়োগ কৰা হৈছে। অৰ্থাৎ স্বাধীনতা এইটো নহয়, স্বাধীনতা সেইটো নহয় – এই ধৰণেৰে ইয়াক বুজিবলৈ চেষ্টা কৰা হৈছে। ভাৰতীয় স্বাধীনতা সংগ্ৰামে স্বাধীনতা অৰ্জনৰ বাবে দুটা প্ৰয়োজনীয় কথা পৃথিৱীবাসীৰ আগত ডাঙি ধৰিলে। প্ৰথমটো হ’ল সত্যাগ্ৰহ বা নিষ্ক্ৰিয় প্ৰতিৰোধ (passive resistance) আৰু দ্বিতীয়টো হ’ল অহিংসা (non-violence)। অহিংসাৰ পোষকতা স্বাধীনতা সংগ্ৰামত এইকাৰণে কৰা হৈছিল যে ই সমাজৰ সকলো স্তৰৰ ব্যক্তিৰে অংশগ্ৰহণক সুনিশ্চিত কৰিব । সেইফালৰ পৰা চাবলৈ গ’লে অহিংসা পদ্ধতি আছিল গণতান্ত্ৰিক প্ৰক্ৰিয়া এটাক সবাতোকৈ সফল ভাৱে আগুৱাই নিয়াৰ এক প্ৰচেষ্টা। দ্বিতীয়তে, হিংসাত্মক পদ্ধতিৰে অৰ্জন কৰা স্বাধীনতাৰ সীমাবদ্ধতা হ’ল এয়ে যে সমাজৰ সৰহ সংখ্যক নিৰস্ত্ৰ লোকেই এচাম অস্ত্ৰধাৰীৰ অধীনত চিৰদিন থাকিব লাগিব। মহাত্মা গান্ধীয়ে কৈছিল যে বিশ্ববাসীক নতুনকৈ শিকাবলৈ তেওঁৰ একো নাই। সত্য আৰু অহিংসা পাহাৰ – পৰ্বতৰ দৰেই পুৰণি। অহিংসাত বিশ্বাস ৰাখি গণসংগ্ৰাম আগুৱাই নিয়াটো সহজ নহয়। অহিংসা প্ৰবল ইচ্ছাশক্তিৰ এক পুঞ্জীভূত ৰূপ। ইয়াক বাহিৰৰ পৰা শিকি আয়ত্ত পৰা বস্তু নহয়। এবাৰ মহাত্মা গান্ধীক সোধা হৈছিল যে তেওঁ দেশৰ এই বিৰাট স্বাধীনতা সংগ্ৰামত কিমানজন অহিংসাত বিশ্বাসী লোক দেখিছে। গান্ধীয়ে উত্তৰ দিছিল যে তেনে লোক মাত্ৰ এজন হে আছে। আৰু সেইজন মোহনদাস কৰমচান্দ গান্ধী। ভাৰতীয় স্বাধীনতা আন্দোলনত প্ৰয়োগ কৰা অহিংসাৰ ধাৰণাটো এক সামাজিক শক্তিলৈ ৰূপান্তৰিত হৈছিল যাৰ প্ৰাথমিক উদেশ্য আছিল সমাজ সংস্কাৰ।অহিংসাৰ পিছতেই আন যিটো কাৰ্য ব্যৱস্থাই বিশ্বৰ অগণন নিস্পেষিত জনক বাট দেখুৱাইছে , সেইটো হ’ল সত্যাগ্ৰহ বা নিষ্ক্ৰিয় প্ৰতিৰোধ। গান্ধীয়ে এই ধাৰণাটো কতো নিজৰ বুলি দাবী কৰা নাই। বৰঞ্চ এই ধাৰণাটোৰ অনুসৰণকাৰীৰূপে তেখেতে ছক্ৰেটিছ, যীশু খ্ৰীষ্ট , টলষ্টয় আদিৰ নাম লৈছিল। স্বাধীনতা সংগ্ৰামীৰূপে গান্ধীয়ে বাৰে বাৰে এইসকল মহাপুৰুষৰ আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈছিল বুলি কৈ গৈছে। প্ৰশ্ন হয়, সত্যাগ্ৰহী এজনৰ বৈশিষ্ট কি ? এই সম্পৰ্কত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাস স্পষ্ট । সত্যাগ্ৰহী এজনে চিৰকাললৈ ভয়(fear)ক বিদায় দিব। সেইবাবে তেওঁ নিজৰ বিৰুদ্ধে থিয় হোৱা ব্যক্তিকো অবিশ্বাস নকৰিব। তেওঁ সকলোকে বিশ্বাস কৰিব। তেওঁ যি ব্যক্তি বা অনুষ্ঠানৰ বিৰুদ্ধে সত্যাগ্ৰহ কৰিছে , সেই ব্যক্তি বা অনুষ্ঠানে তেওঁক ২০ বাৰ বিশ্বাসঘাটকতা কৰিলেও তেওঁ ২০ বাৰেই সেইসকলক বিশ্বাস কৰিব। কাৰণ মানৱ প্ৰকৃতিৰ সততা বা সৎ গুণত এজন সত্যাগ্ৰহীৰ অবিচল আস্থা থাকিব লাগিব। সকলো সময়তে এজন সত্যাগ্ৰহী বিবেকৰ দ্বাৰা পৰিচালিত হ’ব। যিহেতু প্ৰত্যক্ষ কাৰ্যব্যৱস্থা (direct action) ৰূপে সত্যাগ্ৰহক সবাতোকৈ শক্তিশালী ৰূপত ভবা হয়, সেই বাবে এজন সত্যাগ্ৰহীয়ে এই ব্যৱস্থা অৱলম্বন কৰা আগতে আন সকলো কৌশল প্ৰয়োগ কৰি চাব লাগিব। তেনে কৌশলসমূহ সফল নহ’লেহে এজন ব্যক্তিয়ে সত্যাগ্ৰহৰ পথত আহবাঢ়িব। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এই ধাৰণাটোয়ে পৰৱৰ্তী সময়ত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ নেলছন মেণ্ডেলাক গভীৰ ভাৱে অনুপ্ৰাণিত কৰিছিল। ডেকা বয়সত মেণ্ডেলাই কিছু পৰিমাণে হিংসাৰ পথ লৈছিল। ইয়াৰ কাৰণৰূপে মেণ্ডেলাই কৈছিল যে : ” The government has left us with no other choice.” কিন্তু ২৭ বছৰ কাৰাগাৰত কটোৱাৰ পিছত আৰু এই কাৰাগাৰত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ পুৰোধা গান্ধীজীৰ ৰচনাসমূহ পঢ়ি মেণ্ডেলাৰ মনলৈ এক গভীৰ পৰিবৰ্তন নামি আহিছিল। গান্ধীৰ ধাৰণাত সত্যাগ্ৰহী এজন সদায় যুঁজিবলৈ সাজু থাকিব লাগিব ; কিন্তু তেওঁ শান্তিৰ বাবেও সমানেই প্ৰস্তুত থাকিব লাগিব। যেতিয়াই মৰ্য্যাদাপূৰ্ণ শান্তি স্থাপনৰ সুযোগ আহিব, সত্যাগ্ৰহী জনে সম্পূৰ্ণ উদাৰ হৃদয়েৰে তাক গ্ৰহণ কৰিব লাগিব। সত্যাগ্ৰহী এজনে সদায় নিজকে বিভিন্ন পৰীক্ষাৰ মাজেৰে লৈ যাব লাগিব। যেতিয়াই তেওঁ যিকোনো ত্ৰুটি দেখা পাব, তাক তেওঁ ততালিকে শুধৰাই ল’ব। বাইবেলৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈ গান্ধীজীয়ে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা সত্যাগ্ৰহীসকলক উদ্দেশ্যি কৈছিল যে সত্যাগ্ৰহী এজনৰ ঈশ্বৰত থাকিব লাগিব জীৱন্ত বিশ্বাস। ঈশ্বৰ হ’ল তেওঁৰ বাবে বিশ্বাসৰ একমাত্ৰ পবিত্ৰ শিলা (his only Rock) ।ভাৰতীয় সংগ্ৰামৰ সত্যাগ্ৰহীৰ এই ধাৰণাটো আৰু ইয়াৰ সৈতে জড়িত পবিত্ৰ পৰিক্ৰমাই কুৰি শতিকাৰ মহান সংগ্ৰামী নেলছন মেণ্ডেলা আৰু মাৰ্টিন লুথাৰ কিঙক গভীৰভাবে চুইছিল। তেওঁলোক দুয়োজনে সত্যাগ্ৰহক ব্যক্তিগত জীৱন আৰু সামাজিক জীৱন দুয়োটাতে প্ৰয়োগ কৰিছিল।ভাৰতীয় স্বাধীনতা সংগ্ৰামে অহিংসাক সৰ্বশ্ৰেষ্ঠ কৌশল আৰু দৰ্শন ৰূপে ডাঙি ধৰিছে। এই অহিংসাৰ ধাৰণাই অন্তৰ পৰিবৰ্তনৰ ধাৰণাৰ সৈতে নিজকে জড়িত কৰিছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাই ইয়াক বিশেষ ভাৱে প্ৰয়োগ কৰিছিল তেওঁৰ The Truth and Reconciliation Commission নামৰ সম্পৰীক্ষণত । বৰ্ণ বৈষম্যৰ সময়ছোৱাত যিসকল লোকে নিৰপৰাধী আফ্ৰিকাৰ সাধাৰণ জনৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰিছিল , তেওঁলোকক সেই অত্যাচাৰৰ সন্মুখীন হোৱা ব্যক্তি আৰু পৰিয়ালসকলৰ ওচৰত ক্ষমা বিচৰাৰ ব্যৱস্থা কৰি দিছিল। ইয়াৰ ফলত দেশখনৰ সাধাৰণ জনৰ মাজত এক অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি হৈছিল। মাৰ্টিন লুথাৰ কিঙে ন্যায় আৰু মহত্বৰ সপক্ষে চলা যুঁজখনক ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অহিংসা আৰু সত্যাগ্ৰহৰ ব্যৱস্থাক মূল আদৰ্শ ৰূপে গ্ৰহণ কৰিছিল। উল্লেখ্য যে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত স্বাধীনতাৰ ধাৰণাৰ সম্পৰ্কে বিভিন্ন ধৰণৰ আলাপ আলোচনা চলি আছিল। ইয়াৰ ভিতৰত মানবেন্দ্ৰ নাথ ৰায়ৰ নব্য মানৱতাবাদ(New/Radical Humanism)ৰ লগত জড়িত স্বাধীনতাৰ ধাৰণা বিশেষ ভাৱে উল্লেখ্যযোগ্য। মানবেন্দ্ৰ নাথ ৰায়ৰ স্বাধীনতাৰ ধাণাই মানৱ প্ৰকৃতিত নিহিত থকা যুক্তিৰ ধাৰণাটোক বিশেষভাৱে গুৰুত্ব দিছিল। ৰায়ে বৈজ্ঞানিক মানসিকতাৰ বিকাশৰ যোগেদি সমাজলৈ পৰিবৰ্তন আহিব বুলি ভাবিছিল। তেওঁ কৈছিল যে মানুহে যুক্তিক বাদ দি জীয়াই থাকিব নোৱাৰে। তেওঁ মানৱ মনৰ আধ্যাত্মিক দিশটোক গুৰুত্ব দিয়া নাছিল। তেওঁ ক’ব খুজিছিল যে ভাৰতৰ স্বাধীনতা সংগ্ৰাম মানুহৰ যুক্তিৰ প্ৰতি আগ্ৰহৰ সৈতে জড়িত। কাৰণ স্বাধীনতা সংগ্ৰামীসকলে ভাবিছিল যে এই পথেৰে আগুৱালে এখন উন্নত ধৰণৰ সমাজ গঢ়ি উঠিব। মানবেন্দ্ৰ নাথ ৰায়ৰ মতে মানুহৰ সকলো নৈতিক আচৰণৰ আঁৰত আছে যুক্তিৰ এক অদৃশ্য শৃংখল। উল্লেখ্য যে মানবেন্দ্ৰ ৰায়ৰ চিন্তাধাৰাই লেনিনৰ দৰে বিশাল প্ৰতিভাকো বিশেষ ভাৱে আকৃষ্ট কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সফলতাই সাম্ৰাজ্যবাদক ইয়াৰ শিপালৈকে জোকাৰি গ’ল। ক্ৰমান্বয়ে স্বাধীন হ’ল ম্যানমাৰ, ইণ্ডোনেছিয়া, লিবিয়া, ঘানা, মৰক্কো, নাইজেৰিয়া, আলজেৰিয়াৰ দৰে সাম্ৰাজ্যবাদৰ কবলত পৰা দেশসমূহ। ক’ব পাৰি , সত্যাগ্ৰহ আৰু অহিংসা আধুনিক বিশ্বৰ ৰাজনীতি আৰু স্বাধীনতাৰ ধাৰণালৈ দেশৰ স্বাধীনতা সংগ্ৰামৰ সৰ্বশ্ৰেষ্ঠ দান।