স্বাধীনতা – অনামিকা কলিতা

PC - Firstcry

স্বাধীনতা

অনামিকা কলিতা, শুৱালকুছি

মোৰ প্ৰাণৰ পূজাৰ বেদীত
জ্বলালো বন্তি গছি
মাথো তোমাৰ বাবে ,
তল সৰা ফুলেৰে থাপনা পাতিছোঁ
নাজানো আৱাহন …।
ভাৰতী আইৰ
তুমিয়েই নুমলীয়া সন্তান
তোমাৰ সপোনত” স্বাধীনতা “এজাক বৰষুণ ,
বজ্ৰকন্ঠত কম্পিত ৰজনী
“স্বাধীনতাৰ” জয়গান।
“স্বৰাজ জন্মস্বত্ব অধিকাৰ ”
শান্তি বিদ্ৰোহত বিদেশীৰ বিপৰ্যয় ঘটাই
আজুৰি আনিলা ত্যাগৰ প্ৰতীক।
আজি দেশৰ মাটিত উৰিছে
স্বাভিমানৰ ত্ৰিৰংগা।
আমি “স্বাধীন “দেশৰ নাগৰিক
বিজয় ধ্বজা খনৰ সন্মান সদায়ে ৰাখিম
স্বদেশ- স্বজাতিৰ হকে নিজকে আহুতি দিয়া ,
প্ৰতিজন বীৰ শ্বহীদলৈ
যাঁচিলো প্ৰণিপাত।