স্বাধীনতাৰ ৰং – ৰিজু শইকীয়া বৰদলৈ

PC - News18

স্বাধীনতাৰ ৰং

ৰিজু শইকীয়া বৰদলৈ, মৰঙী, গোলাঘাট

আমাৰ চুক্তিবোৰ একচেতিয়া কৰি
শ্লোগানেৰে এসাগৰ জোনাক নমাই
তুমি আৰু মই
উকা দলিলত স্বাক্ষৰবদ্ধ আজি ।
ব্ৰজ কন্ঠেৰে গোৱা
দেশ আৰু জাতিৰ গানত
স্বাধীনতাৰ স্বপ্নগাঁথা ।
কলিজাৰ তেজেৰে ৰাঙলী হোৱা
কেঁচা মাটিৰ গোন্ধৰে ভৰা
মোৰ দেশৰ মানুহবোৰৰ কন্ঠত
অনিচ্ছা স্বত্বেও প্ৰতিভাত প্ৰতিশ্ৰুতি ।
লেখা আছে
অতীতৰ তেজাল বহীত
ৰঙা চিঞাহীৰে শত জোৱানৰ ত্যাগৰ কথা ।
ক’ত নিৰ্দোষীৰ মৃত্যুৰ যাতনা!
আইৰ বুকু উদং কৰা সহস্ৰ কথা ,
আৰু…
কাৰোবাৰ শিৰৰ সেন্দুৰৰ দামৰ ব্যথা।
অঁকা আছে ছবিৰ মাজত ছবিৰ উৎস ,
কোনোবা দেৱালৰ সিপাৰে থকা
উন্মাদ জনৰ বচা বচা শব্দৰ মালা ।
তথাপিও স্বাধীন দেশৰ মানুহ বুলি
নিজকে কৰোঁ অহংকাৰ।
সময়ৰ পাকচক্রত পৰি চিঞৰি উঠোঁ
স্বাধীনতা আমাৰ কাম্য।
গাঁৱৰ শিপিনীৰ তাঁতশালৰ গৰকাত
ৰাঁচৰ শব্দ ভাঙি
ফুলি উঠা তেজাল ফুলৰ সুৱাসত
স্বাধীনতা বিচাৰি বিচাৰি
আমি আজিও পৰাধীন ।