স্বাধীনতাৰ সপোন – মানসী মিশ্ৰ

pc Harmoney Spiritual Center

স্বাধীনতাৰ সপোন

মানসী মিশ্ৰ

যোৱা ৰাতি মাজনিশাৰ সপোন এয়া
সপোনটোৱে অগাদেৱা কৰিছিল
সপোনটোৱে বগুৱা বাই ফুৰিছিল
দেৱালখনৰ তলৰ পৰা ওপৰলৈ
সপোনটোৱে চিঞৰি চিঞৰি কৈছিল
লুইচৰ পাৰত, সোৱণশিৰিৰ পাৰত
আমাক পখিলা খেদিবলৈ দিয়ানা
দিবানে আমাক খিলখিল হাঁহিবোৰ ঘূৰাই
এৰা, তোমালোকৰ নামেই নেকি স্বাধীনতা
যিয়ে আমাক সুমুৱাই দিলে সেই এন্ধাৰ গাঁতত
য’ত কেৱল মাথো ধোঁৱা, য’ত কেৱল মাথো এন্ধাৰ
আস স্বাধীনতা। তোমাৰ নামেই একবিংশ শতিকাতো
লোৰ শিকলি নেকি, যিয়ে বান্ধি পেলায়
তোমাৰ মনৰ দুৱাৰ খিৰিকি
এৰা, তোমাৰ নামেই স্বাধীনতা নেকি
য’ত তোমাৰ নিৰ্দেশত
ক্ষুধাতুৰৰ মুখৰ ৰুটীবোৰ কাঢ়ি নিয়ে
কোনোবা প্ৰবল প্ৰতাপীজনে
নাই, নাই, নাই তোমাক ওভোতাই দিয়ানা
আমাৰ মৃত্যু জীণাৰ গান
ওভোতাই দিয়া আমাক জন্মভূমিৰ তান।